--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচনাত মুখৰ হৈ পৰিল ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰ। দেশত বৰ্ধিত মূল্যবৃদ্ধি আৰু বিহাৰৰ দৰে ৰাজ্যসমূহৰ ঔদ্যোগিক অনগ্ৰসৰতাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে তেওঁ।

উল্লেখ্য যে প্ৰশান্ত কিশোৰে শেহতীয়াকৈ বিহাৰত ৰাজ্যজুৰি এটা পদযাত্ৰাত অংশ লৈ আছে। পদযাত্ৰাটোৰ অন্ত পৰিলেই কিশোৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰিব বুলি জানিব পৰা গৈছে।

পদযাত্ৰাত অংশস্বৰূপেই পশ্চিম চম্পাৰণ জিলাৰ নাৰ্কাটিয়াগঞ্জ  গাঁৱত দিয়া এটা ভাষণত তেওঁ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ভোজপুৰী ভাষাত দিয়া ভাষণটো সামাজিক মাধ্যমতো শ্বেয়াৰ কৰা হৈছে। 

''আমি হৰ হৰ মোদী ঘৰ ঘৰ মোদী চিঞৰিছিলো আৰু তেওঁ প্ৰধানমন্ত্ৰী হৈ গ’ল। তাৰপাছত আমি কি পালো?’’ ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উনুকিয়াই কিশোৰে কয় যে যদি নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰী হয় তেন্তে এটা গেছ চিলিণ্ডাৰৰ মূল্য ২০০০ টকা হ’বগৈ।

তদুপৰি বিহাৰৰ দৰে ৰাজ্যসমূহৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ বিষয়েও তেওঁ মত প্ৰকাশ কৰে। কয় যে মোদীয়ে নিজৰ গৃহৰাজ্য গুজৰাটতহে উদ্যোগ স্থাপন কৰি আহিছে।

''বিহাৰৰ ডেকাল’ৰাবোৰ গুজৰাটৰ দৰে ৰাজ্যলৈ কাৰখানাত কাম কৰিবলৈ এতিয়াও গৈ আছে।’’ - প্ৰশান্ত কিশোৰে কয়-  ''মোদীয়ে বিহাৰত চেনিকল স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইয়াৰ কোনো প্ৰতিশ্ৰুতি পালন কৰা দেখা নগ’ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু