--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচনাত মুখৰ হৈ পৰিল ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰ। দেশত বৰ্ধিত মূল্যবৃদ্ধি আৰু বিহাৰৰ দৰে ৰাজ্যসমূহৰ ঔদ্যোগিক অনগ্ৰসৰতাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে তেওঁ।

উল্লেখ্য যে প্ৰশান্ত কিশোৰে শেহতীয়াকৈ বিহাৰত ৰাজ্যজুৰি এটা পদযাত্ৰাত অংশ লৈ আছে। পদযাত্ৰাটোৰ অন্ত পৰিলেই কিশোৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰিব বুলি জানিব পৰা গৈছে।

পদযাত্ৰাত অংশস্বৰূপেই পশ্চিম চম্পাৰণ জিলাৰ নাৰ্কাটিয়াগঞ্জ  গাঁৱত দিয়া এটা ভাষণত তেওঁ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ভোজপুৰী ভাষাত দিয়া ভাষণটো সামাজিক মাধ্যমতো শ্বেয়াৰ কৰা হৈছে। 

''আমি হৰ হৰ মোদী ঘৰ ঘৰ মোদী চিঞৰিছিলো আৰু তেওঁ প্ৰধানমন্ত্ৰী হৈ গ’ল। তাৰপাছত আমি কি পালো?’’ ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উনুকিয়াই কিশোৰে কয় যে যদি নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰী হয় তেন্তে এটা গেছ চিলিণ্ডাৰৰ মূল্য ২০০০ টকা হ’বগৈ।

তদুপৰি বিহাৰৰ দৰে ৰাজ্যসমূহৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ বিষয়েও তেওঁ মত প্ৰকাশ কৰে। কয় যে মোদীয়ে নিজৰ গৃহৰাজ্য গুজৰাটতহে উদ্যোগ স্থাপন কৰি আহিছে।

''বিহাৰৰ ডেকাল’ৰাবোৰ গুজৰাটৰ দৰে ৰাজ্যলৈ কাৰখানাত কাম কৰিবলৈ এতিয়াও গৈ আছে।’’ - প্ৰশান্ত কিশোৰে কয়-  ''মোদীয়ে বিহাৰত চেনিকল স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইয়াৰ কোনো প্ৰতিশ্ৰুতি পালন কৰা দেখা নগ’ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক