--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৃণা বিয়পোৱা প্ৰৰোচনামূলক ভাষণসমূহ ভাৰতীয় সংবিধানবিৰুদ্ধ। দেশৰ ৰাজনৈতিক নেতাসকলে হিংসাৰ প্ৰতি উদ্গনি যোগোৱা এই প্ৰৰোচনামূলক ভাষণসমূহৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়াইছে।

উচ্চতম ন্যায়ালয়ে কয় যে এইসমূহ ভাৰতীয় সংবিধান অৱমাননা কৰিছে। এইসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক।

আবেদনখনত অভিযোগকাৰীয়ে হিংসাত্মক উচটনি যোগোৱা নেতাসকলৰ প্ৰতি কোনো আইনী ব্যৱস্থা লোৱা নহয় বুলি উল্লেখ কৰিছিল। কৈছিল যে ভাৰতীয় সংবিধানত এইসমূহৰ বিৰুদ্ধে কেইবাটাও ধাৰা আছে যদিও এইসমূহ কাৰ্যকৰী কৰা হোৱা নাই।

উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানিত কয় যে এতিয়া একৈশ শতিকা। এই একৈশ শতিকাতো ধৰ্মৰ নামত হিংসা চলি আছে। ধৰ্মনিৰপক্ষেক্ষ এখন দেশৰ বাবে ই অত্যন্ত আশ্বৰ্যজনক।

এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দেশৰ সংবিধানক সোঁৱৰে। কয় যে সংবিধানে ভাৰতক এখন কল্যাণকামী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সকলোকে স্বাধিনতা প্ৰদান কৰিছে। দেশৰ অখণ্ডতাকো সংবিধানে এইদৰেই ব্যাখ্যা কৰিছে।

তদুপৰি, শুনানিত ন্যায়ালয়ে ঘৃণা বিয়পোৱা নেতা তথা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে। কয় যে ইয়াৰ দ্বাৰা দেশৰ সংবিধানক সুৰক্ষিত কৰিব পৰা যাব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান