--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৃণা বিয়পোৱা প্ৰৰোচনামূলক ভাষণসমূহ ভাৰতীয় সংবিধানবিৰুদ্ধ। দেশৰ ৰাজনৈতিক নেতাসকলে হিংসাৰ প্ৰতি উদ্গনি যোগোৱা এই প্ৰৰোচনামূলক ভাষণসমূহৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়াইছে।

উচ্চতম ন্যায়ালয়ে কয় যে এইসমূহ ভাৰতীয় সংবিধান অৱমাননা কৰিছে। এইসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক।

আবেদনখনত অভিযোগকাৰীয়ে হিংসাত্মক উচটনি যোগোৱা নেতাসকলৰ প্ৰতি কোনো আইনী ব্যৱস্থা লোৱা নহয় বুলি উল্লেখ কৰিছিল। কৈছিল যে ভাৰতীয় সংবিধানত এইসমূহৰ বিৰুদ্ধে কেইবাটাও ধাৰা আছে যদিও এইসমূহ কাৰ্যকৰী কৰা হোৱা নাই।

উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানিত কয় যে এতিয়া একৈশ শতিকা। এই একৈশ শতিকাতো ধৰ্মৰ নামত হিংসা চলি আছে। ধৰ্মনিৰপক্ষেক্ষ এখন দেশৰ বাবে ই অত্যন্ত আশ্বৰ্যজনক।

এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দেশৰ সংবিধানক সোঁৱৰে। কয় যে সংবিধানে ভাৰতক এখন কল্যাণকামী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সকলোকে স্বাধিনতা প্ৰদান কৰিছে। দেশৰ অখণ্ডতাকো সংবিধানে এইদৰেই ব্যাখ্যা কৰিছে।

তদুপৰি, শুনানিত ন্যায়ালয়ে ঘৃণা বিয়পোৱা নেতা তথা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে। কয় যে ইয়াৰ দ্বাৰা দেশৰ সংবিধানক সুৰক্ষিত কৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement