--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ম্যে ঝুকেগা নেহী’- কেনো কামতেই তল নপৰা অভিনেতাজনে সাংসাৰিক জীৱনৰ দায়িত্বকো এৰাই চলিব নোৱাৰে৷ আমি ক’ব বিচাৰিছো ‘দ্য পুষ্পা: দ্য ৰাইজ’ৰ অভিনেতা আল্লু অৰ্জুনৰ কথা৷ অভিনেতাগৰাকীয়ে বৈবাহিক জীৱনৰ ১১টা বছৰ সম্পূৰ্ণ কৰিলে৷ এই মুহূৰ্তত তেওঁ শ্বেয়াৰ কৰে কিছুসংখ্যক ফটো৷ এই ফটোসমূহে আপ্লুত কৰিছে অভিনেটাগৰাকীৰ অনুৰাগীক৷ মেগাষ্টাৰ আল্লু অৰ্জুনে ৬ মাৰ্চত তেওঁৰ পত্নী স্নেহা ৰেড্ডীৰ সৈতে বিবাহৰ ১১টা আনন্দময় বছৰ সম্পূৰ্ণ হোৱাৰ বাবে উদযাপন কৰিছে। তাৰকাজনে বাৰ্ষিকী উদযাপনৰ মধুময় মুহূৰ্তৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইনষ্টাগ্ৰামত টলিউডৰ ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ পত্নী আৰু সন্তান আৰহা আৰু আয়ানক লৈ এখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছে। আল্লু অৰ্জুন আৰু তেওঁৰ পত্নী স্নেহাই ক’লা ৰঙৰ পোছাক পৰিধান কৰিছিল, পুত্ৰ আয়ানে বগা টি-চাৰ্ট পিন্ধিছিল, আৰু জীয়েক শ্বেনাই নীলা প্ৰিণ্টেড টি-চাৰ্ট পিন্ধিছিল। ছবিখনত আল্লু, স্নেহা আৰু তেওঁলোকৰ দুয়োটা সন্তানে এক মধুময় মুহূৰ্তৰ ছবিখনে আকৰ্ষণ কৰিছে তাৰকাগৰাকীৰ অনুৰাগীক৷ ফটোখনত দেখিবলৈ পোৱা গৈছিল যে, সকলোৱে হাঁহি আছিল আৰু এটা বিশাল ডাৰ্ক চকলেট কেক কাটি থকা দেখা গৈছে। ১১সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰি অভিনেতাগৰাকীয়ে পত্নীৰ বাবে এটা মিঠা টোকা লিখি পোষ্ট কৰিছিল, ‘শুভ বাৰ্ষিকী কিউটি। ১১ বছৰৰ একেলগে’৷ তেওঁ আনকি #এএফেমিলী নামৰ হেছটেগটো ব্যৱহাৰ কৰিছিল। ফটোখন শ্বেয়াৰ হোৱাৰ লগে লগে, অনুৰাগীসকলে পোষ্টটো লাইক আৰু মন্তব্যৰে প্লাৱিত কৰে। পোষ্ট কৰাৰ এঘণ্টাৰ ভিতৰতে ই ৫.৩ নিযুততকৈয়ো অধিক লাইক লাভ কৰিছিল। বহুসংখ্যক অনুৰাগীয়ে মন্তব্য শাখাত অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল। এজন অনুৰাগীয়ে লিখিছিল, ‘আপোনালোক দুয়োকে বাৰ্ষিকীৰ শুভেচ্ছা। তোমাক বহুত ভাল পাওঁ। আনএজনে লিখিছিল, ‘শুভ বাৰ্ষিকী আন্না।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু