--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

বিগতযৌৱনা নায়িকাই এতিয়াও আলোকিত কৰি আছে বলীউডক

ডিজিটেল ডেস্ক : বহু বিগত যৌৱনা অভিনেত্ৰীৰ দেহৰ জ্যোতিয়ে এতিয়াও বলীউডৰ জগতখনক কৰি ৰাখিছে আলোকোজ্জ্বল। ৪০ ডেওনা পাৰ হোৱাৰ পাছতো বহুকেইগৰাকী তৰকাৰ অভিনেত্ৰীয়ে তেওঁলোকৰ শৰীৰী সুষমাৰে আজিও চমকিত কৰি ৰাখিছে তেওঁলোকৰ লক্ষ লক্ষ অনুৰাগীক। শিল্পা শেট্টী, মালাইকা অৰোৰা, সুস্মিতা সেনৰ পৰা আমিষা পেটেললৈকে ইগৰাকীৰ পাছত সিগৰাকী অভিনেত্ৰীয়ে তেওঁলোকৰ ঈৰ্ষণীয় ফিটনেছ আৰু সৌন্দৰ্যৰে আজিও যিকোনো ষোড়শীৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈ আহিছে। দিন বাগৰাৰ লগে লগে, বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ সৌন্দৰ্য আৰু কমনীয়তা যেন বাঢ়িহে গৈছে। এইসকল অভিনেত্ৰীৰ তালিকাত স্থান লাভ কৰা এগৰাকী অভিনেত্ৰী হৈছে আমিষা পেটেল। আমিষাই শেহতীয়াকৈ তেওঁৰ হট অৱতাৰেৰে জুই জ্বলাইছে অনুৰাগীসকলৰ অন্তৰত। অমিষা পেটেলে বয়সৰ লেখেৰে ৪৫ত উপনীত হ’লেও তেওঁৰ দেহৰ জ্যোতি এতিয়াও হৈ আছে যিকোনো নৱযৌৱনা নায়িকাৰ দৰেই। শেহতীয়াকৈ গডৰ-২ চিনেমাক শ্বুটিঙৰ ব্যস্ত থকা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শৰীৰ সুষমাৰেও মোহিত কৰি ৰাখিছে অনুৰাগীসকলক। তেওঁৰ অনুৰাগীসকল এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ ছুইমিং পুলৰ এটা ভিডিঅ’ক লৈ। দীঘলীয়া বিৰতিৰ পাছত গডৰ-২ৰে বলীউডলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হোৱা অমিষাই পিছে ছ’চিয়েল মিডিয়াত সংক্ৰিয়তাৰে অনুৰাগীৰ মন জয় কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ বিকিনি পৰিহিত ছুইমিং পুলৰ এটা ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰিছে। বিকিনি পৰিহিতা আমিষাৰ দেহ স্ফূলিংগই যেন জুই লগাইছে ছুইমিং পুলৰ পানীতো। অলপতে আমিষাই তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ফ্ল’ৰেল বিকিনি পিন্ধি জলকেলি কৰা আমিষাৰ ৰূপ লাৱণ্যই সকলোৰে অন্তৰত খলকনি তুলিছে। ৪৫বছৰ বয়সতো তেওঁৰ নিমজ দেহ আৰু উদ্দীপক দেহকথাই যেন সকলোকে আকুল কৰিহে তুলিছে। ভিজা দেহ-মূৰ জোকাৰি পুলৰ পৰা উঠি অহা আমিষা যেন কোনো এক জলপৰীৰহে জীৱন্ত এটা ৰূপ। তেওঁৰ অনুৰাগীসকলে তেওঁক সকলো ৰূপতেই পচন্দ কৰে যদিও তেওঁৰ এই বিকিনি অৱতাৰে সকলোকে চমকিত কৰি তুলিছে। আঢ়ৈ কুৰিৰ দেওনা পাৰ হোৱাৰ পাছতো তেওঁৰ যি সুষম দেহভংগী সেয়া বহু অভিনেত্ৰীৰ বাবে হৈ পৰিছে ঈৰ্ষাৰ কাৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement