--°C
Loading...
Listen to Article
2 min read
80%

বিগতযৌৱনা নায়িকাই এতিয়াও আলোকিত কৰি আছে বলীউডক

ডিজিটেল ডেস্ক : বহু বিগত যৌৱনা অভিনেত্ৰীৰ দেহৰ জ্যোতিয়ে এতিয়াও বলীউডৰ জগতখনক কৰি ৰাখিছে আলোকোজ্জ্বল। ৪০ ডেওনা পাৰ হোৱাৰ পাছতো বহুকেইগৰাকী তৰকাৰ অভিনেত্ৰীয়ে তেওঁলোকৰ শৰীৰী সুষমাৰে আজিও চমকিত কৰি ৰাখিছে তেওঁলোকৰ লক্ষ লক্ষ অনুৰাগীক। শিল্পা শেট্টী, মালাইকা অৰোৰা, সুস্মিতা সেনৰ পৰা আমিষা পেটেললৈকে ইগৰাকীৰ পাছত সিগৰাকী অভিনেত্ৰীয়ে তেওঁলোকৰ ঈৰ্ষণীয় ফিটনেছ আৰু সৌন্দৰ্যৰে আজিও যিকোনো ষোড়শীৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈ আহিছে। দিন বাগৰাৰ লগে লগে, বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ সৌন্দৰ্য আৰু কমনীয়তা যেন বাঢ়িহে গৈছে। এইসকল অভিনেত্ৰীৰ তালিকাত স্থান লাভ কৰা এগৰাকী অভিনেত্ৰী হৈছে আমিষা পেটেল। আমিষাই শেহতীয়াকৈ তেওঁৰ হট অৱতাৰেৰে জুই জ্বলাইছে অনুৰাগীসকলৰ অন্তৰত। অমিষা পেটেলে বয়সৰ লেখেৰে ৪৫ত উপনীত হ’লেও তেওঁৰ দেহৰ জ্যোতি এতিয়াও হৈ আছে যিকোনো নৱযৌৱনা নায়িকাৰ দৰেই। শেহতীয়াকৈ গডৰ-২ চিনেমাক শ্বুটিঙৰ ব্যস্ত থকা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শৰীৰ সুষমাৰেও মোহিত কৰি ৰাখিছে অনুৰাগীসকলক। তেওঁৰ অনুৰাগীসকল এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ ছুইমিং পুলৰ এটা ভিডিঅ’ক লৈ। দীঘলীয়া বিৰতিৰ পাছত গডৰ-২ৰে বলীউডলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হোৱা অমিষাই পিছে ছ’চিয়েল মিডিয়াত সংক্ৰিয়তাৰে অনুৰাগীৰ মন জয় কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ বিকিনি পৰিহিত ছুইমিং পুলৰ এটা ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰিছে। বিকিনি পৰিহিতা আমিষাৰ দেহ স্ফূলিংগই যেন জুই লগাইছে ছুইমিং পুলৰ পানীতো। অলপতে আমিষাই তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ফ্ল’ৰেল বিকিনি পিন্ধি জলকেলি কৰা আমিষাৰ ৰূপ লাৱণ্যই সকলোৰে অন্তৰত খলকনি তুলিছে। ৪৫বছৰ বয়সতো তেওঁৰ নিমজ দেহ আৰু উদ্দীপক দেহকথাই যেন সকলোকে আকুল কৰিহে তুলিছে। ভিজা দেহ-মূৰ জোকাৰি পুলৰ পৰা উঠি অহা আমিষা যেন কোনো এক জলপৰীৰহে জীৱন্ত এটা ৰূপ। তেওঁৰ অনুৰাগীসকলে তেওঁক সকলো ৰূপতেই পচন্দ কৰে যদিও তেওঁৰ এই বিকিনি অৱতাৰে সকলোকে চমকিত কৰি তুলিছে। আঢ়ৈ কুৰিৰ দেওনা পাৰ হোৱাৰ পাছতো তেওঁৰ যি সুষম দেহভংগী সেয়া বহু অভিনেত্ৰীৰ বাবে হৈ পৰিছে ঈৰ্ষাৰ কাৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু