--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্ৰীকৃষ্ণৰ প্ৰিয় ময়ুৰৰ পাখি যিমানেই ধুনীয়া আৰু আকৰ্ষণীয়, সিমানেই ইয়াৰ প্ৰতিকাৰো উপকাৰী। ইয়াৰ অবিহনে শ্ৰীকৃষ্ণৰ পূজা সম্পূৰ্ণ নহয়। ঘৰত ময়ুৰৰ পাখি ৰাখিলেও অপশক্তি ধ্বংস হয়। জ্যোতিষশাস্ত্ৰৰ মতে ময়ূৰ পাখিৰ প্ৰতিকাৰ গ্ৰহণ কৰিলে বহু সমস্যাৰ পৰা মুক্তি পায়। ময়ুৰৰ পাখিৰ সৈতে জড়িত কেইটামান প্ৰতিকাৰৰ বিষয়ে জানো আহক।

 ১. শত্ৰু জয়-

যদি কোনো বিশেষ ব্যক্তিয়ে আপোনাক অসুবিধা দিয়ে, তেন্তে মঙলবাৰ বা শনিবাৰে ময়ুৰৰ পাখিত হনুমানজীৰ মূৰৰ সেন্দূৰেৰে তাৰ নামটো লিখক। নিশাটো পূজাস্থলীত ৰাখিব আৰু পাছদিনা পুৱা বৈ থকা পানীত প্ৰৱাহিত কৰি দিয়ক। মনত ৰাখিব এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো গোপনে কৰিব, দেখিব আপোনাৰ শত্ৰু বন্ধু হৈ পৰিছে।

 ২. ধন লাভ-

ধন লাভৰ বাবে ময়ুৰৰ পাখিৰ কৌশল অতি ফলপ্ৰসূ। ইয়াৰ বাবে ৰাধাকৃষ্ণ মন্দিৰত এটা ময়ুৰৰ পাখি স্থাপন কৰিব লাগে। দৈনিক পূজা কৰক আৰু তাৰ ৪০দিনৰ পাছত আপোনাৰ ধন থোৱা ঠাইত ৰাখক। এনে কৰিলে বহুদিন ধৰি স্থবিৰ হৈ থকা কাম সফল হোৱাৰ লগতে ধন-সম্পদ বৃদ্ধি হ’ব।

 ৩. কালসৰ্প দোষ-

পৌৰাণিক বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণই কালসৰ্প দোষৰ পৰা মুক্তি পাবলৈ মুকুটত ময়ুৰৰ পাখি পিন্ধিছিল। ময়ুৰৰ সাপৰ লগত শত্ৰুতা আছে, গতিকে কালসৰ্প দোষত ভোগা লোকসকলে গাৰু কভাৰত ৭টা ময়ুৰৰ পাখি লগাই তাৰ ওপৰত শুব লাগে। কালসৰ্প দোষ আঁতৰোৱাত এই টিপছ অতি ফলপ্ৰসূ।

 ৪. গ্ৰহশান্তি-

গ্ৰহৰ কু-প্ৰভাৱ পৰা ৰক্ষা পাবলৈ যিটো গ্ৰহৰ কুপ্ৰভাৱ পৰিছে সেই গ্ৰহৰ নাম লৈ ২১বাৰ মন্ত্ৰ জপ কৰি ময়ুৰৰ পাখিত পানী ছটিয়াই দিয়ক। ইয়াৰ পাছত পূজাস্থলীত সেই পাখিটো ৰাখক, কিছুদিনৰ পাছত তাৰ অলৌকিক ফল দেখা পাব।

 ৫. নজৰ লগা-

নৱজাত শিশুৰ নজৰ বহুত লাগে, এনে অৱস্থাত শিশুক বেয়া নজৰৰ পৰা ৰক্ষা কৰিবলৈ ৰূপৰ তাবিজত ময়ুৰৰ পাখি ভৰাই মূৰত শিতানত থৈ দিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ