--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্ৰীকৃষ্ণৰ প্ৰিয় ময়ুৰৰ পাখি যিমানেই ধুনীয়া আৰু আকৰ্ষণীয়, সিমানেই ইয়াৰ প্ৰতিকাৰো উপকাৰী। ইয়াৰ অবিহনে শ্ৰীকৃষ্ণৰ পূজা সম্পূৰ্ণ নহয়। ঘৰত ময়ুৰৰ পাখি ৰাখিলেও অপশক্তি ধ্বংস হয়। জ্যোতিষশাস্ত্ৰৰ মতে ময়ূৰ পাখিৰ প্ৰতিকাৰ গ্ৰহণ কৰিলে বহু সমস্যাৰ পৰা মুক্তি পায়। ময়ুৰৰ পাখিৰ সৈতে জড়িত কেইটামান প্ৰতিকাৰৰ বিষয়ে জানো আহক।

 ১. শত্ৰু জয়-

যদি কোনো বিশেষ ব্যক্তিয়ে আপোনাক অসুবিধা দিয়ে, তেন্তে মঙলবাৰ বা শনিবাৰে ময়ুৰৰ পাখিত হনুমানজীৰ মূৰৰ সেন্দূৰেৰে তাৰ নামটো লিখক। নিশাটো পূজাস্থলীত ৰাখিব আৰু পাছদিনা পুৱা বৈ থকা পানীত প্ৰৱাহিত কৰি দিয়ক। মনত ৰাখিব এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো গোপনে কৰিব, দেখিব আপোনাৰ শত্ৰু বন্ধু হৈ পৰিছে।

 ২. ধন লাভ-

ধন লাভৰ বাবে ময়ুৰৰ পাখিৰ কৌশল অতি ফলপ্ৰসূ। ইয়াৰ বাবে ৰাধাকৃষ্ণ মন্দিৰত এটা ময়ুৰৰ পাখি স্থাপন কৰিব লাগে। দৈনিক পূজা কৰক আৰু তাৰ ৪০দিনৰ পাছত আপোনাৰ ধন থোৱা ঠাইত ৰাখক। এনে কৰিলে বহুদিন ধৰি স্থবিৰ হৈ থকা কাম সফল হোৱাৰ লগতে ধন-সম্পদ বৃদ্ধি হ’ব।

 ৩. কালসৰ্প দোষ-

পৌৰাণিক বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণই কালসৰ্প দোষৰ পৰা মুক্তি পাবলৈ মুকুটত ময়ুৰৰ পাখি পিন্ধিছিল। ময়ুৰৰ সাপৰ লগত শত্ৰুতা আছে, গতিকে কালসৰ্প দোষত ভোগা লোকসকলে গাৰু কভাৰত ৭টা ময়ুৰৰ পাখি লগাই তাৰ ওপৰত শুব লাগে। কালসৰ্প দোষ আঁতৰোৱাত এই টিপছ অতি ফলপ্ৰসূ।

 ৪. গ্ৰহশান্তি-

গ্ৰহৰ কু-প্ৰভাৱ পৰা ৰক্ষা পাবলৈ যিটো গ্ৰহৰ কুপ্ৰভাৱ পৰিছে সেই গ্ৰহৰ নাম লৈ ২১বাৰ মন্ত্ৰ জপ কৰি ময়ুৰৰ পাখিত পানী ছটিয়াই দিয়ক। ইয়াৰ পাছত পূজাস্থলীত সেই পাখিটো ৰাখক, কিছুদিনৰ পাছত তাৰ অলৌকিক ফল দেখা পাব।

 ৫. নজৰ লগা-

নৱজাত শিশুৰ নজৰ বহুত লাগে, এনে অৱস্থাত শিশুক বেয়া নজৰৰ পৰা ৰক্ষা কৰিবলৈ ৰূপৰ তাবিজত ময়ুৰৰ পাখি ভৰাই মূৰত শিতানত থৈ দিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু