--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঘৱ চাদ্ধাৰ সৈতে বিয়া হোৱাৰ পিছতে স্বামীৰ সৈতে একেলগে থাকিবলৈ পৰিণীতি চোপ্ৰা সাজু হৈছে। কিন্তু ইয়াৰ মাজতে আহিছে এটা বেয়া খবৰ।  বাতৰি ওলাইছে যে আপ নেতা ৰাঘৱ চাদ্ধাই তেওঁৰ চৰকাৰী টাইপ-৭   বাংলোটো খালী কৰিব লাগিব। আদালতে ৰাঘৱ চাদ্ধাক  টাইপ ৭ বাংলোটো খালী কৰিবলৈ নিৰ্দেশ দিছে। 


 আম আদমী পাৰ্টিৰ (আপ) নেতা ৰাঘৱ চাদ্ধাই    তেওঁৰ টাইপ ৭  চৰকাৰী বাংলোটো খালী কৰিবলগীয়া হোৱাত পৰিণীতিয়ে এতিয়া সেই ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে, ৰাঘৱ চাদ্ধাই  কয় যে কোনো কাৰণ  অবিহনেই তেওঁৰ  চৰকাৰী আৱাসৰ আৱণ্টন বাতিল কৰা হৈছে। উল্লেখ্য চাদ্ধাৰ উক্ত চৰকাৰী আবাসৰ আবণ্টন বাতিল কৰাৰ পিছত চাদ্ধাই সকাহ বিচাৰি আদালতৰ কাষ চাপিছিল। চাদ্ধাক ২০২২ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ পাণ্ডাৰা ৰোডত থকা টাইপ ৭ চৰকাৰী বাংলোটো আবণ্টন কৰা হৈছিল।





 কিন্তু পিছত চৰকাৰে কৈছিল যে এগৰাকী সাংসদে সেই ঘৰ পাব নোৱাৰে। অৰ্থাৎ সেই ঘৰটোত থাকিব পৰাৰ যোগ্যতা চাদ্ধাৰ নাই। সেয়ে তেওঁক চৰকাৰে আন এটা ফ্লেট আবণ্টন দিছিল।  ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ সমগ্ৰ কাৰ্যকালত চৰকাৰী বাংলোৰ দখল বজাই ৰখাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ আছে। কিন্তু তেওঁ তেওঁৰ পদমৰ্যদাৰ জোখাৰে বাংলো পাব। অতিৰিক্ত  জিলা ন্যায়াধীশ সুধাংশু কৌশিকে ১৮ এপ্ৰিলত ৰাজ্যসভা সচিবালয়ক চৰকাৰী বাংলোৰ পৰা চাদ্ধাক উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়া অন্তৱৰ্তীকালীন আদেশ বাতিল কৰি এই মন্তব্য কৰিছিল। চাদ্ধাই ইয়াৰ পিছত পুনৰ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও আদালতে তেওঁক সকাহ নিদিলে। ইপিনে চৰকাৰে কৈছে যে পদ মৰ্যদা অনুসৰি চাদ্ধাই টাইপ ৭ৰ সলনি টাইপ ৬ শ্ৰেণীৰহে বাংলো লাভ কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ