--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঘৱ চাদ্ধাৰ সৈতে বিয়া হোৱাৰ পিছতে স্বামীৰ সৈতে একেলগে থাকিবলৈ পৰিণীতি চোপ্ৰা সাজু হৈছে। কিন্তু ইয়াৰ মাজতে আহিছে এটা বেয়া খবৰ।  বাতৰি ওলাইছে যে আপ নেতা ৰাঘৱ চাদ্ধাই তেওঁৰ চৰকাৰী টাইপ-৭   বাংলোটো খালী কৰিব লাগিব। আদালতে ৰাঘৱ চাদ্ধাক  টাইপ ৭ বাংলোটো খালী কৰিবলৈ নিৰ্দেশ দিছে। 


 আম আদমী পাৰ্টিৰ (আপ) নেতা ৰাঘৱ চাদ্ধাই    তেওঁৰ টাইপ ৭  চৰকাৰী বাংলোটো খালী কৰিবলগীয়া হোৱাত পৰিণীতিয়ে এতিয়া সেই ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে, ৰাঘৱ চাদ্ধাই  কয় যে কোনো কাৰণ  অবিহনেই তেওঁৰ  চৰকাৰী আৱাসৰ আৱণ্টন বাতিল কৰা হৈছে। উল্লেখ্য চাদ্ধাৰ উক্ত চৰকাৰী আবাসৰ আবণ্টন বাতিল কৰাৰ পিছত চাদ্ধাই সকাহ বিচাৰি আদালতৰ কাষ চাপিছিল। চাদ্ধাক ২০২২ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ পাণ্ডাৰা ৰোডত থকা টাইপ ৭ চৰকাৰী বাংলোটো আবণ্টন কৰা হৈছিল।





 কিন্তু পিছত চৰকাৰে কৈছিল যে এগৰাকী সাংসদে সেই ঘৰ পাব নোৱাৰে। অৰ্থাৎ সেই ঘৰটোত থাকিব পৰাৰ যোগ্যতা চাদ্ধাৰ নাই। সেয়ে তেওঁক চৰকাৰে আন এটা ফ্লেট আবণ্টন দিছিল।  ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ সমগ্ৰ কাৰ্যকালত চৰকাৰী বাংলোৰ দখল বজাই ৰখাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ আছে। কিন্তু তেওঁ তেওঁৰ পদমৰ্যদাৰ জোখাৰে বাংলো পাব। অতিৰিক্ত  জিলা ন্যায়াধীশ সুধাংশু কৌশিকে ১৮ এপ্ৰিলত ৰাজ্যসভা সচিবালয়ক চৰকাৰী বাংলোৰ পৰা চাদ্ধাক উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়া অন্তৱৰ্তীকালীন আদেশ বাতিল কৰি এই মন্তব্য কৰিছিল। চাদ্ধাই ইয়াৰ পিছত পুনৰ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও আদালতে তেওঁক সকাহ নিদিলে। ইপিনে চৰকাৰে কৈছে যে পদ মৰ্যদা অনুসৰি চাদ্ধাই টাইপ ৭ৰ সলনি টাইপ ৬ শ্ৰেণীৰহে বাংলো লাভ কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু