--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটৰ খং উঠিছে। এইবাৰ খং তেওঁৰ নিজৰ মানুহ খিনিকলৈয়েই উঠিছে।  কংগনাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা  কাহিনী শ্বেয়াৰ কৰিছে।  কংগনাই প্ৰয়াত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ সৈতে নিজকে কেনেদৰে তুলনা কৰিছিল সেই বিষয়ে   এটা দীঘলীয়া বৰ্ণনামূলক কাহিনী লিখিছে। কাহিনীটো  অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনিদিনীয়া বিশাল বিবাহপূৰ্ব  অনুষ্ঠানৰ পিছতে  কংগনাই শ্বেয়াৰ কৰিছে। 

কংগনাই  ডেক্কান হেৰাল্ডত  প্ৰকাশিত এটা বাতৰি শ্বেয়াৰ কৰি  লিখিছে , "তেওঁলোকে মোক ৫ মিলিয়ন দিলেও মই নাযাওঁ:  লতা মংগেশকাৰেও বিয়াৰ অনুষ্ঠানত গান গাবলৈ অস্বীকাৰ কৰিছিল।" কংগনা ৰাণাৱটে  নিজকে কিংবদন্তি গায়িকাগৰাকীৰ সৈতে  তুলনা কৰি এনেদৰে লিখিছে। কংগনাই লগতে লিখিছে "মই অতি শোচনীয় বিত্তীয় বিপৰ্যয়ৰ মাজেৰে দিন  পাৰ কৰিছো, কিন্তু লতা জী আৰু ময়েই  মাত্ৰ দুগৰাকী ব্যক্তি  যাৰ বহু  হিট সৃষ্টি আছে (ফেশ্বন কা জলৱা, ঘানি বাউলি হো গয়ী, লণ্ডন থুমকদা, চাদি গলি, বিজয় ভৱা ইত্যাদি)।

কংগনাই আৰু লিখিছে, "কিন্তু  যিমানেই প্ৰলোভন নাপাওঁ কিয়,  মই কেতিয়াও বিয়াত নচা নাছিলো, বহু চুপাৰ হিট আইটেম গানো মোক আগবঢ়োৱা হৈছিল,মই পুৰস্কাৰ প্ৰদান অনুষ্ঠানবোৰো এৰাই চলিছিলো। খ্যাতি আৰু ধনক না ক'বলৈ শক্তিশালী চৰিত্ৰ আৰু মৰ্যাদাৰ প্ৰয়োজন’’।
যিটো সময়ত  অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিশাল বিবাহপূৰ্ব অনুষ্ঠানটোৰ ছবিআৰু খবৰে  সমগ্ৰ ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে সেই সময়তে কংগনাৰ এনে পোষ্টে আলোড়ণৰ সৃষ্টি কৰিছে। 

উল্লেখ্য অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য পৰিবেশন কৰাসকলৰ  তালিকাখনত অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, চলমন খান, আমিৰ খান, বিকি কৌশল, ৰাণী মুখাৰ্জী, কেটৰিনা কাঈফ, দীপিকা পাডুকন  ৰণবীৰ সিঙৰ দৰে  তাৰকাসকল আছে।সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, চেইফ আলী খান, কৰীণা কাপুৰ, বৰুণ ধাৱান, অনিল কাপুৰ, চাৰা আলী খান, ইব্ৰাহিম আলী খান, অনন্যা পাণ্ডে, আদিত্য ৰয় কাপুৰ আৰু বলীউডৰ অন্যান্য বিশিষ্ট তাৰকাসকলেও সেই অনুষ্ঠানত এপাক নাচি সমবেত লোকসকলক আমোদ দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু