--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটৰ খং উঠিছে। এইবাৰ খং তেওঁৰ নিজৰ মানুহ খিনিকলৈয়েই উঠিছে।  কংগনাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা  কাহিনী শ্বেয়াৰ কৰিছে।  কংগনাই প্ৰয়াত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ সৈতে নিজকে কেনেদৰে তুলনা কৰিছিল সেই বিষয়ে   এটা দীঘলীয়া বৰ্ণনামূলক কাহিনী লিখিছে। কাহিনীটো  অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনিদিনীয়া বিশাল বিবাহপূৰ্ব  অনুষ্ঠানৰ পিছতে  কংগনাই শ্বেয়াৰ কৰিছে। 

কংগনাই  ডেক্কান হেৰাল্ডত  প্ৰকাশিত এটা বাতৰি শ্বেয়াৰ কৰি  লিখিছে , "তেওঁলোকে মোক ৫ মিলিয়ন দিলেও মই নাযাওঁ:  লতা মংগেশকাৰেও বিয়াৰ অনুষ্ঠানত গান গাবলৈ অস্বীকাৰ কৰিছিল।" কংগনা ৰাণাৱটে  নিজকে কিংবদন্তি গায়িকাগৰাকীৰ সৈতে  তুলনা কৰি এনেদৰে লিখিছে। কংগনাই লগতে লিখিছে "মই অতি শোচনীয় বিত্তীয় বিপৰ্যয়ৰ মাজেৰে দিন  পাৰ কৰিছো, কিন্তু লতা জী আৰু ময়েই  মাত্ৰ দুগৰাকী ব্যক্তি  যাৰ বহু  হিট সৃষ্টি আছে (ফেশ্বন কা জলৱা, ঘানি বাউলি হো গয়ী, লণ্ডন থুমকদা, চাদি গলি, বিজয় ভৱা ইত্যাদি)।

কংগনাই আৰু লিখিছে, "কিন্তু  যিমানেই প্ৰলোভন নাপাওঁ কিয়,  মই কেতিয়াও বিয়াত নচা নাছিলো, বহু চুপাৰ হিট আইটেম গানো মোক আগবঢ়োৱা হৈছিল,মই পুৰস্কাৰ প্ৰদান অনুষ্ঠানবোৰো এৰাই চলিছিলো। খ্যাতি আৰু ধনক না ক'বলৈ শক্তিশালী চৰিত্ৰ আৰু মৰ্যাদাৰ প্ৰয়োজন’’।
যিটো সময়ত  অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিশাল বিবাহপূৰ্ব অনুষ্ঠানটোৰ ছবিআৰু খবৰে  সমগ্ৰ ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে সেই সময়তে কংগনাৰ এনে পোষ্টে আলোড়ণৰ সৃষ্টি কৰিছে। 

উল্লেখ্য অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য পৰিবেশন কৰাসকলৰ  তালিকাখনত অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, চলমন খান, আমিৰ খান, বিকি কৌশল, ৰাণী মুখাৰ্জী, কেটৰিনা কাঈফ, দীপিকা পাডুকন  ৰণবীৰ সিঙৰ দৰে  তাৰকাসকল আছে।সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, চেইফ আলী খান, কৰীণা কাপুৰ, বৰুণ ধাৱান, অনিল কাপুৰ, চাৰা আলী খান, ইব্ৰাহিম আলী খান, অনন্যা পাণ্ডে, আদিত্য ৰয় কাপুৰ আৰু বলীউডৰ অন্যান্য বিশিষ্ট তাৰকাসকলেও সেই অনুষ্ঠানত এপাক নাচি সমবেত লোকসকলক আমোদ দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ