--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাইফে বলীউডত প্ৰায় দুটা দশক কটালে। ২০০৩ চনত তেওঁ ‘বুম’ চিনেমাৰ জৰিয়তে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰে। ৰূপালী পৰ্দাত খুন্দা মৰাৰ আগতে কেটৰিনাই মডেলিং কৰিছিল। তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন ছবি সফল নহ’ল। কিন্তু ‘ময়োনে প্যাৰ কিউ কিয়া’ৰ সহায়ত তেওঁ নিশাটোৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে। বলীউডত কেটৰিনাক গাইড কৰিবলৈ কোনো নাছিল। কিন্তু দুগৰাকী নায়িকাৰ পৰা সহায় লাভ কৰিছিল। 

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ এই কথা স্পষ্ট কৰি দিছিল। বিশেষকৈ বিকি-ঘৰ্ণীয়েদুগৰাকী নায়িকা প্ৰিয়ংকা চোপ্ৰা আৰু লাৰা দত্তৰ নাম উল্লেখ কৰিছে। কেটৰিনাই কয় যে তেওঁ প্ৰিয়ংকা আৰু লাৰাৰ পৰা নৃত্যৰ প্ৰশিক্ষণ লৈছিল।

প্ৰিয়ংকা আৰু লাৰাৰ নৃত্যৰ দক্ষতা সকলোৰে পৰিচিত। দুয়োৰে পৰ্দাত নিজৰ নৃত্যৰ দৃশ্যৰে দৰ্শকক মোহিত কৰাৰ ক্ষমতা আছে। 'আইটেম ডান্স'ৰ পৰা আৰম্ভ কৰি ভাৰতীয় নৃত্য শৈলীলৈকে - দুয়োজন মাত্ৰ নিপুণ। অৱশ্যে কেটৰিনাই কয় যে তেওঁ বলীউডৰ জ্যেষ্ঠ দুগৰাকী প্ৰিয়ংকা আৰু লাৰাৰ পৰা কথক প্ৰশিক্ষণ লাভ কৰিছিল। দুয়োজনে কেটৰিনাৰ হাতত ধৰি নৃত্য শিকাইছিল।

বিগত দিনবোৰৰ কথা মনত পেলাই কেটৰিনাই কয়, ‘মই নিজকে বলীউডৰ চিনেমা এখনত কাম কৰিবলৈ প্ৰস্তুত কৰি আছিলো। হিন্দী শিকিবলৈ আৰম্ভ কৰিলোঁ। সেই সময়ত মইও কথক ক্লাছত নাম লগাইছিলো। সেই ক্লাছৰ ‘ষ্টাৰ’ আছিল প্ৰিয়ংকা। প্ৰিয়ংকা আছিল শ্ৰেষ্ঠ নৃত্যশিল্পী। গতিকে আগতে তেওঁৰ পৰা শিকিছিলোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ