--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে আম আদমী পাৰ্টিৰ ৫ গৰাকী কাউন্সিলাৰ বিজেপিত যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ উপস্থিতিত, এম চি ডি ২৮ নং ৱাৰ্ডৰ কাউন্সিলাৰ ৰামচন্দ্ৰ, ৱাৰ্ড ৩০ৰ কাউন্সিলাৰ পৱন ছেহৰাৱত, ১৭৭ নং ৱাৰ্ডৰ কাউন্সিলাৰ মমতা পৱন, ১৭৮ ৱাৰ্ডৰ কাউন্সিলাৰ সুগন্ধা বিধুৰী আৰু ১৮০ ৱাৰ্ডৰ কাউন্সিলাৰ মঞ্জু নিৰ্মলৰ উপৰিও তিনিজন সক্ৰিয় আপ নেতা শচীন বিধুৰী, ৰাজু নিৰ্মল, পৱন কুমাৰে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰে ৷

আপৰ শীৰ্ষ নেতৃত্বৰ দুৰ্নীতি আৰু নিষ্ক্ৰিয়তাৰ পৰা বিৰক্ত হৈ প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা নিষ্ঠাত আপ্লুত হৈ তেওঁলোকে বিজেপিত যোগদান কৰিছে বুলি উল্লেখ কৰে পাঁচজন কাউন্সিলাৰে। সাংসদ ৰামবীৰ সিং বিধুৰী, যোগেন্দ্ৰ চান্দোলিয়া, অৰবিন্দৰ সিং লাভলী, ৰাজকুমাৰ আনন্দই কাউন্সিলাৰসকলক মালা পিন্ধাই বিজেপিত যোগদান কৰালে।

এই সুবিধাতে সচদেৱে কয় যে প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু তেওঁৰ কল্যাণমূলক আঁচনিৰ বাবে বিৰোধী নেতাসকলে বিজেপিত যোগদান কৰিছে। দুৰ্নীতিৰে আগুৰি থকা দিল্লী চৰকাৰে উন্নয়নমূলক কাম-কাজ বন্ধ কৰাৰ চেষ্টা চলাইছে।

আপৰ কাউন্সিলাৰৰ অন্তৰ্ভুক্তি বিজেপিৰ সম্প্ৰসাৰণবাদী নীতিৰ অংশ। এই পদক্ষেপৰ জৰিয়তে বিজেপিয়ে এমচিডিত নিজৰ স্থিতি সুদৃঢ় কৰিছে। বিজেপিয়ে স্থায়ী সমিতি, ৱাৰ্ড কমিটি আৰু মেয়ৰ পদৰ ওপৰত চকু ৰাখিছে। সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই পদসমূহত দলটোৱে শক্তিশালী দাবী উত্থাপন কৰিব পাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু