--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় ৰেপ তাৰকা বাদশা। ‘লাডকী বিউটিফুল কাৰ গয় চুল’, ‘হায় গাৰ্মি’, ‘পানী পানী’ আদি গীতৰ বাবে তেওঁ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়। অৱশ্যে তেওঁৰ গীতক লৈ দৰ্শকৰ মাজতো কম অসন্তুষ্টি নাই। ইয়াৰ মূল কাৰণ বাদশ্বাহৰ গীতৰ কথা। বহুবাৰ দৰ্শকে তেওঁৰ গীতৰ কথাত অসন্তুষ্টি প্ৰকাশ কৰিছে। অৱশ্যে বাদশ্বাহে তাত একো গুৰুত্ব নিদিয়ে। বৰঞ্চ তেওঁ দাবী কৰে যে তেওঁৰ গীতত কেতিয়াও এনেকুৱা একো নকয় যিয়ে নাৰীক অপমান কৰিব। কেৱল সেয়াই নহয়, নাৰীক লৈ কোনো ধৰণৰ অপমানজনক মন্তব্য তেওঁ সমৰ্থন নকৰে!

শেহতীয়াকৈ এক সাক্ষাৎকাৰত বাদশ্বাহে এনে দাবী কৰিছিল। তেওঁ কয়, ‘যি গীতত নাৰীক সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা হয়, সেইবোৰ গীতক মই সমৰ্থন নকৰো। মোৰ পৰিয়ালত মহিলা সদস্য আছে। মোৰ সংগীতৰ প্ৰতি মই অতি সচেতন। দায়িত্ব আৰু সন্মানৰ ঠাইৰ পৰা গীত লিখোঁ।''

বাদচাহৰ প্ৰায়বোৰ জনপ্ৰিয় গীতত নাৰীক লৈ কেইবাটাও অপমানজনক মন্তব্য আছে। কেৱল গীতটোতেই নহয়, সেই গীতৰ ভিডিঅ’টোসমূহতো। তাৰ পিছতো বাদশ্বাহে এনেকৈ কৈছে! সেইবাবেই ক্ষুদ্ধ নেটিজেন। নেটিজেনসকলে দাবী কৰে যে বাদশ্বাহৰ নাৰীক অপমান নকৰা গীতটো বিজয় মাল্যাৰ ধন চুৰি নকৰাৰ দৰেই, যিটো কেতিয়াও সঁচা হ’ব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক