--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো নাৰীয়ে পুৰুষক সংগ দিবলৈ ইচ্ছা ব্যক্ত কৰা মানেই যৌনসম্পৰ্ক স্থাপন কৰিবলৈ অনুমতি দিয়া নেকি? সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিলে মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ অনুপ জয়ৰাম ভাম্বানীয়ে স্পষ্টকৈ উল্লেখ কৰে যে সংগ দিবলৈ ইচ্ছুক মহিলাৰ অৰ্থ হ’ল তেওঁ যৌন সম্পৰ্ক স্থাপন কৰিবলৈও ইচ্ছুক! আনকি, মহিলাগৰাকীয়ে যুৱকজনৰ লগত কিমান দিন থাকিব, সেয়াও যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বচৰ্ত হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে কয়।

চেক গণৰাজ্যৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয় মালিক  ওৰফে সন্ত সেৱক দাসৰ বিচাৰ চলি থকাৰ সময়তে এইদৰে আদালতে কয়। অভিযুক্তৰ অধিবক্তাই কয় যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ সঞ্জয়ৰ সৈতে আছিল।

অভিযুক্ত সঞ্জয়ৰ জামিনৰ আবেদন খাৰিজ কৰি ন্যায়াধীশ জয়ৰামে কয় যে, “যদি কোনো মহিলাই কোনো পুৰুষৰ সৈতে থাকিবলৈ সন্মতি দিয়ে, সেয়া লাগিলে যিমান দিনৰ বাবেই হওক, তেন্তে সেই পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি দিয়া বুলি ধৰি ল’ব নোৱাৰি।”

নাৰীৰ ওপৰত এনেধৰণৰ যৌন হিংসাৰ বহু গোচৰ চলি আহিছে। গোচৰসমূহত অভিযুক্তৰ পক্ষৰ পৰা যুক্তি দিয়া হৈ আহিছে যে ভুক্তভোগী নাৰীসকলে অভিযুক্তক দীৰ্ঘদিন ধৰি সংগ দি আহিছে।

সেয়ে আইনী বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত সেই ‘অসৎ যুক্তিৰ ধাৰাবাহিকতা’ৰ অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব