--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো নাৰীয়ে পুৰুষক সংগ দিবলৈ ইচ্ছা ব্যক্ত কৰা মানেই যৌনসম্পৰ্ক স্থাপন কৰিবলৈ অনুমতি দিয়া নেকি? সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিলে মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ অনুপ জয়ৰাম ভাম্বানীয়ে স্পষ্টকৈ উল্লেখ কৰে যে সংগ দিবলৈ ইচ্ছুক মহিলাৰ অৰ্থ হ’ল তেওঁ যৌন সম্পৰ্ক স্থাপন কৰিবলৈও ইচ্ছুক! আনকি, মহিলাগৰাকীয়ে যুৱকজনৰ লগত কিমান দিন থাকিব, সেয়াও যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বচৰ্ত হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে কয়।

চেক গণৰাজ্যৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয় মালিক  ওৰফে সন্ত সেৱক দাসৰ বিচাৰ চলি থকাৰ সময়তে এইদৰে আদালতে কয়। অভিযুক্তৰ অধিবক্তাই কয় যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ সঞ্জয়ৰ সৈতে আছিল।

অভিযুক্ত সঞ্জয়ৰ জামিনৰ আবেদন খাৰিজ কৰি ন্যায়াধীশ জয়ৰামে কয় যে, “যদি কোনো মহিলাই কোনো পুৰুষৰ সৈতে থাকিবলৈ সন্মতি দিয়ে, সেয়া লাগিলে যিমান দিনৰ বাবেই হওক, তেন্তে সেই পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি দিয়া বুলি ধৰি ল’ব নোৱাৰি।”

নাৰীৰ ওপৰত এনেধৰণৰ যৌন হিংসাৰ বহু গোচৰ চলি আহিছে। গোচৰসমূহত অভিযুক্তৰ পক্ষৰ পৰা যুক্তি দিয়া হৈ আহিছে যে ভুক্তভোগী নাৰীসকলে অভিযুক্তক দীৰ্ঘদিন ধৰি সংগ দি আহিছে।

সেয়ে আইনী বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত সেই ‘অসৎ যুক্তিৰ ধাৰাবাহিকতা’ৰ অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক