--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বয়স লুকুৱাই বিবাহপাশত আৱদ্ধ হ'ল এগৰাকী মহিলা। পাছে এই মিছা কথা কাল হ'ল তেওঁৰ বাবে। মহিলাগৰাকীৰ প্ৰকৃত বয়স গম পাই বিবাহ বিচ্ছেদ কৰে স্বামীয়ে। 

কৰ্ণাটকত এগৰাকী ৪১ বছৰীয়া মহিলাই নিজৰ বয়স ৩৬ বছৰ বুলি মিছাকৈ কৈ বিবাহপাশত আবদ্ধ হয়। পাছত তেওঁৰ প্ৰকৃত বয়স গম পাই স্বামীয়ে প্ৰতাৰণা আৰু বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই ঘটনাক প্ৰৱঞ্চনা বুলি গণ্য কৰি দুয়োৰে বিবাহ বিচ্ছেদ কৰে।

এই বিয়া হৈছিল ২০১৪ চনত। মহিলাগৰাকীৰ পৰিয়ালে ল’ৰাটোৰ ঘৰলৈ লৈ গৈছিল সম্পৰ্কটো। সেইসময়ত পৰিয়ালৰ লোকে কইনাৰ বয়স ৩৬ বছৰ বুলি কয়। দুয়োৰে বিয়া হ’ল। ইফালে স্বামীয়ে পাছত গম পালে যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত। বিয়াৰ আগতে এই কথা তেওঁ কোৱা নাছিল।

স্বামীয়ে যেতিয়া পত্নী আৰু পৰিয়ালৰ লোকৰ বিষয়ে সোধা-পোছা কৰে তেতিয়া তেওঁ এই ৰোগৰ বিষয়ে জানিবলৈ পায় আৰু লগতে জানিব পাৰে যে বিয়াৰ সময়ত পত্নীৰ বয়স ৩৬ বছৰ নহয় বৰঞ্চ ৪১ বছৰ আছিল। পত্নী তেওঁতকৈ ৫ বছৰ ডাঙৰ। বৰ্তমান মহিলাগৰাকীৰ বয়স ৫০ বছৰ।

এই কথা পোহৰলৈ অহাৰ পাছত লোকজনে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে পুৰুষগৰাকীক মহিলাগৰাকীয়ে প্ৰতাৰণা কৰা বুলি দোহাই দি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। আদালতে কয় যে মহিলাগৰাকীয়ে বিবাহৰ সময়ত তেওঁৰ বয়স ৪১ বছৰ আছিল বুলি ক্ৰছ এক্সামত মানি লৈছে।

ভাৰতীয় বিবাহ বিচ্ছেদ আইনৰ ১৮ আৰু ১৯ ধাৰা উদ্ধৃতি দি আদালতে এই বিবাহক অবৈধ বুলি ঘোষণা কৰিছে। ১৮ আৰু ১৯ নং ধাৰাত স্বামী বা পত্নীক প্ৰৱঞ্চনাৰ দোহাই দি বিবাহ বাতিলৰ বাবে আবেদন দাখিল কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু