--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বয়স লুকুৱাই বিবাহপাশত আৱদ্ধ হ'ল এগৰাকী মহিলা। পাছে এই মিছা কথা কাল হ'ল তেওঁৰ বাবে। মহিলাগৰাকীৰ প্ৰকৃত বয়স গম পাই বিবাহ বিচ্ছেদ কৰে স্বামীয়ে। 

কৰ্ণাটকত এগৰাকী ৪১ বছৰীয়া মহিলাই নিজৰ বয়স ৩৬ বছৰ বুলি মিছাকৈ কৈ বিবাহপাশত আবদ্ধ হয়। পাছত তেওঁৰ প্ৰকৃত বয়স গম পাই স্বামীয়ে প্ৰতাৰণা আৰু বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই ঘটনাক প্ৰৱঞ্চনা বুলি গণ্য কৰি দুয়োৰে বিবাহ বিচ্ছেদ কৰে।

এই বিয়া হৈছিল ২০১৪ চনত। মহিলাগৰাকীৰ পৰিয়ালে ল’ৰাটোৰ ঘৰলৈ লৈ গৈছিল সম্পৰ্কটো। সেইসময়ত পৰিয়ালৰ লোকে কইনাৰ বয়স ৩৬ বছৰ বুলি কয়। দুয়োৰে বিয়া হ’ল। ইফালে স্বামীয়ে পাছত গম পালে যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত। বিয়াৰ আগতে এই কথা তেওঁ কোৱা নাছিল।

স্বামীয়ে যেতিয়া পত্নী আৰু পৰিয়ালৰ লোকৰ বিষয়ে সোধা-পোছা কৰে তেতিয়া তেওঁ এই ৰোগৰ বিষয়ে জানিবলৈ পায় আৰু লগতে জানিব পাৰে যে বিয়াৰ সময়ত পত্নীৰ বয়স ৩৬ বছৰ নহয় বৰঞ্চ ৪১ বছৰ আছিল। পত্নী তেওঁতকৈ ৫ বছৰ ডাঙৰ। বৰ্তমান মহিলাগৰাকীৰ বয়স ৫০ বছৰ।

এই কথা পোহৰলৈ অহাৰ পাছত লোকজনে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে পুৰুষগৰাকীক মহিলাগৰাকীয়ে প্ৰতাৰণা কৰা বুলি দোহাই দি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। আদালতে কয় যে মহিলাগৰাকীয়ে বিবাহৰ সময়ত তেওঁৰ বয়স ৪১ বছৰ আছিল বুলি ক্ৰছ এক্সামত মানি লৈছে।

ভাৰতীয় বিবাহ বিচ্ছেদ আইনৰ ১৮ আৰু ১৯ ধাৰা উদ্ধৃতি দি আদালতে এই বিবাহক অবৈধ বুলি ঘোষণা কৰিছে। ১৮ আৰু ১৯ নং ধাৰাত স্বামী বা পত্নীক প্ৰৱঞ্চনাৰ দোহাই দি বিবাহ বাতিলৰ বাবে আবেদন দাখিল কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক