--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ডে সৃষ্টি কৰিলে ইতিহাস। ২০২৩ৰ বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰিলে চুবুৰীয়া ৰাজ্য নাগালেণ্ডে। প্ৰথমবাৰলৈ ৰাজ্যখনত বিধানসভালৈ নিৰ্বাচিত হ’ল মহিলা প্ৰাৰ্থী। নাগালেণ্ড গঠন হোৱাৰ পিছৰে পৰা আজিলৈ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা নাছিল এগৰাকীও মহিলা প্ৰাৰ্থী। কিন্তু এইবাৰৰ নিৰ্বাচনত ভংগ হ’ল সেই ৬০ বছৰীয়া পৰম্পৰা।

নাগালেণ্ডৰ জনতাই বিধানসভালৈ নিৰ্বাচিত কৰিলে দুগৰাকীকৈ মহিলাক। প্ৰথমবাৰলৈ নাগালেণ্ড বিধানসভাত প্ৰৱেশ ঘটিব মহিলা বিধায়কৰ। আজি ঘোষিত ফলাফল অনুসৰি, Nationalist Democratic Progressive Party (NDPP)ৰ হেকানী জাখালুৱে ডিমাপুৰ–৩ সমষ্টিৰ পৰা জয়লাভ কৰে। হাকানীয়ে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ এজেটো ঝিমোমিক ১৫৩৬টা ভোটত পৰাস্ত কৰে। হেকানীয়ে লাভ কৰে ১৪,৩৯৫টা ভোট। উল্লেখযোগ্য যে মাত্ৰ ৭ মাহ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰিছিল ৪৭ বছৰীয়া হেকানী জাখালুৱে।

তাৰ পাছতেই জয়লাভ কৰে NDPPৰ আন এগৰাকী মহিলা প্ৰাৰ্থী ছালহুটুৱানো ক্ৰুজে। ছালহুটুৱানো ক্ৰুজে এই জয়লাভক ভগৱানৰ আশীৰ্বাদ বুলি উল্লেখ কৰে।  ৱেষ্টাৰ্ণ আংগামী–৮ সমষ্টিৰ পৰা জয়লাভ কৰে ক্ৰুজে। 

উল্লেখযোগ্য যে ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল। ৬০ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈ ৰাজ্যখনত কোনো মহিলা বিধায়ক হিচাপে নিৰ্বাচনত হোৱা নাছিল। কিন্তু এইবাৰ সেই পৰম্পৰা ভংগ কৰি দুগৰাকীকৈ মহিলা নিৰ্বাচিত হ’ল বিধানসভালৈ।

৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত ১৮৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ ভিতৰত আছিল মাত্ৰ চাৰিগৰাকী মহিলা। ইয়াৰ ভিতৰত NDPPৰ প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ কাহুলী ছেমা আৰু কংগ্ৰেছৰ ৰোজী থমছন পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক