--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন চমুু চপাৰ লগে লগে দেশত তৎপৰ হৈছে বিৰোধী শিবিৰ৷ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী৷ শেহতীয়াকৈ বিৰোধী শিবিৰৰ মাজত তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ চলিছে৷ 

বিৰোধীৰ তৃতীয় মৰ্চা গঠনৰ প্ৰসংগক লৈ মুখ খুলিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ মতে তৃতীয় মৰ্চাই সহায়হে কৰিব বিজেপিক!

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছে সমভাৱাপন্ন ধৰ্মনিৰপেক্ষ দলসমূহক চিনাক্ত, সংগঠিত আৰু একত্ৰিত কৰা উচিত৷ দলটোৱে আজি বিৰোধী ঐক্যৰ বাবে এক নতুন প্ৰচেষ্টাৰ অংশ হিচাপে এই মন্তব্য আগবঢ়ায়।

আমি ধৰ্মনিৰপেক্ষ আঞ্চলিক শক্তিসমূহক অন্তৰ্ভুক্ত কৰা উচিত যিসকলে আমাৰ আদৰ্শৰ সৈতে সন্মত। উমৈহতীয়া আদৰ্শগত ভিত্তিত এন ডি এৰ সৈতে এক ঐক্যবদ্ধ বিৰোধীৰ আৱশ্যকতা আছে। যিকোনো তৃতীয় শক্তিৰ উত্থানে বিজেপি/এন ডি এক সুবিধাহে প্ৰদান কৰিব বুলি দলটোৱে এক প্ৰস্তাৱত কয়।

শুকুৰবাৰে কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনত ভাষণত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে সমভাৱাপন্ন দলসমূহৰ সৈতে মিত্ৰতা কৰিবলৈ বাট চাই আছে। প্ৰচলিত কঠিন পৰিস্থিতিত, কংগ্ৰেছ হৈছে দেশৰ একমাত্ৰ দল যি সক্ষম আৰু নিৰ্ণায়ক নেতৃত্ব প্ৰদান কৰিব পাৰে বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে।

ইতিমধ্যে কংগ্ৰেছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰকে ধৰি কেইবাজনো বিৰোধী নেতাৰ সৈতে আলোচনাত মিলিত হৈ বিজেপি বিৰোধী শক্তি গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু