--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কাশ্মীৰ ফাইলছ ছবি খনৰ জড়িয়তে সমগ্ৰ দেশতে এক আলোডড়ণৰ সৃষ্টি কৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শেহতীয়া ছবি দ্য ভেকচিন ৱাৰে ভাবিব নোৱাৰা ধৰণে মুখ থেকেচা খাইছে৷ বক্স অফিচত মুঠেও সঁহাৰি লাভ কৰা নাই ছবি খনে৷ 

এনে সময়তে ছবি খনৰ ব্যৱসায়কলৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই ছবি খনৰ এদিনৰ উপাৰ্জন শ্বাহৰুখ খানৰ জোৱান ছবিৰ পাৰ্কিঙৰ খৰচৰ সমানো নহয় বুলি মন্তব্য কৰিছে৷উল্লেখ্য ছবি খনৰ এদিনৰ উপাৰ্জন প্ৰায় ১ কোটি টকাহে হৈছে৷ 
পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে 'দ্য কাশ্মীৰ ফাইলছ' পৰিচালনা  কৰিছিল আৰু সমগ্ৰ দেশতে ছবি খনে চৰকাৰী উদ্যোগত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া তেওঁ 'দ্য ভেকছিন ৱাৰ' ছবিখনত সেই যাদু দেখুৱাব পৰা নাই। পৰিচালকজনে এইবেলি লাভ কৰা নাই বিজেপি অথবা কোনো এখন চৰকাৰৰে  আশীৰ্বাদো৷ তেওঁৰ শেহতীয়া ছবি খনে মাৰাত্মক কৰোনা ভাইৰাছৰ অন্ধকাৰ স্মৃতি ঘূৰাই আনিছে, লকডাউনৰ সেই ভয়াৱহ দিনবোৰৰ কথা মানুহক মনত পেলাই দিছে।

 তেওঁ কোভিডৰ সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী (এনআইভি)ৰ বিজ্ঞানীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু যুঁজৰ বিষয়ে ছবি খনত ক’ব বিচাৰিছে৷বিবেকৰ ছবি খনৰ কাম  ২০২০ চনৰ প্ৰথম দিনৰ পৰা অৰ্থাৎ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। ছবি খন আইচিএমআৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱৰ 'গোয়িং ভাইৰেল: মেকিং অফ কভাক্সিন' নামৰ কিতাপখনৰ ওপৰত আধাৰিত। 

নানা পাটেকাৰে ছবিখনত বলৰাম ভাৰ্গৱৰ চৰিত্ৰত অভিনয় কৰিছে। পল্লৱী যোশী, নিবেদিতা ভট্টাচাৰ্য, গিৰিজা ওক আৰু সপ্তমী গৌড়াই বিজ্ঞানীসকলৰ ভূমিকাত অভিনয়  কৰিছে। ছবি খনত ৰাইমা সেনক এগৰাকী সাংবাদিক হিচাপে দেখা গৈছে। বিবেকে তেওঁৰ ছবি খনত  কৰোনাৰ ভয়ানক স্মৃতি ঘূৰাই আনিছে। 

 তেওঁ কভাক্সিন নিৰ্মাণৰ কাহিনীও কৈছে।ভাৰতৰ বিজ্ঞানী আৰু চিকিৎসকসকলে অক্লান্ত পৰিশ্ৰম কৰিছে। ভেকছিনৰ বিকাশত তেওঁলোকৰ ভূমিকা অনস্বীকাৰ্য্য। বিবেকে ইয়াৰ এনেবোৰ কথাকলৈয়েই ছবি খন  নিৰ্মাণ কৰিছে। চিনেমা হিচাপে দ্য ভেকচিন ৱাৰৰ প্ৰথমাৰ্ধৰ গতি যথেষ্ট মন্থৰ। ছবি খনৰ  সংলাপ আত্মনিৰ্ভৰশীল ভাৰত কেন্দ্ৰিক । ছবি খনত  সংবাদ মাধ্যমকো আক্ৰমণ কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু