--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কাশ্মীৰ ফাইলছ ছবি খনৰ জড়িয়তে সমগ্ৰ দেশতে এক আলোডড়ণৰ সৃষ্টি কৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শেহতীয়া ছবি দ্য ভেকচিন ৱাৰে ভাবিব নোৱাৰা ধৰণে মুখ থেকেচা খাইছে৷ বক্স অফিচত মুঠেও সঁহাৰি লাভ কৰা নাই ছবি খনে৷ 

এনে সময়তে ছবি খনৰ ব্যৱসায়কলৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই ছবি খনৰ এদিনৰ উপাৰ্জন শ্বাহৰুখ খানৰ জোৱান ছবিৰ পাৰ্কিঙৰ খৰচৰ সমানো নহয় বুলি মন্তব্য কৰিছে৷উল্লেখ্য ছবি খনৰ এদিনৰ উপাৰ্জন প্ৰায় ১ কোটি টকাহে হৈছে৷ 
পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে 'দ্য কাশ্মীৰ ফাইলছ' পৰিচালনা  কৰিছিল আৰু সমগ্ৰ দেশতে ছবি খনে চৰকাৰী উদ্যোগত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া তেওঁ 'দ্য ভেকছিন ৱাৰ' ছবিখনত সেই যাদু দেখুৱাব পৰা নাই। পৰিচালকজনে এইবেলি লাভ কৰা নাই বিজেপি অথবা কোনো এখন চৰকাৰৰে  আশীৰ্বাদো৷ তেওঁৰ শেহতীয়া ছবি খনে মাৰাত্মক কৰোনা ভাইৰাছৰ অন্ধকাৰ স্মৃতি ঘূৰাই আনিছে, লকডাউনৰ সেই ভয়াৱহ দিনবোৰৰ কথা মানুহক মনত পেলাই দিছে।

 তেওঁ কোভিডৰ সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী (এনআইভি)ৰ বিজ্ঞানীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু যুঁজৰ বিষয়ে ছবি খনত ক’ব বিচাৰিছে৷বিবেকৰ ছবি খনৰ কাম  ২০২০ চনৰ প্ৰথম দিনৰ পৰা অৰ্থাৎ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। ছবি খন আইচিএমআৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱৰ 'গোয়িং ভাইৰেল: মেকিং অফ কভাক্সিন' নামৰ কিতাপখনৰ ওপৰত আধাৰিত। 

নানা পাটেকাৰে ছবিখনত বলৰাম ভাৰ্গৱৰ চৰিত্ৰত অভিনয় কৰিছে। পল্লৱী যোশী, নিবেদিতা ভট্টাচাৰ্য, গিৰিজা ওক আৰু সপ্তমী গৌড়াই বিজ্ঞানীসকলৰ ভূমিকাত অভিনয়  কৰিছে। ছবি খনত ৰাইমা সেনক এগৰাকী সাংবাদিক হিচাপে দেখা গৈছে। বিবেকে তেওঁৰ ছবি খনত  কৰোনাৰ ভয়ানক স্মৃতি ঘূৰাই আনিছে। 

 তেওঁ কভাক্সিন নিৰ্মাণৰ কাহিনীও কৈছে।ভাৰতৰ বিজ্ঞানী আৰু চিকিৎসকসকলে অক্লান্ত পৰিশ্ৰম কৰিছে। ভেকছিনৰ বিকাশত তেওঁলোকৰ ভূমিকা অনস্বীকাৰ্য্য। বিবেকে ইয়াৰ এনেবোৰ কথাকলৈয়েই ছবি খন  নিৰ্মাণ কৰিছে। চিনেমা হিচাপে দ্য ভেকচিন ৱাৰৰ প্ৰথমাৰ্ধৰ গতি যথেষ্ট মন্থৰ। ছবি খনৰ  সংলাপ আত্মনিৰ্ভৰশীল ভাৰত কেন্দ্ৰিক । ছবি খনত  সংবাদ মাধ্যমকো আক্ৰমণ কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক