--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত পিয়াহ দূৰ কৰিবলৈ বহুতেই নাৰিকলৰ পানী পান কৰে। নাৰিকলৰ পানীৰ নানান উপকাৰিতা আছে যদিও আমাৰ যকৃতক সুস্থ কৰি ৰখাত নাৰিকলৰ পানীয়ে বহু পৰিমাণে সহায় কৰে। যকৃতত যেতিয়া চৰ্বি জমা হয় তেতিয়া নানান সমস্যাই দেখা দিবলৈ ধৰে। চিকিৎসকৰ মতে যকৃতই সাধাৰণতে ৫ ৰ পৰা ৬ শতাংশ চৰ্বি শোষণ কৰিব পাৰে। ইয়াতকৈ অধিক চৰ্বি জমা হোৱাটো বিপজ্জনক হ’ব পাৰে।

চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন।বহু চিকিৎসকে কৈ আহিছে যে নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে অন্যতম ঔষধ সদৃশ হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকল পানী কিয় উপকাৰী?

১) চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকল পানীয়ে সেই অভাৱ পূৰণ কৰে। যকৃতক স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ডাব নাৰিকলৰ পানী বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটাছিয়ামৰ এক ভাল উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়।

২) নাৰিকল পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহুউপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত এণ্টি-অক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতক নানান সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়ে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে।

৩) যকৃত স্বাস্থ্যৱান ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন । এনেবোৰ উপাদানে যকৃতক সুৰক্ষিত কৰি ৰাখে, যকৃতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নাৰিকল পানীত এই বোৰ উপাদান থাকে।

৪) শৰ্কৰাই যকৃতৰ ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা ফলৰ ৰস আৰু পানীয়ত বেছি পৰিমাণত চেনী থাকে। ফলস্বৰূপে, সেইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হয়। কিন্তু নাৰিকল পানীত চেনীৰ পৰিমাণ অতি কম। গতিকে চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকল পানী খালে সুফল পাব পাৰে। অৱশ্যে উচ্চ ৰক্তচাপ থকা লোকসকলে নাৰিকলৰ পানী কমকৈ খাব লাগে। কাৰণ নাৰিকলৰ পানীত প্ৰচুৰ ছডিয়াম আদি থাকে। যিয়ে ৰক্তচাপ অধিক বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু