--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত পিয়াহ দূৰ কৰিবলৈ বহুতেই নাৰিকলৰ পানী পান কৰে। নাৰিকলৰ পানীৰ নানান উপকাৰিতা আছে যদিও আমাৰ যকৃতক সুস্থ কৰি ৰখাত নাৰিকলৰ পানীয়ে বহু পৰিমাণে সহায় কৰে। যকৃতত যেতিয়া চৰ্বি জমা হয় তেতিয়া নানান সমস্যাই দেখা দিবলৈ ধৰে। চিকিৎসকৰ মতে যকৃতই সাধাৰণতে ৫ ৰ পৰা ৬ শতাংশ চৰ্বি শোষণ কৰিব পাৰে। ইয়াতকৈ অধিক চৰ্বি জমা হোৱাটো বিপজ্জনক হ’ব পাৰে।

চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন।বহু চিকিৎসকে কৈ আহিছে যে নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে অন্যতম ঔষধ সদৃশ হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকল পানী কিয় উপকাৰী?

১) চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকল পানীয়ে সেই অভাৱ পূৰণ কৰে। যকৃতক স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ডাব নাৰিকলৰ পানী বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটাছিয়ামৰ এক ভাল উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়।

২) নাৰিকল পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহুউপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত এণ্টি-অক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতক নানান সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়ে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে।

৩) যকৃত স্বাস্থ্যৱান ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন । এনেবোৰ উপাদানে যকৃতক সুৰক্ষিত কৰি ৰাখে, যকৃতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নাৰিকল পানীত এই বোৰ উপাদান থাকে।

৪) শৰ্কৰাই যকৃতৰ ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা ফলৰ ৰস আৰু পানীয়ত বেছি পৰিমাণত চেনী থাকে। ফলস্বৰূপে, সেইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হয়। কিন্তু নাৰিকল পানীত চেনীৰ পৰিমাণ অতি কম। গতিকে চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকল পানী খালে সুফল পাব পাৰে। অৱশ্যে উচ্চ ৰক্তচাপ থকা লোকসকলে নাৰিকলৰ পানী কমকৈ খাব লাগে। কাৰণ নাৰিকলৰ পানীত প্ৰচুৰ ছডিয়াম আদি থাকে। যিয়ে ৰক্তচাপ অধিক বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ