--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সনাতন ধৰ্মত নাৰিকলক শ্ৰীফলৰ মৰ্যাদা দিয়া হয়। শ্ৰীফল মানে ফলৰ ভিতৰত শ্ৰেষ্ঠ, নাৰিকল অবিহনে যিকোনো সবাহ, পূজা বা শুভ কাম অসম্পূৰ্ণ। আনহাতে, জ্যোতিষশাস্ত্ৰতো নাৰিকলৰে বহু প্ৰকাৰৰ গ্ৰহৰ দোষ আৰু বাধা দূৰ কৰাত অতি ফলপ্ৰসূ গণ্য কৰা হয়। আজি আমি নাৰিকলৰে কৰা কেইটামান উপায় বিষয়ে জানো আহক যিটো অতি ফলপ্ৰসূ।

১. সমস্যা, বাধা-বিঘিনি দূৰ কৰাৰ প্ৰতিকাৰ:-জীৱনত যদি বাৰে বাৰে সমস্যা আহি থাকে বা একোৱেই ভাল হোৱা নাই যেন লাগে, তেন্তে পানী থকা এটা নাৰিকল লৈ নিজৰ শৰীৰৰ ওপৰেৰে ২১বাৰ ঘূৰাই যিকোনো মন্দিৰলৈ গৈ যজ্ঞৰকুণ্ডত জ্বলাই দিব লাগে। প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৫সপ্তাহলৈকে এই কাম কৰিব লাগে।

২. চাকৰি-ব্যৱসায়ত সফলতা লাভ কৰাৰ প্ৰতিকাৰঃ-চাকৰি বা ব্যৱসায়ত সফলতা লাভ কৰিবলৈ ঘৰত নাৰিকল গছ ৰোপণ কৰক। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহো শক্তিশালী হৈ আপোনাক শুভ ফল প্ৰদান কৰিব আৰু অতি সোনকালেই আপুনি সফলতা লাভ কৰিব। ইয়াৰ ফলত ঘৰত ধনৰ আগমনো বৃদ্ধি পাব। ঘৰৰ দক্ষিণ বা পশ্চিম দিশত নাৰিকল গছ ৰোপণ কৰিব লাগে।

৩. নজৰ দূৰ কৰাৰ প্ৰতিকাৰঃ-মঙলবাৰে ৰঙা কাপোৰ এখনত এটা নাৰিকল বান্ধি ব্যক্তিজনৰ ওপৰৰ পৰা ৭বাৰ ঘূৰাই হনুমানজীৰ চৰণত অৰ্পণ কৰিব লাগে।

৪. আৰ্থিক সমস্যা দূৰ কৰাৰ প্ৰতিকাৰঃ-শুকুৰবাৰে ৰঙা কাপোৰ পিন্ধি লক্ষ্মী দেৱীক পূজা কৰিব লাগে। মালক্ষ্মীৰ পূজাত নাৰিকল অৰ্পণ কৰি পিছদিনা নাৰিকলটো এখন ৰঙা কাপোৰেৰে মেৰিয়াই ঘৰৰ এনে ঠাইত ৰাখক য’ত বাহিৰৰ কোনো মানুহে দেখা নাপায়। কিছুদিনৰ ভিতৰতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত পৰিব।

৫. চাকৰিত বাধা দূৰ কৰাৰ প্ৰতিকাৰঃ-কঠোৰ পৰিশ্ৰমৰ ফল নাপালে, উপাৰ্জন বৃদ্ধি নহলে শনিবাৰে শনি মন্দিৰত শনিদেৱক পানীসহ ৭টা নাৰিকল আগবঢ়াব। তাৰ পাছত এই নাৰিকলকেইঠা বোঁৱতী নৈত উটুৱাই দিব। ইয়াৰ ফলত চাকৰিৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক