--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সনাতন ধৰ্মত নাৰিকলক শ্ৰীফলৰ মৰ্যাদা দিয়া হয়। শ্ৰীফল মানে ফলৰ ভিতৰত শ্ৰেষ্ঠ, নাৰিকল অবিহনে যিকোনো সবাহ, পূজা বা শুভ কাম অসম্পূৰ্ণ। আনহাতে, জ্যোতিষশাস্ত্ৰতো নাৰিকলৰে বহু প্ৰকাৰৰ গ্ৰহৰ দোষ আৰু বাধা দূৰ কৰাত অতি ফলপ্ৰসূ গণ্য কৰা হয়। আজি আমি নাৰিকলৰে কৰা কেইটামান উপায় বিষয়ে জানো আহক যিটো অতি ফলপ্ৰসূ।

১. সমস্যা, বাধা-বিঘিনি দূৰ কৰাৰ প্ৰতিকাৰ:-জীৱনত যদি বাৰে বাৰে সমস্যা আহি থাকে বা একোৱেই ভাল হোৱা নাই যেন লাগে, তেন্তে পানী থকা এটা নাৰিকল লৈ নিজৰ শৰীৰৰ ওপৰেৰে ২১বাৰ ঘূৰাই যিকোনো মন্দিৰলৈ গৈ যজ্ঞৰকুণ্ডত জ্বলাই দিব লাগে। প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৫সপ্তাহলৈকে এই কাম কৰিব লাগে।

২. চাকৰি-ব্যৱসায়ত সফলতা লাভ কৰাৰ প্ৰতিকাৰঃ-চাকৰি বা ব্যৱসায়ত সফলতা লাভ কৰিবলৈ ঘৰত নাৰিকল গছ ৰোপণ কৰক। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহো শক্তিশালী হৈ আপোনাক শুভ ফল প্ৰদান কৰিব আৰু অতি সোনকালেই আপুনি সফলতা লাভ কৰিব। ইয়াৰ ফলত ঘৰত ধনৰ আগমনো বৃদ্ধি পাব। ঘৰৰ দক্ষিণ বা পশ্চিম দিশত নাৰিকল গছ ৰোপণ কৰিব লাগে।

৩. নজৰ দূৰ কৰাৰ প্ৰতিকাৰঃ-মঙলবাৰে ৰঙা কাপোৰ এখনত এটা নাৰিকল বান্ধি ব্যক্তিজনৰ ওপৰৰ পৰা ৭বাৰ ঘূৰাই হনুমানজীৰ চৰণত অৰ্পণ কৰিব লাগে।

৪. আৰ্থিক সমস্যা দূৰ কৰাৰ প্ৰতিকাৰঃ-শুকুৰবাৰে ৰঙা কাপোৰ পিন্ধি লক্ষ্মী দেৱীক পূজা কৰিব লাগে। মালক্ষ্মীৰ পূজাত নাৰিকল অৰ্পণ কৰি পিছদিনা নাৰিকলটো এখন ৰঙা কাপোৰেৰে মেৰিয়াই ঘৰৰ এনে ঠাইত ৰাখক য’ত বাহিৰৰ কোনো মানুহে দেখা নাপায়। কিছুদিনৰ ভিতৰতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত পৰিব।

৫. চাকৰিত বাধা দূৰ কৰাৰ প্ৰতিকাৰঃ-কঠোৰ পৰিশ্ৰমৰ ফল নাপালে, উপাৰ্জন বৃদ্ধি নহ’লে শনিবাৰে শনি মন্দিৰত শনিদেৱক পানীসহ ৭টা নাৰিকল আগবঢ়াব। তাৰ পাছত এই নাৰিকলকেইঠা বোঁৱতী নৈত উটুৱাই দিব। ইয়াৰ ফলত চাকৰিৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’