--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘তালিবান ২.০’। আফগান ভূমিত কট্টৰ মৌলবাদী সংগঠনৰ পুনৰুত্থানে যিবোৰ সংশয়ৰ সৃষ্টি কৰিছিল সেইবোৰ এতিয়া অধিক গাঢ় হ’বলৈ আৰম্ভ কৰিছে। ক্ৰমশঃ যেন লুকুৱাই থোৱা দাঁত-নখ বাহিৰ হ’বলৈ আৰম্ভ কৰিছে তালিবানৰ। মৃত্যুক উৎসৱ হিচাপে উদযাপন কৰা সংগঠনটোৱে এতিয়া কেৱল পৰিকল্পনা কৰিছে মৃত্যুদণ্ড বিহাৰ। দেশ চলোৱা বা উন্নয়নৰ নহয়, কাক ক’ত কেনেকৈ মৃত্যুদণ্ড বিহিব পাৰি তাৰেই পৰিকল্পনা যুগুত কৰিবলৈ আৰম্ভ কৰিছে তালিবানে। আফগান মহিলাসকল তেওঁলোকৰ মূল্য লক্ষ্য হৈ পৰিছে।

ক্ষমতা দখলৰ পাছত তেওঁলোকে এইবাৰ উদাৰ সহনশীলতাৰ নতুন ৰূপেৰে আত্মপ্ৰকাশ কৰাৰ দাবী কৰি আহিছিল যদিও এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। নিজৰ নৃশংস মানসিকতাৰ নিদৰ্শন দাঙি ধৰি এইবাৰ দেশখনৰ যৌনকৰ্মীসকলক হত্যাৰ নিৰ্দেশ জাৰি কৰিছে তালিবানে।

কাক, ক’ত, কেনেকৈ হত্যা কৰা হ’ব তাৰ তালিকাও প্ৰস্তুত কৰা হৈছে। বিভিন্ন পৰ্ন ছাইটত খুঁচৰি খুঁচৰি তালিবানে এইসকল যৌনকৰ্মীক বিচাৰি উলিয়াইছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দেশখনৰ সকলো পৰ্ণ ছাইটৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে। তাৰ পৰাই চিনাক্ত কৰা হৈছে যৌনকৰ্মীসকলক। কোনো আফগান মহিলাই যাতে যৌনতাক পেচা হিচাপে গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবেও জাৰি কৰা হৈছে নিৰ্দেশনা।

নতুন চৰকাৰ ক্ষমতাত অধীষ্ঠিত হোৱাৰ পাছতে যৌনকৰ্মী আৰু ব্লু ফিল্মৰ সৈতে জড়িত মহিলাসকলক হত্যাৰ পৰিকল্পনা যুঁগুতাই ৰাখিছে তালিবান সন্ত্ৰাসবাদীয়ে। ইয়াৰে কিছুসংখ্যকক ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ লগতে, বহুতকে শিল দলিয়াই হত্যা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে তালিবানে। বহু মহিলাক যৌনকৰ্মী হিচাপে ৰখাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। এনে ভয়ংকৰ আঁচনিয়ে আফগান মহিলাৰ বাবে নাৰকীয় দিনক আহ্বান দিয়াটো এতিয়া স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ