--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : সমগ্ৰ আফগানিস্তানতে ৰাজত্ব চলোৱাৰ তালিবানৰ স্বপ্নক অধিক কষ্টসাধ্য কৰি তুলিছে নাৰ্ডাৰ্ন এলায়েন্সে। দেশখনৰ উত্তৰ প্ৰান্তৰ উত্তৰ-পূব প্ৰান্তৰ পাঞ্জশ্বিৰ উপত্যকাত নৰ্ডাৰ্ন এলায়েন্সে তালিবাক প্ৰবল প্ৰত্যাহ্বান জনোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ‘স্পুটনিক’-এ প্ৰচাৰ কৰা এটা বাতৰি অনুসৰি পাঞ্জশ্বিৰত তালিবানৰ প্ৰায় ৬০০ সৈনিকক হত্যা কৰিছে প্ৰতিৰোধ বাহিনীয়ে। সহস্ৰাধিকক হয় যুদ্ধবন্দী কৰা হৈছে বা তেওঁলোকে নৰ্ডাৰ্ন এলায়েন্সৰ ওচৰত আত্মসমৰ্পন কৰিছে।

প্ৰতিৰোধ বাহিনীৰ মুখপাত্ৰ ফাহিম ডাশ্বিটে টুইটযোগে প্ৰকাশ কৰিছে যে, ‘পাঞ্জশ্বিৰৰ বিভিন্ন জিলাত কালি পুৱাৰে পৰা প্ৰায় ৬০০ তালিবান সৈনিক সংঘৰ্ষত নিহত হৈছে। সহস্ৰাধিক তালিবানে হয় আত্মসমৰ্পন কৰিছে নহ’লে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।’ পাঞ্জশ্বিৰ দখল কৰা বুলি প্ৰচাৰিত বিভিন্ন বাতৰিৰ মাজতে এইকথা স্পষ্ট হৈ পৰিছে যে, প্ৰতিৰোধ বাহিনীৰ প্ৰত্যাহ্বান ওফৰাবলৈ এতিয়ালৈ সক্ষম হোৱা নাই তালিবান।

পাঞ্জশ্বিৰ দখলৰ বাবে এতিয়া তুমুল যুদ্ধ তালিবানে অব্যাহত ৰাখিছে যদিও প্ৰতিৰোধ বাহিনীৰ সুপৰিকল্পিত প্ৰত্যাহ্বানে তেওঁলোকৰ পথ কঠিন কৰি তুলিছে। পাঞ্জশ্বিৰলৈ যোৱাৰ বাটত লেণ্ডমাইন স্থাপন কৰি থোৱাৰ পৰিপ্ৰেক্ষিতত তালিবানৰ পথ অধিক কণ্টকাকীৰ্ণ হৈ পৰিছে আৰু অভিযানৰ গতি স্তিমিত হৈ পৰা বুলি তালিবানৰ সূত্ৰই প্ৰকাশ কৰিছে। আহমদ মাছুদ নেতৃত্বৰ এই নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ এই প্ৰতিৰোধ কিমান দিনলৈ অব্যাহত থাকে সেয়া সময়েহে ক’ব যদিও তালিবানৰ বিৰুদ্ধে এই সংগ্ৰামে ৰক্তপাতৰ এক অবাঞ্চিত অধ্যায়ৰ সূচনা কৰাটো স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ