--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : সমগ্ৰ আফগানিস্তানতে ৰাজত্ব চলোৱাৰ তালিবানৰ স্বপ্নক অধিক কষ্টসাধ্য কৰি তুলিছে নাৰ্ডাৰ্ন এলায়েন্সে। দেশখনৰ উত্তৰ প্ৰান্তৰ উত্তৰ-পূব প্ৰান্তৰ পাঞ্জশ্বিৰ উপত্যকাত নৰ্ডাৰ্ন এলায়েন্সে তালিবাক প্ৰবল প্ৰত্যাহ্বান জনোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ‘স্পুটনিক’-এ প্ৰচাৰ কৰা এটা বাতৰি অনুসৰি পাঞ্জশ্বিৰত তালিবানৰ প্ৰায় ৬০০ সৈনিকক হত্যা কৰিছে প্ৰতিৰোধ বাহিনীয়ে। সহস্ৰাধিকক হয় যুদ্ধবন্দী কৰা হৈছে বা তেওঁলোকে নৰ্ডাৰ্ন এলায়েন্সৰ ওচৰত আত্মসমৰ্পন কৰিছে।

প্ৰতিৰোধ বাহিনীৰ মুখপাত্ৰ ফাহিম ডাশ্বিটে টুইটযোগে প্ৰকাশ কৰিছে যে, ‘পাঞ্জশ্বিৰৰ বিভিন্ন জিলাত কালি পুৱাৰে পৰা প্ৰায় ৬০০ তালিবান সৈনিক সংঘৰ্ষত নিহত হৈছে। সহস্ৰাধিক তালিবানে হয় আত্মসমৰ্পন কৰিছে নহ’লে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।’ পাঞ্জশ্বিৰ দখল কৰা বুলি প্ৰচাৰিত বিভিন্ন বাতৰিৰ মাজতে এইকথা স্পষ্ট হৈ পৰিছে যে, প্ৰতিৰোধ বাহিনীৰ প্ৰত্যাহ্বান ওফৰাবলৈ এতিয়ালৈ সক্ষম হোৱা নাই তালিবান।

পাঞ্জশ্বিৰ দখলৰ বাবে এতিয়া তুমুল যুদ্ধ তালিবানে অব্যাহত ৰাখিছে যদিও প্ৰতিৰোধ বাহিনীৰ সুপৰিকল্পিত প্ৰত্যাহ্বানে তেওঁলোকৰ পথ কঠিন কৰি তুলিছে। পাঞ্জশ্বিৰলৈ যোৱাৰ বাটত লেণ্ডমাইন স্থাপন কৰি থোৱাৰ পৰিপ্ৰেক্ষিতত তালিবানৰ পথ অধিক কণ্টকাকীৰ্ণ হৈ পৰিছে আৰু অভিযানৰ গতি স্তিমিত হৈ পৰা বুলি তালিবানৰ সূত্ৰই প্ৰকাশ কৰিছে। আহমদ মাছুদ নেতৃত্বৰ এই নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ এই প্ৰতিৰোধ কিমান দিনলৈ অব্যাহত থাকে সেয়া সময়েহে ক’ব যদিও তালিবানৰ বিৰুদ্ধে এই সংগ্ৰামে ৰক্তপাতৰ এক অবাঞ্চিত অধ্যায়ৰ সূচনা কৰাটো স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ