--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়াৰ সময় ভালদৰে চলি থকা নাই। এফালে ব্যক্তিগত জীৱন অস্থিৰ হৈ পৰিছে। কেইবাদিনো ধৰি ক্ৰিকেট তাৰকাগৰাকীৰ বিবাহ বিচ্ছেদ হ’ব বুলি চৰ্চা চলিছে। লকডাউনৰ সময়ত হাৰ্ডিকে ছাৰ্বিয়াৰ মডেল অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেইমাহমানৰ ভিতৰতে তেওঁৰ পুত্ৰ আগষ্টৰ জন্ম হয়। কিন্তু চাৰি বছৰৰ ভিতৰতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল।

 ইফালে নাটাছাই বিভিন্ন ধৰণৰ ইংগিতদায়ক পোষ্ট দি আছে। শেহতীয়াকৈ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত বিদেশী বন্ধুৰ সৈতে দেখা গৈছিল অভিনেত্ৰীগৰাকীক। আই পি এলত লক্ষ্ণৌৰ হাতত পৰাস্ত হৈ হাৰ্দিকে দেশ এৰি থৈ যায়! কিন্তু তেওঁ ক’ত? আগবাঢ়ি আছে টি-২০ বিশ্বকাপ। তাৰ আগতে এনেদৰে দেশ এৰি যোৱাৰ কথা বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এটা পক্ষই দাবী কৰে যে হাৰ্দিকে হয়তো পত্নী নাটাছাৰ সৈতে অকলে থাকে।

ভাৰতীয় ক্ৰিকেট দলটোৱে শনিবাৰে টি-২০ বিশ্বকাপ খেলিবলৈ নিউয়ৰ্কলৈ ৰাওনা হয়। যদিও আজিৰ দিনটোত হাৰ্দিকক দেখা পোৱা নগ’ল। লণ্ডনত হাৰ্দিকে ছুটী লৈছে বুলি চৰ্চা চলিছে। তেওঁৰ পত্নী নাটাছাও তেওঁৰ লগত আছে। যদিও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰবোৰ হুলস্থুলীয়া হৈ পৰিছে। অৱশ্যে এই সকলোবোৰ মিছা বুলি একাংশই দাবী কৰে। নাটাছা-হাৰ্ডিক সঁচাকৈয়ে সুখী!

প্ৰায় প্ৰতি বছৰে আই পি এলৰ ভি আই পি বক্সত দেখা যায় নাটাছাক। কিন্তু এইবাৰ ছন্দ ভাঙি গ’ল। স্বামীৰ খেল চাবলৈ অহা নাছিল। আনকি হাৰ্দিকৰ দল মুম্বাই ইণ্ডিয়ানছৰ সন্দৰ্ভতো কোনো মন্তব্য কৰা নাছিল নাটাছাই। এই সকলোবোৰ ঘটনাৰ ভিত্তিত তেওঁলোকৰ বিবাহক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে নাটাছা বা হাৰ্দিকৰ কোনো এজনৰ পৰা কোনো বিবৃতি পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ