--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাৰদীয় নৱৰাত্ৰিৰ সপ্তম দিন। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ৯ দিন ধৰি দেৱী দুৰ্গাৰ নটা ৰূপ পূজা কৰে। নৱৰাত্ৰিৰ সময়তো বহু ভক্তই ৯ দিন ব্ৰত পালন কৰে। এনে অৱস্থাত মানুহে বিভিন্ন প্ৰকাৰৰ ভোগ প্ৰস্তুত কৰি দেৱীক আগবঢ়াই দিয়ে আৰু লগতে নিজেও সেৱন কৰে। 

ভাৰতীয় যিকোনো উৎসৱ হওক, আটাৰ হালোৱাই উপবাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্ৰতৰ সময়ত মিঠা কিবা এটা সেৱন কৰিবলৈ আটাৰ হালোৱা বনাব পাৰি। জানো আহক এই ভোগ বনোৱাৰ পদ্ধতি। দেশী ঘিউৰ মিশ্ৰণেৰে তৈয়াৰী এই হালোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰী। লগতে উপবাসৰ সময়ত শৰীৰক শক্তি প্ৰদান কৰে। এই বিশেষ ৰেচিপি তৈয়াৰ পদ্ধতি শিকি আহক...

আটাৰ হালোৱা বনাবলৈ উপকৰণ-
দেশী ঘিউ, চেনি, কিছু ইলাচি গুটি, কাজু বাদাম, আলমণ্ড, পিষ্টা, কুটি লোৱা নাৰিকল আৰু আটা লাগে।এই হালোৱা মাত্ৰ ৩০ মিনিটতে সাজু হয়।

১) আটাখিনি প্ৰথমে চালনিত চাফা কৰি লওক
২) এতিয়া কেৰাহীত ঘিউ দি তাত ইলাচি গুটি কিছু দিব। তাৰ পিছত তাত আটা দিব।
৩) এতিয়া এই আটা লাহে লাহে ভাজি থাকিব যেতিয়ালৈকে ই পাতল সোণালী নহয়।
৪) আনফালে কেৰাহীত পানী আৰু চেনি কম জুইত ৰাখি চেনীৰ চিৰাপ প্ৰস্তুত কৰিব।
৫) আটাখিনি সম্পূর্ণ পোৰা হলে তাত প্ৰস্তুত কৰা চিৰাপখিনি দিব।
৬) ইচ্ছা কৰিলে ওপৰত ইলাচিৰ গুড়ি অলপ দিব।
৭) এতিয়া এই আটাটো কম জুইত লৰাই থাকি পানীখিনি সম্পূৰ্ণ শুকুৱাই লওক।
৮) যেতিয়া কেৰাহীৰ দাঁতিত ঘিউ ওলাবলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে আপোনাৰ হালোৱা সাজু হৈছে।
৯) এতিয়া ৫ৰ পৰা ৭ মিনিট সিজোৱাৰ পিছত গেছৰ পৰা উলিয়াই দিব।
১০) ইয়াৰ পিছত হালোৱাত কটা আলমণ্ড, কাজু বাদাম আৰু কুটি লোৱা আখৰোট আৰু পিষ্টাৰে সজাই লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ