--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাৰদীয় নৱৰাত্ৰিৰ সপ্তম দিন। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ৯ দিন ধৰি দেৱী দুৰ্গাৰ নটা ৰূপ পূজা কৰে। নৱৰাত্ৰিৰ সময়তো বহু ভক্তই ৯ দিন ব্ৰত পালন কৰে। এনে অৱস্থাত মানুহে বিভিন্ন প্ৰকাৰৰ ভোগ প্ৰস্তুত কৰি দেৱীক আগবঢ়াই দিয়ে আৰু লগতে নিজেও সেৱন কৰে। 

ভাৰতীয় যিকোনো উৎসৱ হওক, আটাৰ হালোৱাই উপবাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্ৰতৰ সময়ত মিঠা কিবা এটা সেৱন কৰিবলৈ আটাৰ হালোৱা বনাব পাৰি। জানো আহক এই ভোগ বনোৱাৰ পদ্ধতি। দেশী ঘিউৰ মিশ্ৰণেৰে তৈয়াৰী এই হালোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰী। লগতে উপবাসৰ সময়ত শৰীৰক শক্তি প্ৰদান কৰে। এই বিশেষ ৰেচিপি তৈয়াৰ পদ্ধতি শিকি আহক...

আটাৰ হালোৱা বনাবলৈ উপকৰণ-
দেশী ঘিউ, চেনি, কিছু ইলাচি গুটি, কাজু বাদাম, আলমণ্ড, পিষ্টা, কুটি লোৱা নাৰিকল আৰু আটা লাগে।এই হালোৱা মাত্ৰ ৩০ মিনিটতে সাজু হয়।

১) আটাখিনি প্ৰথমে চালনিত চাফা কৰি লওক
২) এতিয়া কেৰাহীত ঘিউ দি তাত ইলাচি গুটি কিছু দিব। তাৰ পিছত তাত আটা দিব।
৩) এতিয়া এই আটা লাহে লাহে ভাজি থাকিব যেতিয়ালৈকে ই পাতল সোণালী নহয়।
৪) আনফালে কেৰাহীত পানী আৰু চেনি কম জুইত ৰাখি চেনীৰ চিৰাপ প্ৰস্তুত কৰিব।
৫) আটাখিনি সম্পূর্ণ পোৰা হলে তাত প্ৰস্তুত কৰা চিৰাপখিনি দিব।
৬) ইচ্ছা কৰিলে ওপৰত ইলাচিৰ গুড়ি অলপ দিব।
৭) এতিয়া এই আটাটো কম জুইত লৰাই থাকি পানীখিনি সম্পূৰ্ণ শুকুৱাই লওক।
৮) যেতিয়া কেৰাহীৰ দাঁতিত ঘিউ ওলাবলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে আপোনাৰ হালোৱা সাজু হৈছে।
৯) এতিয়া ৫ৰ পৰা ৭ মিনিট সিজোৱাৰ পিছত গেছৰ পৰা উলিয়াই দিব।
১০) ইয়াৰ পিছত হালোৱাত কটা আলমণ্ড, কাজু বাদাম আৰু কুটি লোৱা আখৰোট আৰু পিষ্টাৰে সজাই লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ