--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০২৩ চনৰ ২২ অক্টোবৰ, দেওবাৰ। আজি মহা অষ্টমী। দেৱী দুৰ্গাৰ শ্ৰীচৰণত আজি ভক্তই মনৰ কামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনাব। জানো আহক আজিৰ দিনটো আপোনাৰ কেনে যাব-
মেষ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত যিসকলে নিযুক্তিৰ দিশত চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে ভাল খবৰ আহিব। আজি তেওঁলোকে হয়তো তেওঁলোকে আশা কৰা  অনুসৰি ফলাফল শুনিব পাৰে।  প্ৰেমত ভাল দিন৷ খৰচ বৃদ্ধিৰ যোগ৷ পেটৰ ৰোগৰ ক্ষেত্ৰত সাৱধান হ’ব৷ 


বৃষ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোঅতি ভাল দিন। অৱশ্যে যদি আজি কাৰোবাৰ সৈতে ধনৰ লেনদেন কৰাৰ কথা ভাবি আছে, সাৱধান হ’ব। পৰিয়ালৰ ব্যয় হঠাতে বৃদ্ধি হ'ব পাৰে। প্ৰেমত শুভ৷


মিথুন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো চাকৰিয়াল সকলৰ সন্মান বৃদ্ধিৰ দিন । আজি সন্তানৰ পৰা ভাল এটা খবৰ শুনিব, যিয়ে সুখী কৰিব। যদি পৰিয়ালত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল, ই আজি সমাপ্ত হ’ব পাৰে।চকুৰ যত্ন ল’ব৷ 

কৰ্কট ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া  দিন । প্ৰেমিকসকলে প্ৰিয়জনৰ পৰা  উপহাৰ আৰু সন্মান লাভ কৰিব পাৰে।  শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। যদি আপুনি আজি ভৱিষ্যতৰ কিছুমান পৰিকল্পনাত বিনিয়োগ কৰে, সেই আঁচনিবোৰে ভৱিষ্যতে যথেষ্ট লাভালাভ প্ৰদান কৰিব।


সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ বিষয়ে সচেতন হ’ব । যদি  কষ্ট বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ অপ্ৰয়োজনীয় ব্যয় হ’ব পাৰে। যদি আপোনাৰ উদ্যোগিক বিবাদ আছিল, সেইটোও আজি সমাধান কৰিব পাৰিব।আলহীৰ আগমণৰ যোগ৷  

কন্যা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ৰাতিপুৱাৰ পৰা উদ্যমী অনুভৱ কৰিব। যাৰ ফলত আপুনি আপোনাৰ সকলো কাম কৰিবলৈ বাট চাই থাকিব আৰু সেইবোৰ যথেষ্ট পৰিমাণে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আনৰ মংগলৰ বাবে কিছু ধন খৰচ কৰিব। অংশীদাৰীত্ব ব্যৱসায়ত লাভালাভ প্ৰদান কৰিব পাৰে। শিঙাল যন্তুৰ পৰা সাৱধানে থাকিব৷


তুলা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত পাৰিবাৰিক জীৱন আজি সুখী হ’ব। নিযুক্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আজি আপুনি ব্যৱসায়ৰ বাবে অকস্মাত ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। আজি আপোনাৰ এটা দীঘলীয়া অমীমাংসিত কাম সম্পন্ন হ’ব৷ শিঙাল জন্তু, ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব৷  

বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মিশ্ৰিত ফলাফল আহিব। যিসকলে ৰাজনীতিৰ দিশত চেষ্টা কৰি আছে তেওঁলোকে কৰা কামক প্ৰশংসা কৰা হ’ব। উপাৰ্জন আৰু ব্যয় দুয়োটা সন্তুলিত কৰিব লাগিব। যদি আপুনি নকৰে, আপুনি ভৱিষ্যতে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব পাৰে। চকু-কাণৰ যত্ন ল’ব৷ 

 

ধনু ৰাশি-   এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত ইতিবাচক ফলাফল আহিব। শিক্ষাৰ্থীসকলে চেষ্টা অব্যাহত ৰাখক। ব্যৱসায় কৰা লোকসকলে আজি কামৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। খৰচ বৃদ্ধি হ’ব পাৰে৷ নতুন কামৰ সংযোগ৷ 


মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এটা স্বাভাৱিক দিন। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰি চাব৷  যদি আপুনি আজি কাৰোবাক টকা ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷পিছবেলালৈ হাতলৈ ধন আহিব পাৰে৷ 

কুম্ভ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এটা ভাল দিন হ’ব। যদি আপুনি কাৰোবাৰ পৰা কিছু টকা ধাৰ লৈছিল, আজি আপুনি ইয়াক পৰিশোধ কৰিবলৈ সক্ষম হ’ব।  আজি  ব্যৱসায়ৰ কোনো চুক্তি কৰিব নালাগে। প্ৰেমত মধ্যম৷ গুণীজনৰ পৰা সহায় পাব৷ 

মীন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ব্যস্ততাৰ দিন। যদি আপুনি আজি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে কৰিব পাৰে । কথা-বাৰ্তাত সংযম অৱলম্বন কৰক। পেটৰ যত্ন ল’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ