--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০২৩ চনৰ ২২ অক্টোবৰ, দেওবাৰ। আজি মহা অষ্টমী। দেৱী দুৰ্গাৰ শ্ৰীচৰণত আজি ভক্তই মনৰ কামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনাব। জানো আহক আজিৰ দিনটো আপোনাৰ কেনে যাব-
মেষ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত যিসকলে নিযুক্তিৰ দিশত চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে ভাল খবৰ আহিব। আজি তেওঁলোকে হয়তো তেওঁলোকে আশা কৰা  অনুসৰি ফলাফল শুনিব পাৰে।  প্ৰেমত ভাল দিন৷ খৰচ বৃদ্ধিৰ যোগ৷ পেটৰ ৰোগৰ ক্ষেত্ৰত সাৱধান হ’ব৷ 


বৃষ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোঅতি ভাল দিন। অৱশ্যে যদি আজি কাৰোবাৰ সৈতে ধনৰ লেনদেন কৰাৰ কথা ভাবি আছে, সাৱধান হ’ব। পৰিয়ালৰ ব্যয় হঠাতে বৃদ্ধি হ'ব পাৰে। প্ৰেমত শুভ৷


মিথুন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো চাকৰিয়াল সকলৰ সন্মান বৃদ্ধিৰ দিন । আজি সন্তানৰ পৰা ভাল এটা খবৰ শুনিব, যিয়ে সুখী কৰিব। যদি পৰিয়ালত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল, ই আজি সমাপ্ত হ’ব পাৰে।চকুৰ যত্ন ল’ব৷ 

কৰ্কট ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া  দিন । প্ৰেমিকসকলে প্ৰিয়জনৰ পৰা  উপহাৰ আৰু সন্মান লাভ কৰিব পাৰে।  শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। যদি আপুনি আজি ভৱিষ্যতৰ কিছুমান পৰিকল্পনাত বিনিয়োগ কৰে, সেই আঁচনিবোৰে ভৱিষ্যতে যথেষ্ট লাভালাভ প্ৰদান কৰিব।


সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ বিষয়ে সচেতন হ’ব । যদি  কষ্ট বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ অপ্ৰয়োজনীয় ব্যয় হ’ব পাৰে। যদি আপোনাৰ উদ্যোগিক বিবাদ আছিল, সেইটোও আজি সমাধান কৰিব পাৰিব।আলহীৰ আগমণৰ যোগ৷  

কন্যা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ৰাতিপুৱাৰ পৰা উদ্যমী অনুভৱ কৰিব। যাৰ ফলত আপুনি আপোনাৰ সকলো কাম কৰিবলৈ বাট চাই থাকিব আৰু সেইবোৰ যথেষ্ট পৰিমাণে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আনৰ মংগলৰ বাবে কিছু ধন খৰচ কৰিব। অংশীদাৰীত্ব ব্যৱসায়ত লাভালাভ প্ৰদান কৰিব পাৰে। শিঙাল যন্তুৰ পৰা সাৱধানে থাকিব৷


তুলা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত পাৰিবাৰিক জীৱন আজি সুখী হ’ব। নিযুক্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আজি আপুনি ব্যৱসায়ৰ বাবে অকস্মাত ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। আজি আপোনাৰ এটা দীঘলীয়া অমীমাংসিত কাম সম্পন্ন হ’ব৷ শিঙাল জন্তু, ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব৷  

বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মিশ্ৰিত ফলাফল আহিব। যিসকলে ৰাজনীতিৰ দিশত চেষ্টা কৰি আছে তেওঁলোকে কৰা কামক প্ৰশংসা কৰা হ’ব। উপাৰ্জন আৰু ব্যয় দুয়োটা সন্তুলিত কৰিব লাগিব। যদি আপুনি নকৰে, আপুনি ভৱিষ্যতে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব পাৰে। চকু-কাণৰ যত্ন ল’ব৷ 

 

ধনু ৰাশি-   এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত ইতিবাচক ফলাফল আহিব। শিক্ষাৰ্থীসকলে চেষ্টা অব্যাহত ৰাখক। ব্যৱসায় কৰা লোকসকলে আজি কামৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। খৰচ বৃদ্ধি হ’ব পাৰে৷ নতুন কামৰ সংযোগ৷ 


মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এটা স্বাভাৱিক দিন। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰি চাব৷  যদি আপুনি আজি কাৰোবাক টকা ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷পিছবেলালৈ হাতলৈ ধন আহিব পাৰে৷ 

কুম্ভ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এটা ভাল দিন হ’ব। যদি আপুনি কাৰোবাৰ পৰা কিছু টকা ধাৰ লৈছিল, আজি আপুনি ইয়াক পৰিশোধ কৰিবলৈ সক্ষম হ’ব।  আজি  ব্যৱসায়ৰ কোনো চুক্তি কৰিব নালাগে। প্ৰেমত মধ্যম৷ গুণীজনৰ পৰা সহায় পাব৷ 

মীন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ব্যস্ততাৰ দিন। যদি আপুনি আজি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে কৰিব পাৰে । কথা-বাৰ্তাত সংযম অৱলম্বন কৰক। পেটৰ যত্ন ল’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ