--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে মা দুৰ্গাৰ পূজা উৎসৱ নৱৰাত্ৰি। আজি নৱৰাত্ৰিৰ তৃতীয় দিন। এইবাৰ মা দুৰ্গা হাতীৰ বাহনত উঠি পৃথিৱীলৈ আহিছে। মা দুৰ্গা যেতিয়াই হাতীত উঠি আহে, তেতিয়াই ইয়াক অতি ভাল বুলি গণ্য কৰা হয়। মানুহৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। টকাৰ অভাৱ নহয়। এইবাৰ নৱৰাত্ৰিত কি ক্ৰয় কৰিলে শুভ জানো আহক। 

১) ৰূপৰ হাতীঃ যদি ঘৰত প্ৰায়ে আৰ্থিক সংকট হয়, তেন্তে তাৰ প্ৰতিকাৰ ৰূপৰ হাতীৰে কৰিব পাৰি। নৱৰাত্ৰিত এটা সৰু ৰূপৰ হাতী কিনি টকা ৰখা ঠাইত ৰাখিলে আশীৰ্বাদ পোৱা যায়। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে। ইয়াৰ বাবেই ব্যক্তিজনৰ অৰ্থনৈতিক অৱস্থাও অতি শক্তিশালী হয়।

২) পিতলৰ হাতীঃ বাস্তুৰ মতে, এটা সৰু পিতলৰ হাতী কিনি ঘৰলৈ আনিব পাৰি। ঘৰত পিতলৰ হাতী এটা ৰাখিলে ইতিবাচক শক্তি আহে। ইয়াৰ ফলত নেতিবাচকতা আঁতৰ হয়। ঘৰখনলৈ আহে সমৃদ্ধি। প্ৰগতিৰ নতুন দুৱাৰ মুকলি হয়।

৩) হাতীৰ যোৰঃ যদি বিবাহিত জীৱনত কোনো ধৰণৰ অসুবিধা হয় বা বিবাহিত জীৱনত অসুবিধা চলি আছে, তেন্তে শোৱনি কোঠাত এযোৰ হাতী ৰাখিলে বহুত লাভ হয়। ইয়াৰ ফলত বিবাহিত জীৱনত সুখৰ সৃষ্টি হয়। স্বামী-স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক স্থাপন হয়। শোৱনি কোঠাত এযোৰ হাতী ৰাখোতে এটা কথা মনত ৰাখিব যে সিহঁতৰ মুখখন ইটোৱে সিটোৰ ফালে হ’ব লাগে।

৪) শুঁড় তুলি থোৱা হাতীঃ নৱৰাত্ৰিত ৰূপৰ বা পিতলৰ হাতী কিনিব নোৱাৰিলে হাতীৰ যিকোনো প্ৰতিমূৰ্তি বা ছবিও স্থাপন কৰিব পাৰে। কিন্তু ইয়াৰ বিষয়ে এটা কথা মনত ৰাখিব লাগিব যে হাতীটোৰ শুঁড় ওপৰলৈ তুলি থোৱা হব লাগে। ইয়াক উত্তৰ দিশৰ ফালে ৰাখিব লাগে। এনে কৰিলে ঘৰখনলৈ সুখ, সমৃদ্ধি আৰু শান্তি আহে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু