--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে মা দুৰ্গাৰ পূজা উৎসৱ নৱৰাত্ৰি। আজি নৱৰাত্ৰিৰ তৃতীয় দিন। এইবাৰ মা দুৰ্গা হাতীৰ বাহনত উঠি পৃথিৱীলৈ আহিছে। মা দুৰ্গা যেতিয়াই হাতীত উঠি আহে, তেতিয়াই ইয়াক অতি ভাল বুলি গণ্য কৰা হয়। মানুহৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। টকাৰ অভাৱ নহয়। এইবাৰ নৱৰাত্ৰিত কি ক্ৰয় কৰিলে শুভ জানো আহক। 

১) ৰূপৰ হাতীঃ যদি ঘৰত প্ৰায়ে আৰ্থিক সংকট হয়, তেন্তে তাৰ প্ৰতিকাৰ ৰূপৰ হাতীৰে কৰিব পাৰি। নৱৰাত্ৰিত এটা সৰু ৰূপৰ হাতী কিনি টকা ৰখা ঠাইত ৰাখিলে আশীৰ্বাদ পোৱা যায়। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে। ইয়াৰ বাবেই ব্যক্তিজনৰ অৰ্থনৈতিক অৱস্থাও অতি শক্তিশালী হয়।

২) পিতলৰ হাতীঃ বাস্তুৰ মতে, এটা সৰু পিতলৰ হাতী কিনি ঘৰলৈ আনিব পাৰি। ঘৰত পিতলৰ হাতী এটা ৰাখিলে ইতিবাচক শক্তি আহে। ইয়াৰ ফলত নেতিবাচকতা আঁতৰ হয়। ঘৰখনলৈ আহে সমৃদ্ধি। প্ৰগতিৰ নতুন দুৱাৰ মুকলি হয়।

৩) হাতীৰ যোৰঃ যদি বিবাহিত জীৱনত কোনো ধৰণৰ অসুবিধা হয় বা বিবাহিত জীৱনত অসুবিধা চলি আছে, তেন্তে শোৱনি কোঠাত এযোৰ হাতী ৰাখিলে বহুত লাভ হয়। ইয়াৰ ফলত বিবাহিত জীৱনত সুখৰ সৃষ্টি হয়। স্বামী-স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক স্থাপন হয়। শোৱনি কোঠাত এযোৰ হাতী ৰাখোতে এটা কথা মনত ৰাখিব যে সিহঁতৰ মুখখন ইটোৱে সিটোৰ ফালে হ’ব লাগে।

৪) শুঁড় তুলি থোৱা হাতীঃ নৱৰাত্ৰিত ৰূপৰ বা পিতলৰ হাতী কিনিব নোৱাৰিলে হাতীৰ যিকোনো প্ৰতিমূৰ্তি বা ছবিও স্থাপন কৰিব পাৰে। কিন্তু ইয়াৰ বিষয়ে এটা কথা মনত ৰাখিব লাগিব যে হাতীটোৰ শুঁড় ওপৰলৈ তুলি থোৱা হব লাগে। ইয়াক উত্তৰ দিশৰ ফালে ৰাখিব লাগে। এনে কৰিলে ঘৰখনলৈ সুখ, সমৃদ্ধি আৰু শান্তি আহে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক