--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ তাৰকাক টাৰ্গেট কৰাৰ কোনো সুযোগ এৰি নিদিয়ে কংগনা ৰাণাৱটে। প্ৰতিদিনে কোনোবা নহয় কোনোবা তাৰকা বা আনজন নিশ্চিতভাৱে টুইটাৰত অভিনেত্ৰীগৰাকীৰ টাৰ্গেটত আহে।

কিছুদিন পূৰ্বে কংগনাই অমিতাভ বচ্চন আৰু টাইগাৰ শ্ৰফৰ ছবি ‘গণপট’ৰ সৈতে ‘ইমাৰ্জেন্সি’ৰ সংঘৰ্ষক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। এতিয়া শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ ইজনৰ পিছত সিজনকৈ টুইট কৰি বহু অভিনেতা-অভিনেত্ৰীক টাৰ্গেট কৰিছে। কংগনাই বলীউড মাফিয়াক লৈ এনে এটা কথা ক’লে, যিটো শুনি ছ’চিয়েল মিডিয়াত মানুহবোৰো আচৰিত হ’ল।

কংগনা ৰানোতে টুইট কৰি কয়, ‘ভিখাৰী ফিল্ম মাফিয়াই মোৰ মনোভাৱক মোৰ অহংকাৰ বুলি অভিহিত কৰিছিল, কাৰণ মই আন ছোৱালীৰ দৰে হ্ঁহা, বিয়াত নচা, ৰাতি ফোন কৰিলে নায়কৰ কোঠালৈ যোৱা, এই সকলোবোৰ স্পষ্টভাৱে নিষিদ্ধ কৰিছিলোঁ।


মোক পাগল বুলি ঘোষণা কৰি জেললৈ পঠিয়াব বিচাৰিছিল’। ইয়াত কংগনা শান্ত নহ’ল, তেওঁ আৰু লিখিছে, ‘এয়া মনোভাৱ নে অধ্যৱসায়? নিজকে উন্নত কৰাৰ সলনি মোক উন্নত কৰিবলৈ গৈছে।

কংগনা ৰানোতে নিজৰ কথাটো আৰু আগুৱাই লৈ ক’লে, ‘কথাটো হ’ল মই নিজৰ বাবে একো নিবিচাৰো, মই মাত্ৰ সকলো বন্ধকত ৰাখি এখন ছবি নিৰ্মাণ কৰিছো। দানৱবোৰ ধ্বংস হ’ব আৰু শাস্তি পাব, মোক কোনেও দোষ দিব নোৱাৰে’।

উল্লেখযোগ্য যে কংগনা ৰাণাৱটে আগদিনা মাতৃৰ এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ মাতৃক পথাৰত কাম কৰা দেখা গৈছে। একাংশ লোকে এই পোষ্টটো টাৰ্গেট কৰিলে কংগনাই টুইট কৰি কয়, ' মোৰ কাৰণে মা ধনী হোৱা নাই।' মই এটা ৰাজনৈতিক পৰিয়ালৰ ছোৱালী। মায়ে শিক্ষকতা কৰা ২৫ বছৰতকৈও অধিক হ’ল।

মোৰ মনোভাৱ ক’ৰ পৰা আহিছে চলচ্চিত্ৰ মাফিয়াই বুজিব লাগে যে বিয়াত নচাৰ দৰে সস্তীয়া কাম মই কিয় কৰিব নোৱাৰো'। কংগনা ৰানোটৰ ছবিৰ কথা ক'বলৈ গ'লে অতি সোনকালে তেওঁক দেখা যাব ‘ইমাৰ্জেন্সি’ত। এই ছবিখনত অভিনয়ৰ সমান্তৰালকৈ তেওঁ ছবিখনৰ পৰিচালনাও কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা