--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰাণাৱটে নিজৰ কামতকৈ বৰ্তমান বক্তব্যৰ বাবেহে অধিক বাতৰিৰ শিৰোনাম দখল কৰি আছে। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী আৰু প্ৰায়ে তেওঁ কাৰোবাক টাৰ্গেট কৰা দেখা যায়। এইবাৰ কংগনাই বলীউডৰ মাফিয়াক টাৰ্গেট কৰি কিছু কথা কৈছে। কংগনাই নিজৰ টুইটাৰ একাউণ্টৰ পৰা দুটা-তিনিটা টুইট কৰিছে। 

কংগনা ৰানাৱটে টুইট কৰি লিখিছে, ‘ভিক্ষাৰী চলচ্চিত্ৰ মাফিয়াই মোৰ মনোভাৱক মোৰ অহংকাৰ বুলি অভিহিত কৰিছে। কাৰণ মই তেওঁলোকৰ সন্মুখত দাঁত উলিয়াই হাঁহি নাথাকো, আইটেম নাম্বৰ নানাচো, বিয়াত আন ছোৱালীৰ দৰে নাচিবলৈ নাযাওঁ। হিৰোৰ কোঠালৈ ৰাতি মাতিলে মই নাযাওঁ। মোক পাগল বুলি ঘোষণা কৰি জেললৈ পঠিয়াবলৈ চেষ্টা কৰিছে।

কংগনাই দ্বিতীয় টুইটোটত লিখিছে এয়া অহংকাৰ নে সততা? তেওঁলোকে নিজকে শুধৰোৱাৰ সলনি মোক সলনি হোৱাৰ কথা কবলৈ আহে! আচল কথাটো হ’ল মই নিজৰ বাবে একো নিবিচাৰো। মই মাত্ৰ সকলো বন্ধকত ৰাখি ছবি এখন নিৰ্মাণ কৰিছো। দানৱবোৰ নিঃশেষ হৈ যাব। ইয়াৰ বাবে মোক কোনেও দোষ নিদিব। অৱশ্যে এই টুইটসমূহত কংগনাই কোনো বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰা নাই। আগন্তুক সময়ত কংগনা ৰাণাৱটক ‘ইমাৰ্জেন্সী’ ছবিখনত দেখা যাব বুলি জনাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক