--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰৰ 'ৰামায়ণ'কলৈ এতিয়া বেছ চৰ্চা চলি আছে। নীতিশ তিৱাৰীৰ 'ৰামায়ণ'ৰ শ্বুটিঙৰ কামো  আৰম্ভ হৈছে।  ছবি খনৰ প্ৰায়ভাগ অভিনেতা-অভিনেত্ৰীৰ নাম ঠিক হৈছে। কিন্তু ছবি খনৰ সংগীত পৰিচালনা কোনে কৰিব? জানিব পৰা মতে  দুগৰাকী  অস্কাৰ বিজয়ী বিখ্যাত সংগীতজ্ঞই 'ৰামায়ণ'ৰ বাবে সংগীত ৰচনা কৰাৰ দায়িত্বত থাকিব। 

তেওঁলোকৰ এগৰাকী হৈছে ভাৰতৰে  আৰু আনগৰাকী বিদেশৰ। কিন্তু তেওঁলোক কোন? কিংবদন্তী অস্কাৰ বিজয়ী গায়ক এ আৰ ৰহমানে ৰামায়ণৰ বাবে সংগীত ৰচনা কৰিব। আনগৰাকী সংগীত পৰিচালক  হৈছে অস্কাৰ বিজয়ী জাৰ্মান সংগীতজ্ঞ  হান্স জিমাৰ। অ হান্স জিমাৰে 'দ্য ডাৰ্ক নাইট', 'দ্য লায়ন কিং', 'মেন অফ ষ্টীল', 'পাইৰেটছ অফ দ্য কেৰিবিয়ান', 'ইনচেপচন'ৰ দৰে বিখ্যাত ছবিৰ সংগীত ৰচনা কৰিছে। ২০২২  চনত তেওঁ "টিউন"ৰ বাবে  অস্কাৰ লাভ কৰিছিল।

অৱশ্যে, হান্স জিমাৰে আগতে কেতিয়াও ভাৰতীয় ছবিৰ বাবে কাম কৰা নাছিল। তেওঁ ৰামায়ণৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। জনা গৈছে  যে নিৰ্মাতাসকলে এই ডাঙৰ বাজেটৰ ছবিখনৰ বাবে কোনো ত্ৰুটি ৰাখিব নিবিচাৰে। সেয়ে ছবি খনৰ সংগীতো নিখুত কৰাৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। ইফালে, মুম্বাই ফিল্ম চিটিত 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। ছবিৰ ছেটৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ' লিক হৈছে। ভিডিঅ'ত অযোধ্যা চহৰৰ এক আভাস দেখুওৱা হৈছে। 

অৰুণ গোভিল আৰু লাৰা দত্তকো  দেখা গৈছে। অৰুণ গোভিলে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছে আৰু লাৰা দত্তই কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ পূৰ্বে, খবৰ পোৱা গৈছিল যে নীতিশ তিৱাৰীৰ ৰামায়ণত, সীতা হৈছে চাই পল্লৱী, ৰাৱণ হৈছে দক্ষিণৰ যশ, হনুমান হৈছে ছানি দেওল। সুৰ্পনখাৰ  চৰিত্ৰত ৰকুল প্ৰীত সিং, ববি দেউল আৰু বিজয় সেতুপতিক ক্ৰমে কুম্ভকৰ্ণ আৰু বিভীষণ হিচাপে দেখা যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু