--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰৰ 'ৰামায়ণ'কলৈ এতিয়া বেছ চৰ্চা চলি আছে। নীতিশ তিৱাৰীৰ 'ৰামায়ণ'ৰ শ্বুটিঙৰ কামো  আৰম্ভ হৈছে।  ছবি খনৰ প্ৰায়ভাগ অভিনেতা-অভিনেত্ৰীৰ নাম ঠিক হৈছে। কিন্তু ছবি খনৰ সংগীত পৰিচালনা কোনে কৰিব? জানিব পৰা মতে  দুগৰাকী  অস্কাৰ বিজয়ী বিখ্যাত সংগীতজ্ঞই 'ৰামায়ণ'ৰ বাবে সংগীত ৰচনা কৰাৰ দায়িত্বত থাকিব। 

তেওঁলোকৰ এগৰাকী হৈছে ভাৰতৰে  আৰু আনগৰাকী বিদেশৰ। কিন্তু তেওঁলোক কোন? কিংবদন্তী অস্কাৰ বিজয়ী গায়ক এ আৰ ৰহমানে ৰামায়ণৰ বাবে সংগীত ৰচনা কৰিব। আনগৰাকী সংগীত পৰিচালক  হৈছে অস্কাৰ বিজয়ী জাৰ্মান সংগীতজ্ঞ  হান্স জিমাৰ। অ হান্স জিমাৰে 'দ্য ডাৰ্ক নাইট', 'দ্য লায়ন কিং', 'মেন অফ ষ্টীল', 'পাইৰেটছ অফ দ্য কেৰিবিয়ান', 'ইনচেপচন'ৰ দৰে বিখ্যাত ছবিৰ সংগীত ৰচনা কৰিছে। ২০২২  চনত তেওঁ "টিউন"ৰ বাবে  অস্কাৰ লাভ কৰিছিল।

অৱশ্যে, হান্স জিমাৰে আগতে কেতিয়াও ভাৰতীয় ছবিৰ বাবে কাম কৰা নাছিল। তেওঁ ৰামায়ণৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। জনা গৈছে  যে নিৰ্মাতাসকলে এই ডাঙৰ বাজেটৰ ছবিখনৰ বাবে কোনো ত্ৰুটি ৰাখিব নিবিচাৰে। সেয়ে ছবি খনৰ সংগীতো নিখুত কৰাৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। ইফালে, মুম্বাই ফিল্ম চিটিত 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। ছবিৰ ছেটৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ' লিক হৈছে। ভিডিঅ'ত অযোধ্যা চহৰৰ এক আভাস দেখুওৱা হৈছে। 

অৰুণ গোভিল আৰু লাৰা দত্তকো  দেখা গৈছে। অৰুণ গোভিলে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছে আৰু লাৰা দত্তই কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ পূৰ্বে, খবৰ পোৱা গৈছিল যে নীতিশ তিৱাৰীৰ ৰামায়ণত, সীতা হৈছে চাই পল্লৱী, ৰাৱণ হৈছে দক্ষিণৰ যশ, হনুমান হৈছে ছানি দেওল। সুৰ্পনখাৰ  চৰিত্ৰত ৰকুল প্ৰীত সিং, ববি দেউল আৰু বিজয় সেতুপতিক ক্ৰমে কুম্ভকৰ্ণ আৰু বিভীষণ হিচাপে দেখা যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ