--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১০ চনত মুক্তি পোৱা ‘দুলহা মিল গয়া’ ছবিত শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল অভিনেতা ফাৰদীন খানক। ১৪ বছৰ ধৰি গ্লেমাৰ জগতৰ পৰা আঁতৰি থকা ফাৰদীন খান পুনৰ উভতি আহিবলৈ ওলাইছে অভিনয় জগতলৈ। ফাৰদীন খানৰ ওপৰেৰে বহু ধুমুহা পাৰ হৈ গৈছে। পত্নী নাটাশাৰ ছমহীয়া গৰ্ভাৱস্থাত গৰ্ভতে মৃত্যু হৈছিল যমজ সন্তানৰ। ইয়াৰ পাছতে অভিনেতাজন দুখত ভাঙি পৰিছিল। তেওঁ ডিপ্ৰেছনত ভুগিছিল। 
Fardeen Khan turns 43: 6 hot photos of the someone that you used to know -  India Today
ডিপ্ৰেছনৰ বাবে তেওঁৰ ওজন বহুত বৃদ্ধি পাইছিল। কিন্তু বৰ্তমান ফাৰদীন-নাটাশা দুটা সন্তানৰ সৈতে এটা সুখী জীৱন কটাই আছে। দুবছৰমান পূৰ্বে বলীউডলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিছিল ফাৰদীনে। ওজন কমোৱাৰ পিছত ফাৰদীন আগৰ দৰেই ধুনীয়া হৈ পৰিছে। শেহতীয়াকৈ তেওঁ সঞ্জয় লীলা ভাঞ্চালীৰ নেটফ্লিক্স ৱেব ছিৰিজ ‘হীৰামাণ্ডী’ৰ জৰিয়তে কমবেক কৰিবলৈ ওলাইছে।
Fardeen Khan on getting body shamed: 'I ...
এই নাৰীকেন্দ্ৰিক অ’টিটি প্ৰজেক্টত ফাৰদীনৰ উপৰিও মনীষা কৈৰালা, সোণাক্ষী সিনহা, অদিতি ৰাও হাইদৰী, ৰিচা চাধা, সঞ্জিদা শ্বেখ আৰু শাৰ্মিন ছেগালেও অভিনয় কৰিছে। 

শনিবাৰে প্ৰডাকচন হাউচে উন্মোচন কৰে চাৰিখন নতুন চৰিত্ৰৰ পোষ্টাৰ। হীৰামাণ্ডীৰ জৰিয়তে ১৪ বছৰৰ পাছত পুনৰ পৰ্দালৈ ঘূৰি আহিবলৈ ওলাইছে ফাৰদীন খান। নতুন পোষ্টাৰখনত অভিনেতাগৰাকীক নৱাবী ভংগীমাত বহি থকা দেখা গৈছে। ফাৰদীন চোফাত হেলান দি আছে, কাপোৰত আভিজাত্যৰ স্পৰ্শ দেখিবলৈ পোৱা গৈছে! সন্মুখত ৰখা গহনাৰে ভৰা এটা বাকচ। হীৰামাণ্ডীত তেওঁক ৱলী মহম্মদৰ ৰূপত দেখা যাব।
Heeramandi: Fardeen Khan makes a comeback after 14 years with Sanjay Leela  Bhansali series. Check out first look poster | Web Series - Hindustan Times
শেখৰ সুমন আৰু পুত্ৰ অধ্যয়ন সুমনেও এই নেটফ্লিক্স ছিৰিজৰ অংশ হৈছে। বহু প্ৰতিভাশালী শেখৰ সুমনে জুলফিকাৰৰ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ