--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ মতে সূৰ্য্যদেৱতা হৈছে একমাত্ৰ ভগৱান যিয়ে নিয়মিতভাৱে সকলোকে দৰ্শন দিয়ে। নিয়মিতভাৱে স্নান কৰাৰ পাছত সূৰ্য্য দেৱক অৰ্ঘ্য প্ৰদান কৰিলে ব্যক্তিয়ে জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ লগতে সমাজত সন্মান আৰু ধন-সম্পত্তি অৰ্জন কৰে। ইয়াৰ সমান্তৰালকৈ সূৰ্য্য দেৱতাই ভক্তৰ প্ৰতি সন্তুষ্ট হৈ সকলো কামনা পূৰণ কৰে।

 জ্যোতিষশাস্ত্ৰৰ মতে যদি নিয়মিতভাৱে সূৰ্য্যদেৱক পূজা কৰিব নোৱাৰে, তেন্তে দেওবাৰে পূজা কৰি সপ্তাহৰ সাতদিনৰ পুণ্য লাভ কৰে। এনে পৰিস্থিতিত এনে কিছুমান ব্যৱস্থা জ্যোতিষশাস্ত্ৰত কোৱা হৈছে, যিবোৰ সঠিকভাৱে কৰিলে সূৰ্য্যদেৱৰ আশীৰ্বাদৰ লগতে মালক্ষ্মীৰ আশীৰ্বাদো পোৱা যায়।

 দেওবাৰে এই প্ৰতিকাৰসমূহ মানি চলক-

* দেওবাৰে পুৱা স্নান কৰাৰ পাছত তামৰ পাত্ৰত সূৰ্য্যদেৱক পানী দিব। পানী আগবঢ়াওঁতে মনত ৰাখিব যে সূৰ্যৰ পোহৰ পানীৰ ধাৰেৰে আপোনাৰ ওপৰত পৰে।

* দেওবাৰে সূৰ্য্যদেৱৰ আশীৰ্বাদ পাবলৈ পদ্ধতিগতভাৱে আদিত্য স্ত্ৰোতৰ পাঠ কৰক।

* যদি আপুনি আৰ্থিকভাৱে অসুবিধা পায়, তেন্তে সূৰ্য্যদেৱৰ লগতে দেওবাৰে মালক্ষ্মীকো পূজা কৰিলে আৰ্থিক সমস্যা ওৰ পৰে।

* চাকৰি, ব্যৱসায়ত উন্নতি আৰু অগ্ৰগতি পাবলৈ পানীত চাউল আৰু গুৰ মিহলাই সূৰ্য্যদেৱক অৰ্পণ কৰক। এই প্ৰতিকাৰে এজন ব্যক্তিৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা কঢ়িয়াই আনে।

* জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য্যদেৱৰ আশীৰ্বাদ পাবলৈ দেওবাৰে ব্ৰত পালন কৰি নিমখ খাব নালাগে বুলি কোৱা হয়।

* জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে যিসকল লোকৰ ৰাশিত সূৰ্য্য দুৰ্বল অৱস্থাত থাকে বা অশুভ ফলাফল দিয়ে, তেওঁলোকে দেওবাৰে সূৰ্য্য দেৱক পূজা কৰিব লাগে। লগতে নিয়মিতভাৱে পানী অৰ্ঘ্য দিলেও বিশেষ উপকাৰ পোৱা যায়।

* কেৱল এয়াই নহয়, দেওবাৰে দুখীয়া আৰু আৰ্তজনক দান কৰিলেও সূৰ্য্যদেৱৰ আৰ্শীবাদ পোৱা যায়। ঈশ্বৰৰ কৃপাত এজন ব্যক্তিয়ে সমাজত প্ৰতিষ্ঠিত আৰু আশানুৰূপ সন্মান লাভ কৰে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক