--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি নিছে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰি, উত্তৰে ডিমৰু, পশ্চিমত বট গছ ৰোপন কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম, অশ্বথ, ক'লা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বট গছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ঘৰৰ পশ্চিম দিশে গোলাপ ফুল, ডিমৰু আদি গছ ৰোপণ কৰিলে ভাল। পশ্চিম দিশত কেতিয়াও কল, আম, বট আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয়। ঘৰৰ উত্তৰ দিশত পাখিৰি গছ ৰোপণ কৰিব পাৰি। ঘৰৰ দক্ষিণ-পূব দিশত কেতিয়াও শিমলু, আকণ্ড, অশ্বত্থ, বট আদি গছ ৰোপণ কৰিব নালাগে।

তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায় তেনে গছ ঘৰৰ দক্ষিণ-পূব দিশত ৰোপণ কৰাটো অনুচিত। ঘৰৰ দক্ষিণ-পূব দিশত ডালিম গছ ৰোপণ কৰিলে গৃহস্থৰ শ্রীবৃদ্ধি হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত তেতেলি গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। দক্ষিণ-পশ্চিম দিশত কেতিয়াও কদম গছ ৰোপণ কৰিব নালাগে। ঘৰৰ উত্তৰ-পূব দিশত আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। উত্তৰ-পূব দিশত কল গছ কেতিয়াও ৰোপণ কৰিব নালাগে। বেলগছ সদায় ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। উত্তৰ-পশ্চিম দিশত কেতিয়াও কাঁইটযুক্ত গছ ৰোপণ কৰিব নালাগে।

ঘৰৰ সন্মুখত সদায় তুলসী গছ ৰাখিব লাগে। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে। সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ ৰোপণ কৰিব নালাগে। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত।

অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰিব পাৰি। ঘৰৰ উত্তৰ-পশ্চিম দিশত ফুলৰ বাগিচা ৰাখিব লাগে। তেনে বাগিচাত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিব লাগে। ফুলৰ উপৰি লতাজাতীয় উদ্ভিদো তেনে বাগিচাত ৰোপণ কৰিব পাৰি। ঘৰৰ সদায় উত্তৰ-পূব দিশত ঔষধি গুণযুক্ত গছ ৰোপণ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে