--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা৷ দেশজুৰি নতুন নীৰৱ আতংকৰ সৃষ্টি কৰিছে এই মাৰাত্মক ৰোগবিধে৷ এখন জিলা কাৰাগাৰত এইডছ আক্ৰান্ত লোকৰ কয়দীৰ সংখ্যাই উদ্বিগ্ন কৰি তুলিছে কাৰাগাৰ কৰ্তৃপক্ষই৷ 

কাৰাগাৰখনত ৩৬জনকৈ কয়দী এইডছত আক্ৰান্ত হোৱা ঘটনাই চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগ আৰু ৰাজ্য চৰকাৰখনক৷ এইচ আই ভি পজিটিভ পোৱা সকলো কয়দীকে আৰম্ভ কৰা হৈছে চিকিৎসা আৰু ৰখা হৈছে চিকিৎসকৰ নিৰন্তৰ তত্বাৱধানত৷ 

এইডছ নিয়ন্ত্ৰণ সমিতিৰ নিৰ্দেশনা অনুসৰি, স্বাস্থ্য বিভাগে ২০২৩ৰ ডিচেম্বৰত কাৰাগাৰখনত বন্দী কয়দীসকলৰ এইচ.আই.ভি. স্ক্ৰীণিং কৰিছিল। এই স্ক্ৰীণিংৰ সময়ত প্ৰায় তিনি হাজাৰ বন্দীৰ পৰীক্ষা কৰা হৈছিল৷ 

এতিয়া সেই পৰীক্ষাৰ প্ৰতিবেদনে স্বাস্থ্য বিভাগ আৰু কাৰাগাৰ প্ৰশাসনত হাহাকাৰ লগাইছে। তথ্য অনুসৰি, অনুসন্ধানত ৩৬জন বন্দীক এইচ.আই.ভি. পজিটিভ পোৱা গৈছে। ৩৬জন নতুন এইচ আই ভি সংক্ৰমিত ৰোগী পোৱাৰ পাছত কাৰাগাৰ প্ৰশাসনে বন্দীসকলক পৰামৰ্শ দিয়া আৰম্ভ কৰিছে।
 
চাঞ্চল্যকৰ ঘটনাটো উত্তৰ প্ৰদেশৰ৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন জিলা আদালতত এনেদৰে কয়দী সংক্ৰমিত হৈছে এইডছত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু