--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা৷ দেশজুৰি নতুন নীৰৱ আতংকৰ সৃষ্টি কৰিছে এই মাৰাত্মক ৰোগবিধে৷ এখন জিলা কাৰাগাৰত এইডছ আক্ৰান্ত লোকৰ কয়দীৰ সংখ্যাই উদ্বিগ্ন কৰি তুলিছে কাৰাগাৰ কৰ্তৃপক্ষই৷ 

কাৰাগাৰখনত ৩৬জনকৈ কয়দী এইডছত আক্ৰান্ত হোৱা ঘটনাই চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগ আৰু ৰাজ্য চৰকাৰখনক৷ এইচ আই ভি পজিটিভ পোৱা সকলো কয়দীকে আৰম্ভ কৰা হৈছে চিকিৎসা আৰু ৰখা হৈছে চিকিৎসকৰ নিৰন্তৰ তত্বাৱধানত৷ 

এইডছ নিয়ন্ত্ৰণ সমিতিৰ নিৰ্দেশনা অনুসৰি, স্বাস্থ্য বিভাগে ২০২৩ৰ ডিচেম্বৰত কাৰাগাৰখনত বন্দী কয়দীসকলৰ এইচ.আই.ভি. স্ক্ৰীণিং কৰিছিল। এই স্ক্ৰীণিংৰ সময়ত প্ৰায় তিনি হাজাৰ বন্দীৰ পৰীক্ষা কৰা হৈছিল৷ 

এতিয়া সেই পৰীক্ষাৰ প্ৰতিবেদনে স্বাস্থ্য বিভাগ আৰু কাৰাগাৰ প্ৰশাসনত হাহাকাৰ লগাইছে। তথ্য অনুসৰি, অনুসন্ধানত ৩৬জন বন্দীক এইচ.আই.ভি. পজিটিভ পোৱা গৈছে। ৩৬জন নতুন এইচ আই ভি সংক্ৰমিত ৰোগী পোৱাৰ পাছত কাৰাগাৰ প্ৰশাসনে বন্দীসকলক পৰামৰ্শ দিয়া আৰম্ভ কৰিছে।
 
চাঞ্চল্যকৰ ঘটনাটো উত্তৰ প্ৰদেশৰ৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন জিলা আদালতত এনেদৰে কয়দী সংক্ৰমিত হৈছে এইডছত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement