--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘বিবাহিত পুৰুষ এজনক তেওঁৰ পত্নীয়ে খং কৰিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে৷ আৰু খঙৰ ভমকত প্ৰহাৰ কৰিব নালাগে৷ তেনে কৰাটো কোনো পুৰুষত্ব নহয়৷ সেই খং সহ্য কৰিব পৰাটোহে প্ৰকৃত পুৰুষত্ব৷’— এই অদ্ভুত মন্তব্য লোকসভাৰ এজন সাংসদৰ৷ সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি ৰখা আছাদুদ্দিন ওৱেইছিয়ে কৰিছে এই বিশেষ মন্তব্য৷ 

AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে শনিবাৰে হায়দৰাবাদত এক দলীয় সমাৱেশ সম্বোধন কৰি কয় যে পত্নীৰ খং সহ্য কৰিব নোৱাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত কোনো পুৰুষত্ব নাই৷

আছাদুদ্দিনে কয়, যেতিয়া আপোনালোকৰ পত্নীয়ে খং কৰে, আপোনালোকে সেয়া সহ্য কৰাটোহে প্ৰকৃত পুৰুষত্ব। যদি আপোনালোক পয়গম্বৰ মহম্মদৰ প্ৰকৃত অনুগামী, তেন্তে মোক কওক যে পয়গম্বৰে কেতিয়াবা তেওঁৰ জীৱনত কোনো মহিলাৰ গাত হাত তুলিছিল নেকি?

ইয়াৰ উপৰি ওৱেইছিয়ে তেওঁৰ ভাষণত লগতে কয় যে ইছলামে মহিলাসকলক আপোনালোকৰ কাপোৰ ধুবলৈ, খাদ্য ৰান্ধি খুৱাবলৈ নিৰ্দেশ দিয়া নাই৷ কোৰাণৰ কোনো ঠাইত লিখা নাই যে আপোনালোকৰ পত্নীয়ে আপোনালোকৰ কাপোৰ ধুব, আপোনালোকৰ বাবে ৰান্ধিব। দৰাচলতে, ইয়াত কোৱা হৈছে যে স্বামীৰ তেওঁৰ পত্নীৰ উপাৰ্জনত কোনো অধিকাৰ নাই। কিন্তু, পত্নীৰ স্বামীৰ উপাৰ্জনৰ ওপৰত অধিকাৰ আছে৷ কিয়নো তেওঁ ঘৰখন চলাব লাগিব৷

তেওঁ লগতে কয় যে বহুতো স্বামীয়ে প্ৰায়ে তেওঁলোকৰ পত্নীক ৰন্ধাবঢ়া নকৰাৰ বাবে সমালোচনা কৰে বা তেওঁলোকৰ ৰন্ধন দক্ষতাত ত্ৰুটি বিচাৰে। 

সেই প্ৰসংগত আছাদুদ্দিনে কয়, মোৰ ভাইসকল, এয়া ইছলাম। এয়া ক’তো লিখা হোৱা নাই। আৰু তাৰ পাছতো এনে কিছুমান লোক আছে, যিয়ে তেওঁলোকৰ পত্নীৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰ কৰে৷ এয়া অনুচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু