--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘বিবাহিত পুৰুষ এজনক তেওঁৰ পত্নীয়ে খং কৰিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে৷ আৰু খঙৰ ভমকত প্ৰহাৰ কৰিব নালাগে৷ তেনে কৰাটো কোনো পুৰুষত্ব নহয়৷ সেই খং সহ্য কৰিব পৰাটোহে প্ৰকৃত পুৰুষত্ব৷’— এই অদ্ভুত মন্তব্য লোকসভাৰ এজন সাংসদৰ৷ সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি ৰখা আছাদুদ্দিন ওৱেইছিয়ে কৰিছে এই বিশেষ মন্তব্য৷ 

AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে শনিবাৰে হায়দৰাবাদত এক দলীয় সমাৱেশ সম্বোধন কৰি কয় যে পত্নীৰ খং সহ্য কৰিব নোৱাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত কোনো পুৰুষত্ব নাই৷

আছাদুদ্দিনে কয়, যেতিয়া আপোনালোকৰ পত্নীয়ে খং কৰে, আপোনালোকে সেয়া সহ্য কৰাটোহে প্ৰকৃত পুৰুষত্ব। যদি আপোনালোক পয়গম্বৰ মহম্মদৰ প্ৰকৃত অনুগামী, তেন্তে মোক কওক যে পয়গম্বৰে কেতিয়াবা তেওঁৰ জীৱনত কোনো মহিলাৰ গাত হাত তুলিছিল নেকি?

ইয়াৰ উপৰি ওৱেইছিয়ে তেওঁৰ ভাষণত লগতে কয় যে ইছলামে মহিলাসকলক আপোনালোকৰ কাপোৰ ধুবলৈ, খাদ্য ৰান্ধি খুৱাবলৈ নিৰ্দেশ দিয়া নাই৷ কোৰাণৰ কোনো ঠাইত লিখা নাই যে আপোনালোকৰ পত্নীয়ে আপোনালোকৰ কাপোৰ ধুব, আপোনালোকৰ বাবে ৰান্ধিব। দৰাচলতে, ইয়াত কোৱা হৈছে যে স্বামীৰ তেওঁৰ পত্নীৰ উপাৰ্জনত কোনো অধিকাৰ নাই। কিন্তু, পত্নীৰ স্বামীৰ উপাৰ্জনৰ ওপৰত অধিকাৰ আছে৷ কিয়নো তেওঁ ঘৰখন চলাব লাগিব৷

তেওঁ লগতে কয় যে বহুতো স্বামীয়ে প্ৰায়ে তেওঁলোকৰ পত্নীক ৰন্ধাবঢ়া নকৰাৰ বাবে সমালোচনা কৰে বা তেওঁলোকৰ ৰন্ধন দক্ষতাত ত্ৰুটি বিচাৰে। 

সেই প্ৰসংগত আছাদুদ্দিনে কয়, মোৰ ভাইসকল, এয়া ইছলাম। এয়া ক’তো লিখা হোৱা নাই। আৰু তাৰ পাছতো এনে কিছুমান লোক আছে, যিয়ে তেওঁলোকৰ পত্নীৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰ কৰে৷ এয়া অনুচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক