--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুন্নত ঠাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে যেন প্ৰমাণ কৰি দিছে ছায়িদা মাৰিয়াই।

ডিজিটেল ডেস্কঃ  অনুন্নত ঠাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে যেন প্ৰমাণ কৰি দিছে ছায়িদা মাৰিয়াই। ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়াই এখন সৰু ভঙা ঘৰতেই অধ্যয়ন কৰি নিজৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মাটি ভেটি সকলো হেৰুওৱা ছায়িদাই হেৰুওৱা নাছিল শিক্ষাৰ প্ৰতি থকা প্ৰৱল ইচ্ছা। সদ্য ঘোষিত NEET শিক্ষান্ত পৰীক্ষাত মায়ঙৰ গৰুবান্ধা নিৱাসী ছোলমান আলী আৰু বুশ্বা মাৰীয়াৰ কন্যা ছায়িদাই অতি কষ্টৰে পঢ়ি NEET পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।


ছায়িদা মাৰিয়া মায়ঙৰ ব্যক্তিগত খণ্ডৰ লেহপটী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল। লেহপটি জাতীয় বিদ্যালয়ত পঢ়ি থকাৰ পৰাই ছায়িদাৰ লক্ষ্য আছিল অতি পিছপৰা গৰাখহনীয়া অঞ্চল নিজৰ জন্মস্থান মায়ঙৰ গৰুবান্ধা গাঁৱৰ এগৰাকী সু-চিকিৎসক হোৱাৰ।  ছায়িদাৰ সেই সপোন পূৰণ হোৱাৰ পথত।


সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰথম বাৰতে স্থান পালে ছায়িদাই। ছায়িদাৰ এনে সফলতাত আনন্দিত অঞ্চলবাসীৰ লগতে লেহপটী জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল।


এক কথাত ক'বলৈ গ'লে মায়ঙৰ গৰুবন্ধা গাঁৱত এতিয়া আনন্দৰ জোৱাৰ। সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল দৰিদ্ৰ ছায়িদা। গাঁওবাসীয়ে জনালে সম্বৰ্ধনা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন