--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুন্নত ঠাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে যেন প্ৰমাণ কৰি দিছে ছায়িদা মাৰিয়াই।

ডিজিটেল ডেস্কঃ  অনুন্নত ঠাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে যেন প্ৰমাণ কৰি দিছে ছায়িদা মাৰিয়াই। ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়াই এখন সৰু ভঙা ঘৰতেই অধ্যয়ন কৰি নিজৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মাটি ভেটি সকলো হেৰুওৱা ছায়িদাই হেৰুওৱা নাছিল শিক্ষাৰ প্ৰতি থকা প্ৰৱল ইচ্ছা। সদ্য ঘোষিত NEET শিক্ষান্ত পৰীক্ষাত মায়ঙৰ গৰুবান্ধা নিৱাসী ছোলমান আলী আৰু বুশ্বা মাৰীয়াৰ কন্যা ছায়িদাই অতি কষ্টৰে পঢ়ি NEET পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।


ছায়িদা মাৰিয়া মায়ঙৰ ব্যক্তিগত খণ্ডৰ লেহপটী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল। লেহপটি জাতীয় বিদ্যালয়ত পঢ়ি থকাৰ পৰাই ছায়িদাৰ লক্ষ্য আছিল অতি পিছপৰা গৰাখহনীয়া অঞ্চল নিজৰ জন্মস্থান মায়ঙৰ গৰুবান্ধা গাঁৱৰ এগৰাকী সু-চিকিৎসক হোৱাৰ।  ছায়িদাৰ সেই সপোন পূৰণ হোৱাৰ পথত।


সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰথম বাৰতে স্থান পালে ছায়িদাই। ছায়িদাৰ এনে সফলতাত আনন্দিত অঞ্চলবাসীৰ লগতে লেহপটী জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল।


এক কথাত ক'বলৈ গ'লে মায়ঙৰ গৰুবন্ধা গাঁৱত এতিয়া আনন্দৰ জোৱাৰ। সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল দৰিদ্ৰ ছায়িদা। গাঁওবাসীয়ে জনালে সম্বৰ্ধনা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে