--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বুধবাৰে চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্রক সংযম ভৰদ্বাজে এই কথা প্রকাশ কৰে। তেওঁ জনোৱা মতে, প্রথমটো পৰীক্ষাত সকলো ছাত্র-ছাত্রী অৱতীর্ণ হ'ব লাগিব। দ্বিতীয়বাৰ হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা-নোহোৱাটো ছাত্র-ছাত্রীসকলৰ ওপৰত নিৰ্ভৰ কৰিব

ডিজিটেল ডেস্ক : কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ ই) অধীনৰ দশম শ্ৰেণীৰ পৰীক্ষা এতিয়াৰ পৰা বছৰত দুবাৰ অনুষ্ঠিত কৰা হ'ব।


বুধবাৰে চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্রক সংযম ভৰদ্বাজে এই কথা প্রকাশ কৰে। তেওঁ জনোৱা মতে, প্রথমটো পৰীক্ষাত সকলো ছাত্র-ছাত্রী অৱতীর্ণ হ'ব লাগিব। দ্বিতীয়বাৰ হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা-নোহোৱাটো ছাত্র-ছাত্রীসকলৰ ওপৰত নিৰ্ভৰ কৰিব। চি বি এছ ইয়ে প্রকাশ কৰা অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষা প্ৰথমবাৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'ব আৰু ফল এপ্ৰিলত তথা দ্বিতীয় পর্যায়ত মে'ত অনুষ্ঠিত হ'ব আৰু ফল জুনত ঘোষণা কৰা হ'ব। নতুন শিক্ষা নীতিৰ অধীনত এই ব্যৱস্থা গ্রহণ কৰা হৈছে।


চি বি এছ ইয়ে প্রকাশ কৰা মতে, ইয়াৰ যোগেদি ছাত্র-ছাত্রীসকলে নিজৰ নম্বৰ বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। পৰীক্ষার্থীসকলে গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ভাষা এই চাৰিটা বিষয়ৰ ভিতৰত যিকোনো তিনিটা বিষয় বাছি লৈ দ্বিতীয়বাৰ পৰীক্ষাত বহিব পাৰিব।


দুয়োবাৰৰ ভিতৰত যিবাৰ সৰ্বাধিক নম্বৰ লাভ কৰে তাক চূড়ান্ত বুলি গণ্য কৰা হ'ব। যিবিলাক পৰীক্ষাৰ্থীয়ে প্ৰথমবাৰ তিনিটা বা তাতকৈ অধিক বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ নহয় তেওঁলোকে দ্বিতীয়বাৰ পৰীক্ষাত বহাৰ সুযোগ নাপাব। পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ কেন্দ্ৰ একেই থাকিব আৰু দুয়োটা পৰীক্ষাত সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি লোৱা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ