--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বুধবাৰে চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্রক সংযম ভৰদ্বাজে এই কথা প্রকাশ কৰে। তেওঁ জনোৱা মতে, প্রথমটো পৰীক্ষাত সকলো ছাত্র-ছাত্রী অৱতীর্ণ হ'ব লাগিব। দ্বিতীয়বাৰ হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা-নোহোৱাটো ছাত্র-ছাত্রীসকলৰ ওপৰত নিৰ্ভৰ কৰিব

ডিজিটেল ডেস্ক : কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ ই) অধীনৰ দশম শ্ৰেণীৰ পৰীক্ষা এতিয়াৰ পৰা বছৰত দুবাৰ অনুষ্ঠিত কৰা হ'ব।


বুধবাৰে চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্রক সংযম ভৰদ্বাজে এই কথা প্রকাশ কৰে। তেওঁ জনোৱা মতে, প্রথমটো পৰীক্ষাত সকলো ছাত্র-ছাত্রী অৱতীর্ণ হ'ব লাগিব। দ্বিতীয়বাৰ হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা-নোহোৱাটো ছাত্র-ছাত্রীসকলৰ ওপৰত নিৰ্ভৰ কৰিব। চি বি এছ ইয়ে প্রকাশ কৰা অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষা প্ৰথমবাৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'ব আৰু ফল এপ্ৰিলত তথা দ্বিতীয় পর্যায়ত মে'ত অনুষ্ঠিত হ'ব আৰু ফল জুনত ঘোষণা কৰা হ'ব। নতুন শিক্ষা নীতিৰ অধীনত এই ব্যৱস্থা গ্রহণ কৰা হৈছে।


চি বি এছ ইয়ে প্রকাশ কৰা মতে, ইয়াৰ যোগেদি ছাত্র-ছাত্রীসকলে নিজৰ নম্বৰ বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। পৰীক্ষার্থীসকলে গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ভাষা এই চাৰিটা বিষয়ৰ ভিতৰত যিকোনো তিনিটা বিষয় বাছি লৈ দ্বিতীয়বাৰ পৰীক্ষাত বহিব পাৰিব।


দুয়োবাৰৰ ভিতৰত যিবাৰ সৰ্বাধিক নম্বৰ লাভ কৰে তাক চূড়ান্ত বুলি গণ্য কৰা হ'ব। যিবিলাক পৰীক্ষাৰ্থীয়ে প্ৰথমবাৰ তিনিটা বা তাতকৈ অধিক বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ নহয় তেওঁলোকে দ্বিতীয়বাৰ পৰীক্ষাত বহাৰ সুযোগ নাপাব। পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ কেন্দ্ৰ একেই থাকিব আৰু দুয়োটা পৰীক্ষাত সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি লোৱা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু