--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী ৷ হততে এজন চৌখিন লোক বুলি সৰ্বত্ৰে প্ৰচলিত৷ মানুহজনৰ পোছাক-পৰিচ্ছদত ইমানেই নিপুণতা প্ৰকাশ পাই যে, দেখিলেই বুজিব পাৰি যে সাজ পোছাকৰ ক্ষেত্ৰত তেওঁ খুবেই সচেতন৷ তেওঁ ব্যৱহাৰ কৰা সকলো বস্তুৱেই যেন ব্ৰেণ্ডেড, সেয়া আপুনি তেওঁৰ সাজ-পোছাক, ঘড়ী, জোতা বা তেওঁঁ ব্যৱহাৰ কৰা গাড়ীৰ কথাই নকৱ’ক কিয়

শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰা মোবাইল ফ’নটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ যদি আপোনাক সোধা যায়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মোবাইল ব্যৱহাৰ কৰে? আপোনাৰ-মোৰ দৰে মানুহৰ সততে মনলৈ আহিব তেওঁ ব্যৱহাৰ কৰা ফ’নটো নিশ্চিতভাৱে আই’ ফন হ’ব৷ কাৰণ প্ৰধান মন্ত্ৰী মোদীয়ে ইমান এজন বিলাসী মানুহ গতিকে তেওঁ আৰু বেলেগ কিবা এন্ড’ৰইড ফ’ন ব্যৱহাৰ কৰাৰ কথা আমাৰ মনলৈ নাহে৷

কিন্তু তেনেকৈ যদি ভাবিছে, সেইয়া আপোনাৰ ভূল হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কোনাধৰণৰ আই’ফন ব্যৱহাৰ নকৰে৷ প্ৰকৃততে প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তাজনিত কাৰণত কোনোধৰণৰ স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰিব নোৱাৰে৷ প্ৰধানমন্ত্ৰীয়ে বিশেষ ছফটৱেৰ ইনষ্টল হৈ থকা এটা বিশেষ মবাইল ব্যৱহাৰ কৰে৷ তেওঁ কথোপ-কথনৰ বাবে এটা ছেটেলাইট সংযুক্ত ফ’ন ব্যৱহাৰ কৰে আৰু ফ’নটোৰ পৰিসৰ খুবেই সীমিত৷ দেশৰ যিসকল লোকে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকিব লগা হ’য়, তেওঁলোকৰ বাবে এই বিশেষ ফ’ন নিৰ্মাণ কৰা হ’য়৷ এই বিশেষ ফ’নটো হেক বা ট্ৰেক কৰা সম্ভৱ নহয়। ফোনটোৱে সেনাৰ বাৰ্তা বিনিময়ৰ কামতো ব্যৱহাৰ কৰা হ’য়৷ মোদীয়ে তেওঁৰ মুখ্য সচিবৰ ফোনটো আন সকলোৰে লগত কথোপকথনৰ বাবে ব্যৱহাৰ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন