--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী ৷ হততে এজন চৌখিন লোক বুলি সৰ্বত্ৰে প্ৰচলিত৷ মানুহজনৰ পোছাক-পৰিচ্ছদত ইমানেই নিপুণতা প্ৰকাশ পাই যে, দেখিলেই বুজিব পাৰি যে সাজ পোছাকৰ ক্ষেত্ৰত তেওঁ খুবেই সচেতন৷ তেওঁ ব্যৱহাৰ কৰা সকলো বস্তুৱেই যেন ব্ৰেণ্ডেড, সেয়া আপুনি তেওঁৰ সাজ-পোছাক, ঘড়ী, জোতা বা তেওঁঁ ব্যৱহাৰ কৰা গাড়ীৰ কথাই নকৱ’ক কিয়

শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰা মোবাইল ফ’নটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ যদি আপোনাক সোধা যায়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মোবাইল ব্যৱহাৰ কৰে? আপোনাৰ-মোৰ দৰে মানুহৰ সততে মনলৈ আহিব তেওঁ ব্যৱহাৰ কৰা ফ’নটো নিশ্চিতভাৱে আই’ ফন হ’ব৷ কাৰণ প্ৰধান মন্ত্ৰী মোদীয়ে ইমান এজন বিলাসী মানুহ গতিকে তেওঁ আৰু বেলেগ কিবা এন্ড’ৰইড ফ’ন ব্যৱহাৰ কৰাৰ কথা আমাৰ মনলৈ নাহে৷

কিন্তু তেনেকৈ যদি ভাবিছে, সেইয়া আপোনাৰ ভূল হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কোনাধৰণৰ আই’ফন ব্যৱহাৰ নকৰে৷ প্ৰকৃততে প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তাজনিত কাৰণত কোনোধৰণৰ স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰিব নোৱাৰে৷ প্ৰধানমন্ত্ৰীয়ে বিশেষ ছফটৱেৰ ইনষ্টল হৈ থকা এটা বিশেষ মবাইল ব্যৱহাৰ কৰে৷ তেওঁ কথোপ-কথনৰ বাবে এটা ছেটেলাইট সংযুক্ত ফ’ন ব্যৱহাৰ কৰে আৰু ফ’নটোৰ পৰিসৰ খুবেই সীমিত৷ দেশৰ যিসকল লোকে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকিব লগা হ’য়, তেওঁলোকৰ বাবে এই বিশেষ ফ’ন নিৰ্মাণ কৰা হ’য়৷ এই বিশেষ ফ’নটো হেক বা ট্ৰেক কৰা সম্ভৱ নহয়। ফোনটোৱে সেনাৰ বাৰ্তা বিনিময়ৰ কামতো ব্যৱহাৰ কৰা হ’য়৷ মোদীয়ে তেওঁৰ মুখ্য সচিবৰ ফোনটো আন সকলোৰে লগত কথোপকথনৰ বাবে ব্যৱহাৰ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ