--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰুষ্ট প্ৰকৃতি ৷ প্ৰকৃতিয়ে যেন বৰ্তমান সঘনাই ৰুদ্ৰমূৰ্তি ধৰিব লৈছে৷ মানুহ লাগিলে যিমানেই বৰ্বৰ নহওঁক কিয়, সমাজত যিমানেই অপকৰ্মৰ সংখ্যা বৃদ্ধি নহওঁক কিয় আচল ছাবিকাঠি ডাল কিন্তু সেই প্ৰকৃতিৰ হাততেই থাকে৷ কিছুদিনৰ পৰা প্ৰকৃতিয়েই যেন কালমূৰ্তি ৰুপ ধাৰণ কৰিছে৷

চেন্নাই বৃষ্টিপাতৰ ঘটনা মাৰ নাযাওঁতেই আন এক খবৰে বৰ্তমান ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ খবৰ অনুসৰি, অন্ধ্ৰপ্ৰদেশত প্ৰবল বৃষ্টিপাতৰ বাবে ১৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ অন্ধ্ৰপ্ৰদেশত প্ৰবল বৃষ্টিপাতৰ ফলত এতিয়া শ শ লোক সন্ধানহীন হৈ পৰিছে আৰু সমগ্ৰ পৰিস্থিতিতো বৰ্তমান প্ৰশাসনৰ নিয়ন্ত্ৰণৰ পৰা এক প্ৰকাৰৰ উলাই যোৱাৰ উপক্ৰম হৈছে৷ অন্ধ্ৰপ্ৰদেশৰ কাডাপা জিলাত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰ পৰা সকলো মানুহলৈ আগতীয়া সতৰ্কবাণী কৰিছিল যদিও ঘটনাই ইমান গুৰুতৰ ৰূপ ধাৰণ কৰিব বুলি কোনোৱে গম পোৱা নাছিল৷ বংগোপসাগৰত উৎপন্ন হোৱা কম চাপৰ বাবে সৃষ্টি হয় তীব্ৰ বৃষ্টিপাত৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতিৰ বুজ ল’য় আৰু ৰাজ্যখনক সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি বানপানীত সৰ্বস্ৰান্ত হোৱা জিলাসমূহ আকাশী যানেৰে পৰ্যবেক্ষণ কৰিব৷ প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্তভাৱে এছডিআৰএফ, এনডিআৰএফ বাহিনী প্ৰেৰণ কৰিছে কাডাপা জিলালৈ৷

প্ৰশাসনৰ ফালৰ পৰা বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ খাদ্য সামগ্ৰী যোগান ধৰিছে আৰু তেওঁলোকৰ বাবে ওখ অঞ্চলত কেম্প নিৰ্মাণ কৰিছে৷ চৰকাৰে ৰাজ্যখনলৈ অহা সকলো ৰেলৰ চলাচল বাতিল কৰিছে৷ স্থানীয় সূত্ৰই অনুসৰি তিৰুমালা মন্দিৰটো বানত ডুব যোৱাৰ ফলত বহুটো তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে আৰু প্ৰশাসনে সেই লোকসকলক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ অন্ধ্ৰপ্ৰদেশৰ মানুহখিনিৰ প্ৰতি প্ৰকৃতি ৰ এনে কালৰূপৰ পৰা সোনকালে পৰিত্ৰাণ পাবলৈ এতিয়া সকলোৱে প্ৰাৰ্থনা জনাইছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন