--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰুষ্ট প্ৰকৃতি ৷ প্ৰকৃতিয়ে যেন বৰ্তমান সঘনাই ৰুদ্ৰমূৰ্তি ধৰিব লৈছে৷ মানুহ লাগিলে যিমানেই বৰ্বৰ নহওঁক কিয়, সমাজত যিমানেই অপকৰ্মৰ সংখ্যা বৃদ্ধি নহওঁক কিয় আচল ছাবিকাঠি ডাল কিন্তু সেই প্ৰকৃতিৰ হাততেই থাকে৷ কিছুদিনৰ পৰা প্ৰকৃতিয়েই যেন কালমূৰ্তি ৰুপ ধাৰণ কৰিছে৷

চেন্নাই বৃষ্টিপাতৰ ঘটনা মাৰ নাযাওঁতেই আন এক খবৰে বৰ্তমান ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ খবৰ অনুসৰি, অন্ধ্ৰপ্ৰদেশত প্ৰবল বৃষ্টিপাতৰ বাবে ১৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ অন্ধ্ৰপ্ৰদেশত প্ৰবল বৃষ্টিপাতৰ ফলত এতিয়া শ শ লোক সন্ধানহীন হৈ পৰিছে আৰু সমগ্ৰ পৰিস্থিতিতো বৰ্তমান প্ৰশাসনৰ নিয়ন্ত্ৰণৰ পৰা এক প্ৰকাৰৰ উলাই যোৱাৰ উপক্ৰম হৈছে৷ অন্ধ্ৰপ্ৰদেশৰ কাডাপা জিলাত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰ পৰা সকলো মানুহলৈ আগতীয়া সতৰ্কবাণী কৰিছিল যদিও ঘটনাই ইমান গুৰুতৰ ৰূপ ধাৰণ কৰিব বুলি কোনোৱে গম পোৱা নাছিল৷ বংগোপসাগৰত উৎপন্ন হোৱা কম চাপৰ বাবে সৃষ্টি হয় তীব্ৰ বৃষ্টিপাত৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতিৰ বুজ ল’য় আৰু ৰাজ্যখনক সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি বানপানীত সৰ্বস্ৰান্ত হোৱা জিলাসমূহ আকাশী যানেৰে পৰ্যবেক্ষণ কৰিব৷ প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্তভাৱে এছডিআৰএফ, এনডিআৰএফ বাহিনী প্ৰেৰণ কৰিছে কাডাপা জিলালৈ৷

প্ৰশাসনৰ ফালৰ পৰা বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ খাদ্য সামগ্ৰী যোগান ধৰিছে আৰু তেওঁলোকৰ বাবে ওখ অঞ্চলত কেম্প নিৰ্মাণ কৰিছে৷ চৰকাৰে ৰাজ্যখনলৈ অহা সকলো ৰেলৰ চলাচল বাতিল কৰিছে৷ স্থানীয় সূত্ৰই অনুসৰি তিৰুমালা মন্দিৰটো বানত ডুব যোৱাৰ ফলত বহুটো তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে আৰু প্ৰশাসনে সেই লোকসকলক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ অন্ধ্ৰপ্ৰদেশৰ মানুহখিনিৰ প্ৰতি প্ৰকৃতি ৰ এনে কালৰূপৰ পৰা সোনকালে পৰিত্ৰাণ পাবলৈ এতিয়া সকলোৱে প্ৰাৰ্থনা জনাইছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি