ডিজিটেল ডেস্ক: নেপালত তিব্বতৰ পৰা নামি অহা পানীৰ ধলে যোৱা আগষ্টত সৃষ্টি কৰা ভয়াৱহ বানত প্রায় ১,৫০০ লোকৰ মৃত্যু হোৱাৰ লগতে আন ৫,২০০জন সন্ধানহীন হৈ আছিল।
এই সন্ধানহীনসকলৰ মাজত দুই শতাধিক ভাৰতীয়ও আছিল। শেহতীয়াকৈ নেপাল চৰকাৰে সন্ধানহীন ভাৰতীয়সকলৰ সংখ্যাৰ অনুমান আৰু মৃত হিচাপে ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি হিমালয়ান দেশখনে সন্ধানহীন ২১৩জন ভাৰতীয়ক মৃত হিচাপে ঘোষণা কৰিছে।
বুধবাৰে নেপালৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ে এক বিজ্ঞপ্তিযোগে এই তথ্য প্রকাশ কৰে।
ইতিমধ্যে চুবুৰীয়া দেশখনৰ ৰাষ্ট্ৰীয় দুর্যোগৰ আশংকা হ্রাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে অনুমানৰ ভিত্তিত সন্ধানহীন ২১৩জন ভাৰতীয়ক মৃত হিচাপে ঘোষণা কৰি ৱেবছাইটত তালিকা প্রকাশ কৰিছে। বিধ্বংসী বানৰ তিনি মাহৰ পাছত নিৰুদ্দিষ্ট ভাৰতীয়সকলৰ সন্দৰ্ভত সঠিক তথ্য লাভ কৰিলে তেওঁলোকৰ পৰিয়ালসমূহে।
উৎস: দৈনিক জনমভূমি