--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিজৰ ঘৰলৈ বুলি বাহনখনত অহা যুৱককেইজনৰ গাত স্প্ৰে’ মাৰি অৱশেষত হাজোৰ দুটাকৈ স্থানত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় বাহনখনত অহা দুৰ্বৃত্তৰ দলটোৱে।

ডিজিটেল ডেস্ক: হাজো-গুৱাহাটী ৰাজপথত এইবাৰ স্প্ৰে’ গেঙৰ সন্ত্ৰাস। বিলাসী চাৰিচকীয়া বাহন লৈ স্প্ৰে’ গেঙে টাৰ্গেট কৰিছে দুৰণিবটীয়া যাত্ৰীক। হাজোৰ ৰাজপথৰ দাঁতিত এইবাৰ স্প্ৰে’ গেঙে সৰ্বোচ্চ লুটি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ’ল তিনিজনকৈ যুৱকক। ঘটনা অনুসৰি, গুৱাহাটীৰ জালুকবাৰীৰ পৰা বৰপেটালৈ বুলি তিনি যুৱকে ভাড়ালৈ লৈছিল এখন চাৰিচকীয়া বাহন। 


হাজো হৈ বৰপেটালৈ যোৱা বাহনখনত পূৰ্বৰে পৰা আছিল যাত্ৰীৰূপী স্প্ৰে’ গেঙৰ সদস্য। কিন্তু সেই বিষয়ে জ্ঞাত নাছিল যুৱককেইজন। নিজৰ ঘৰলৈ বুলি বাহনখনত অহা যুৱককেইজনৰ গাত স্প্ৰে’ মাৰি অৱশেষত হাজোৰ দুটাকৈ স্থানত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় বাহনখনত অহা দুৰ্বৃত্তৰ দলটোৱে। 


হাজোৰ নৱনিৰ্মিত চাৰিলেন যুক্ত পথত আৰু ৰামদিয়াৰ সস্তাৰ ঘাটৰ পৰা স্থানীয় লোকৰ খবৰৰ ভিত্তিত অচেতন অৱস্থাত হাজো আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিও যুৱকক। যুৱককেইজনক নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি দুৰ্বৃত্তই লুটি লৈ যায় মোবাইল ফোনৰ লগতে ধনো। সম্প্ৰতি, হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰপেটাৰ যুৱককেইজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়াৱহ বানত সন্ধানহীন ২১৩ ভাৰতীয়ক মৃত ঘোষণা নেপালৰ
হাজো-গুৱাহাটী ৰাজপথত এইবাৰ স্প্ৰে’ গেঙৰ সন্ত্ৰাস
৩০ নৱেম্বৰত বহিব লোক সভা
ঠেলাচালক পিতৃৰ জীয়ৰী এতিয়া অসম আৰক্ষীত; মুখ্যমন্ত্ৰীক এসাঁজ ভাত খুৱাবলৈ হেঁপাহ দৰিদ্ৰ পৰিয়ালটোৰ
দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ কৰিবলৈ গৈ অচিনাকি বাহনৰ খুন্দাত নিহত আৰক্ষীৰ কমাণ্ডো, এজনৰ অৱস্থা সংকটজনক
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ ২ শতাধিক পখিলা চিনাক্ত
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’