--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংসদীয় পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে কয় যে দুয়োখন সদনৰে বৈঠক ৩ ডিচেম্বৰত অন্ত পৰিব পাৰে।

ডিজিটেল ডেস্ক: 'অত্যাৱশ্যকীয় চৰকাৰী কাম সম্পন্ন কৰিবৰ বাবে' অহা ৩০ নৱেম্বৰত নিম্ন সদনত অধিৱেশন পুনৰ অনুষ্ঠিত কৰাবলৈ তথা ২ ডিচেম্বৰত উচ্চ সদনত অধিৱেশন পুনৰ অনুষ্ঠিত কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে লোক সভাৰ অধ্যক্ষ আৰু ৰাজ্য সভাৰ সভাপতিক আহ্বান জনাইছে। এই বৈঠক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰে অংশ হ'ব বুলি ভবা হৈছে। 


সংসদীয় পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে কয় যে দুয়োখন সদনৰে বৈঠক ৩ ডিচেম্বৰত অন্ত পৰিব পাৰে। এই বৈঠকত কি কি বিধেয়ক হ'ব সেই কথা অৱশ্যে ৰিজিজুৱে উল্লেখ নকৰিলে। চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণৰ বিধেয়ক পুনৰ উত্থাপন কৰিব পাৰে বুলি চৰ্চা হৈ থকাৰ সময়তে চৰকাৰে সংসদৰ বৈঠকৰ এই ঘোষণা কৰে। 


উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে অন্ত নেপেলাই যোৱা ১৩ আগষ্টত দুয়োখন সদনৰ কাম-কাজ স্থগিত ৰখা হৈছিল। স্থগিত হোৱাৰ পাছত যোৱা ২১ নৱেম্বৰলৈকে ১০০ দিনৰ বাবে সংসদৰ বৰ্ষাকালীন অধিৱেশন আনুষ্ঠানিকভাৱে মুকলি হৈ আছিল। ই পূৰ্বৰ ২০০৮ চনৰ ৮৭ দিন আনুষ্ঠানিকভাৱে অন্ত নেপেলোৱাকৈ সংসদ স্থগিত থকাৰ অভিলেখ ভংগ কৰিছিল। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়াৱহ বানত সন্ধানহীন ২১৩ ভাৰতীয়ক মৃত ঘোষণা নেপালৰ
হাজো-গুৱাহাটী ৰাজপথত এইবাৰ স্প্ৰে’ গেঙৰ সন্ত্ৰাস
৩০ নৱেম্বৰত বহিব লোক সভা
ঠেলাচালক পিতৃৰ জীয়ৰী এতিয়া অসম আৰক্ষীত; মুখ্যমন্ত্ৰীক এসাঁজ ভাত খুৱাবলৈ হেঁপাহ দৰিদ্ৰ পৰিয়ালটোৰ
দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ কৰিবলৈ গৈ অচিনাকি বাহনৰ খুন্দাত নিহত আৰক্ষীৰ কমাণ্ডো, এজনৰ অৱস্থা সংকটজনক
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ ২ শতাধিক পখিলা চিনাক্ত
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’