--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালত পুনৰ হিন্দু ৰাষ্ট্র স্থাপন আৰু ৰাজতন্ত্ৰ প্ৰৱৰ্তনৰ দাবীত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ব্যাপক প্ৰতিবাদ৷ বুধবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে ঘেৰাও কৰাৰ চেষ্টা চলায় নেপালৰ বহু চৰকাৰী কাৰ্যালয়৷ যাৰফলত প্ৰতিবাদকাৰী আৰু আৰক্ষী লিপ্ত হয় খণ্ডযুদ্ধত৷ লাঠীচালনাৰ লগতে কন্দুৱা প্ৰয়োগ আৰু পানীহিলৈ প্ৰয়োগ কৰে আৰক্ষীয়ে৷ নেপালৰ ৰাষ্ট্রীয় প্ৰজাতন্ত্ৰ পাৰ্টীৰ নেতৃত্বত এনেদৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ৷ য’ত নেপালত গণতন্ত্ৰৰ অৱসান ঘটাই পুনৰ ৰাজতন্ত্ৰ প্ৰৱৰ্তনৰ শ্ল’গানেৰে ৰাজপথ মুখৰ কৰে প্ৰতিবাদকাৰীসকলে৷

ইতিপূৰ্বে বিগত ফ্ৰেব্ৰুৱাৰী মাহত নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এক ৪০ দফীয়া দাবী চনদ প্ৰেৰণ কৰিছিল প্ৰজাতন্ত্ৰ পাৰ্টীয়ে৷ য’ত নেপালত অব্যাহত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক জনোৱা হৈছিল আহ্বান৷ দৰাচলতে ২০০৬ চনত নেপালত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সূত্ৰপাত ঘটিছিল বিদ্ৰোহৰ৷ যাৰফলত নেপালৰ সংসদৰ ওচৰত সকলো ক্ষমতা অৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছিল দেশখনৰ তদানীন্তন ৰজা জ্ঞানেন্দ্ৰ৷ 

আনহাতে ২০০৭ চনত নিজকে হিন্দুৰ পৰা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্রৰূপে ঘোষণা কৰিছিল নেপালে৷ আনহাতে ২০০৮ চনত নেপালত অন্ত পৰিছিল ২৪০ বছৰ পুৰণি ৰাজতন্ত্ৰৰ৷ যাৰপাছত এতিয়ালৈ নেপালত গঠিত হৈছে ১৩ খনকৈ চৰকাৰ৷ কিন্তু বিগত কিছুদিন ধৰি দেশখনত অব্যাহত আছে ৰাজনৈতিক অস্থিৰতা৷ 

শেহতীয়াকৈ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকুমাৰ দাহাল প্ৰচণ্ডই চীন সমৰ্থক কে পি শৰ্মা অলীৰ কমিউনিষ্ট পাৰ্টী অব নেপালৰ সহযোগত গঠন কৰিছিল চৰকাৰ৷ তাৰ বিপৰীতে দেশখনৰ ৰাজনৈতিক নেতাৰ দুৰ্নীতি আৰু অপশাসনত অতিষ্ঠ জনতাই তুলিলে নেপালত পুনৰ ৰাজতন্ত্ৰ প্ৰৱৰ্তন আৰু হিন্দু ৰাষ্ট্র মৰ্যাদা বাহালৰ দাবী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু