--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালত পুনৰ হিন্দু ৰাষ্ট্র স্থাপন আৰু ৰাজতন্ত্ৰ প্ৰৱৰ্তনৰ দাবীত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ব্যাপক প্ৰতিবাদ৷ বুধবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে ঘেৰাও কৰাৰ চেষ্টা চলায় নেপালৰ বহু চৰকাৰী কাৰ্যালয়৷ যাৰফলত প্ৰতিবাদকাৰী আৰু আৰক্ষী লিপ্ত হয় খণ্ডযুদ্ধত৷ লাঠীচালনাৰ লগতে কন্দুৱা প্ৰয়োগ আৰু পানীহিলৈ প্ৰয়োগ কৰে আৰক্ষীয়ে৷ নেপালৰ ৰাষ্ট্রীয় প্ৰজাতন্ত্ৰ পাৰ্টীৰ নেতৃত্বত এনেদৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ৷ য’ত নেপালত গণতন্ত্ৰৰ অৱসান ঘটাই পুনৰ ৰাজতন্ত্ৰ প্ৰৱৰ্তনৰ শ্ল’গানেৰে ৰাজপথ মুখৰ কৰে প্ৰতিবাদকাৰীসকলে৷

ইতিপূৰ্বে বিগত ফ্ৰেব্ৰুৱাৰী মাহত নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এক ৪০ দফীয়া দাবী চনদ প্ৰেৰণ কৰিছিল প্ৰজাতন্ত্ৰ পাৰ্টীয়ে৷ য’ত নেপালত অব্যাহত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক জনোৱা হৈছিল আহ্বান৷ দৰাচলতে ২০০৬ চনত নেপালত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সূত্ৰপাত ঘটিছিল বিদ্ৰোহৰ৷ যাৰফলত নেপালৰ সংসদৰ ওচৰত সকলো ক্ষমতা অৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছিল দেশখনৰ তদানীন্তন ৰজা জ্ঞানেন্দ্ৰ৷ 

আনহাতে ২০০৭ চনত নিজকে হিন্দুৰ পৰা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্রৰূপে ঘোষণা কৰিছিল নেপালে৷ আনহাতে ২০০৮ চনত নেপালত অন্ত পৰিছিল ২৪০ বছৰ পুৰণি ৰাজতন্ত্ৰৰ৷ যাৰপাছত এতিয়ালৈ নেপালত গঠিত হৈছে ১৩ খনকৈ চৰকাৰ৷ কিন্তু বিগত কিছুদিন ধৰি দেশখনত অব্যাহত আছে ৰাজনৈতিক অস্থিৰতা৷ 

শেহতীয়াকৈ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকুমাৰ দাহাল প্ৰচণ্ডই চীন সমৰ্থক কে পি শৰ্মা অলীৰ কমিউনিষ্ট পাৰ্টী অব নেপালৰ সহযোগত গঠন কৰিছিল চৰকাৰ৷ তাৰ বিপৰীতে দেশখনৰ ৰাজনৈতিক নেতাৰ দুৰ্নীতি আৰু অপশাসনত অতিষ্ঠ জনতাই তুলিলে নেপালত পুনৰ ৰাজতন্ত্ৰ প্ৰৱৰ্তন আৰু হিন্দু ৰাষ্ট্র মৰ্যাদা বাহালৰ দাবী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement