--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী আচৰণ বিধি ভংগৰ বিৰুদ্ধে অধিক কঠোৰ  হৈ পৰিছে নিৰ্বাচন আয়োগ। তেলেংগানাত, ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) প্ৰাৰ্থীয়ে  আয়োজন কৰা  এখন সভাত অংশগ্ৰহণ কৰাৰ বাবে ১০৬  গৰাকী চৰকাৰী বিষয়াক  চাকৰিৰ পৰা নিলম্বন  কৰিছে নিৰ্বাচন আয়োগে। প্ৰাৰ্থীজনৰ নাম পি ভেংকটৰাম ৰেড্ডী। তেওঁ এজন প্ৰাক্তন আইএএছ বিষয়া। বিআৰএছে তেওঁক তেলেংগানাৰ মেদক লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভেঙ্কটৰামে দেওবাৰে তেওঁৰ সমষ্টিত এখন দলীয় সভাৰ আয়োজন কৰিছিল। বৈঠকত বহু  চৰকাৰী বিষয়াও উপস্থিত আছিল, যি নিয়ম বিৰোধী। আয়োগে এইবুলি কৈছে যে বিআৰএছ প্ৰাৰ্থীগৰাকীয়ে  বৈঠকৰ বাবে সিদ্ধিপেটৰ সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ পৰা অনুমতিও লোৱা নাছিল।এজন বিজেপি প্ৰাৰ্থীয়ে ভেংকটৰামৰ বিৰুদ্ধে সহকাৰী ৰিটাৰ্ণিং বিষয়া আৰু  বিভাগীয় বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত বিষয়টো পোহৰলৈ আহে। এক বিবৃতিত আয়োগে কয়, "গোটেই বৈঠকখন চিচি কেমেৰাত বন্দী  হৈছিল। এয়া  স্পষ্ট হৈছে যে তাত আদৰ্শ আচৰণ বিধি উলংঘা কৰা হৈছে। ''

ভেঙ্কটৰাম আৰু অন্যান্য বিআৰএছ নেতাসকলৰ বিৰুদ্ধে ইতিমধ্যে 'অনুমতি নোলোৱাকৈ ' সভা আয়োজন কৰাৰ বাবে  অভিযোগ দাখিল কৰা হৈছে। আয়োগে ১০৬ জন চৰকাৰী কৰ্মচাৰীকো নিলম্বন কৰিছে। আয়োগে নিলম্বন কৰা চৰকাৰী বিষয়াসকলৰ এক বৃহৎ অংশ হৈছে সিদ্ধিপেটৰ জিলা গ্ৰামোন্নয়ন সংস্থাৰ (ডিআৰডিএ) কৰ্মচাৰী।তেলেংগানাত লোকসভা নিৰ্বাচন ১৩ মে'ত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ফলাফল ৪ জুনত প্ৰকাশ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু