--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী আচৰণ বিধি ভংগৰ বিৰুদ্ধে অধিক কঠোৰ  হৈ পৰিছে নিৰ্বাচন আয়োগ। তেলেংগানাত, ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) প্ৰাৰ্থীয়ে  আয়োজন কৰা  এখন সভাত অংশগ্ৰহণ কৰাৰ বাবে ১০৬  গৰাকী চৰকাৰী বিষয়াক  চাকৰিৰ পৰা নিলম্বন  কৰিছে নিৰ্বাচন আয়োগে। প্ৰাৰ্থীজনৰ নাম পি ভেংকটৰাম ৰেড্ডী। তেওঁ এজন প্ৰাক্তন আইএএছ বিষয়া। বিআৰএছে তেওঁক তেলেংগানাৰ মেদক লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভেঙ্কটৰামে দেওবাৰে তেওঁৰ সমষ্টিত এখন দলীয় সভাৰ আয়োজন কৰিছিল। বৈঠকত বহু  চৰকাৰী বিষয়াও উপস্থিত আছিল, যি নিয়ম বিৰোধী। আয়োগে এইবুলি কৈছে যে বিআৰএছ প্ৰাৰ্থীগৰাকীয়ে  বৈঠকৰ বাবে সিদ্ধিপেটৰ সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ পৰা অনুমতিও লোৱা নাছিল।এজন বিজেপি প্ৰাৰ্থীয়ে ভেংকটৰামৰ বিৰুদ্ধে সহকাৰী ৰিটাৰ্ণিং বিষয়া আৰু  বিভাগীয় বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত বিষয়টো পোহৰলৈ আহে। এক বিবৃতিত আয়োগে কয়, "গোটেই বৈঠকখন চিচি কেমেৰাত বন্দী  হৈছিল। এয়া  স্পষ্ট হৈছে যে তাত আদৰ্শ আচৰণ বিধি উলংঘা কৰা হৈছে। ''

ভেঙ্কটৰাম আৰু অন্যান্য বিআৰএছ নেতাসকলৰ বিৰুদ্ধে ইতিমধ্যে 'অনুমতি নোলোৱাকৈ ' সভা আয়োজন কৰাৰ বাবে  অভিযোগ দাখিল কৰা হৈছে। আয়োগে ১০৬ জন চৰকাৰী কৰ্মচাৰীকো নিলম্বন কৰিছে। আয়োগে নিলম্বন কৰা চৰকাৰী বিষয়াসকলৰ এক বৃহৎ অংশ হৈছে সিদ্ধিপেটৰ জিলা গ্ৰামোন্নয়ন সংস্থাৰ (ডিআৰডিএ) কৰ্মচাৰী।তেলেংগানাত লোকসভা নিৰ্বাচন ১৩ মে'ত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ফলাফল ৪ জুনত প্ৰকাশ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement