--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰঙা গ্ৰহ মঙলত পানীৰ অৱস্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে৷ এই দাবী মাৰ্কিন মহাকাশ সংস্থা NASAৰ৷ NASAৰ মতে মঙলৰ গৰ্ভৰ ৬৫ ফুট তলত সম্ভেদ পোৱা গৈছে পানীৰ অৱস্থিতিৰ৷ ৰঙা গ্ৰহটোলৈ ২০২১ বৰ্ষত নাছাই প্ৰেৰণ কৰিছিল এক বিশেষ মহাকাশযান৷ 

যাৰ জৰিয়তে মঙলত অৱতৰণ কৰিছিল নাছাৰ ৰ’ভাৰ পাৰ্চিভাৰেন্সে৷ মঙলগ্ৰহত জীৱৰ অৱস্থিতি সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছিল ৰ’ভাৰখনক৷ কিন্তু জীৱৰ অৱস্থিতি এইমুহূৰ্তলৈ ধৰা পেলাব নোৱাৰিলেও মঙলৰ বুকুত পানীৰ সন্ধান লাভ কৰিলে পাৰ্চিভাৰেন্সে৷ ৰ’ভাৰখনে প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত শেহতীয়াভাৱে নাছাই কৰিলে এই দাবী৷ 

নাছাৰ মতে মঙল গ্ৰহৰ জজিৰ’ ক্ৰেটাৰত চলোৱা ৰ’ভাৰখনৰ পৰীক্ষা-নিৰীক্ষাত ধৰা পৰিছিল এই তথ্য৷ মহাকাশ সংস্থাটোৰ মতে বহু নিযুত বছৰৰ বছৰৰ পূৰ্বে মঙল গ্ৰহৰ উক্ত স্থানত আছিল বৃহৎ হ্ৰদ৷ ইতিমধ্যে ৰ’ভাৰ পাৰ্টিভাৰেন্সে প্ৰেৰণ কৰা ডাটা অনুসৰি উক্ত স্থানত পূৰ্বতে অণুজীৱৰ অৱস্থিতি থকাৰ কথাও সদৰী কৰিছে নাছাই৷ 

আনহাতে এটা সময়ত সৌৰজগতৰ এই ৰঙা গ্ৰহটো বাসোপযোগী আছিল বুলিও দাবী কৰিছে নাছাই৷ ৬ চকাযুক্ত ৰ’ভাৰ পাৰ্চিভাৰেন্সৰ ওজন হৈছে প্ৰায় ১০০০ কেজি৷ ৭ মাহত প্ৰায় ৪৭ কোটি কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰি মঙলগ্ৰহৰ বুকুত সফল আৰু সঠিক ছফটলেণ্ডিং কৰিছিল ৰ’ভাৰখনে৷ 

যাৰ পাছতেই মঙলৰ বুকুত পৰীক্ষণ অব্যাহত ৰাখিছিল যানখনে৷ আৰু অৱশেষত পৃথিৱীবাসীৰ কৌতুহলৰ ওৰ পেলাই মঙলৰ বুকুত পানীৰ অৱস্থিতিৰ সন্ধান পালে মহাকাশযানখনে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ