--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জৈৱ-বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই ভাৰতত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে প্লাষ্টিক আৱৰ্জনা৷ বিগত পাঁচ বছৰত প্লাষ্টিক আৱৰ্জনাৰ উৎপাদন দুগুণতকৈয়ো অধিক বৃদ্ধি পোৱা বুলি নিম্ন সদনত সদৰী কৰিছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই৷ তেওঁ কয়, ভাৰতত বাৰ্ষিক ২১.৮ শতাংশকৈ প্লাষ্টিক আৱৰ্জনা বৃদ্ধি হৈছে৷

মন্ত্ৰীগৰাকীয়ে লগতে পূৰ্বৰ তথ্য উল্লেখ কৰি কয় যে, ২০১৯-২০ বৰ্ষত ৩৪ লাখ টনতকৈয়ো অধিক প্লাষ্টিক আৱৰ্জনা আৰু ২০১৮-১৯ বৰ্ষত ৩০.৫৯ লাখ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হৈছিল। সদনত দাখিল কৰা তথ্য অনুসৰি, বিগত পাঁচ বছৰত দেশত প্লাষ্টিক আৱৰ্জনাৰ পৰিমাণ দুগুণতকৈয়ো অধিক বৃদ্ধি হৈছে, কিয়নো দেশখনে ২০১৫-১৬ বৰ্ষত ১৫.৮৯ লাখ টন প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰিছিল৷ উল্লেখযোগ্য যে, ভাৰতত ২০১৯-২০ বৰ্ষত ৩৪ লাখ টনতকৈয়ো অধিক প্লাষ্টিক আৱৰ্জনা আৰু ২০১৮-১৯ বৰ্ষত ৩০.৫৯ লাখ টন আৱৰ্জনা উৎপন্ন হৈছিল।

কালি সদনত পৰিৱেশ মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্যৰ পাছতে উদ্বিগ্ন হৈ পৰিছে দেশবাসী৷ কিয়নো, মানৱ সভ্যতাৰ প্ৰতি ভাবুকিস্বৰূপ প্লাষ্টিকৰ ক্ৰমবৰ্ধমান পৰিমাণে জনস্বাস্থ্য আৰু জৈৱ-বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন নকৰিলে আগত দিনত যে, ই এক ভয়াৱহ সমস্যা হৈ উঠিব, সেয়া ধূৰুপ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি