--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে (২ মে’) অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত চিবিআইয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে। জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ জল আৰু শক্তি পৰামৰ্শদাতা (ৱাপক’ছ)ৰ প্ৰাক্তন চিএমডি ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত অভিযান চলাই চিবিআইয়ে নগদ ২০ কোটি টকা উদ্ধাৰ কৰিছে।

চিবিআইয়ে জনোৱা মতে, ৰাজেন্দ্ৰ কুমাৰ গুপ্তা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ ৰুজু কৰাৰ পিছত আমি দিল্লী, চণ্ডীগড়, পঞ্চকুলা, গুৰুগ্ৰাম, শোনিপত, গাজিয়াবাদকে ধৰি প্ৰায় ১৯টা স্থানত অভিযান চলাইছিল। এই সময়ছোৱাত নগদ ২০ কোটি টকাৰ উপৰিও সম্পত্তি আৰু অন্যান্য মূল্যৱান সামগ্ৰীৰ সৈতে জড়িত নথি-পত্ৰ জব্দ কৰিছো।

ফটোখনত দেখা গৈছে যে নগদ ধনখিনি ছুটকেছ আৰু বিচনাত ৰখা হৈছিল। অভিযানৰ সময়ত যেতিয়া চিবিআইয়ে তদন্ত কৰে তেতিয়া এই নগদ ধন উদ্ধাৰ কৰে। চিবিআইয়ে কয় যে অধিক তদন্ত চলি আছে আৰু এই ধন ক’ৰ পৰা আহিল বুলি সোধা-পোছা কৰা হৈছে? উল্লেখযোগ্য  যে WAPCOS হৈছে চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ জল শক্তি মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত। ইয়াৰ পূৰ্বে ইয়াক ‘ৱাটাৰ এণ্ড পাৱাৰ কনচালটেন্সি চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেড (ৱাপক’এছ ৱাটাৰ এণ্ড পাৱাৰ কনচালটেন্সি ইণ্ডিয়া) নামেৰে জনা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ