--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংবিধানে দেশবাসীক মত প্ৰকাশৰ অবাধ স্বাধীনতা প্ৰদান কৰিছে, ভাৰতীয় গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাবে বহুতে সংবাদ মাধ্যমকে চিহ্নিত কৰিছে, ইমানৰ পিছতো মত প্ৰকাশৰ ক্ষেত্ৰত কিমান স্বাধীন দেশৰ সংবাদ মাধ্যম? কেৱল বাহিৰত দেখুৱাবলৈয়েই  দেশৰ সংবাদ মাধ্যমক মত প্ৰকাশৰ পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলি কৈ অহা হোৱা নাইতো! 

আপাততঃ আজিৰ দিনটোত তেনেবোৰ প্ৰশ্নই বহতৰে মনত দোলা দিছে৷ ভাতবৰ্ষৰ দৰে বিশাল আয়তনৰ গণতান্ত্ৰিক দেশ খনত সংবাদ মাধ্যমৰ স্বাধীনতা বহু কেইখন সন্ত্ৰাস জৰ্জৰ দেশতকৈও বহু নিমগ্নগামী৷ বিশ্ব প্ৰেছ স্বাধীনতা সূচকত (ডব্লিউপিএ) ভাৰতৰ স্থান এইবেলি  পূৰ্বতকৈও তললৈ নামিছে৷ ২০২২ বৰ্ষত প্ৰেছ স্বাধীনতা সূচকত ভাৰতৰ স্থান আছিল ১৫০৷ ২০২৩ বৰ্ষত সেই স্থানৰ পৰা ভাৰত ওপৰলৈ উধাব বুলি বহুতে আশা কৰা হৈছিল যদিও যোৱা বছৰৰ তুলনাত এইবেলি ভাৰতৰ স্থান বহু তললৈহে গতি কৰিলে৷ 

এক কথাত ক’বলৈ গ’লে ২০২২ বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষত ভাৰতৰ সংবাদ মাধ্যমৰ মত প্ৰকাশৰ স্বাধীনতা ভালেখিনি খৰ্ব হৈছে৷ যাৰ বাবে ২০২২ বৰ্ষত ১৫০ সংখ্যক স্থানত থকা ভাৰত এইবেলি ১৬১ সংখ্যক স্থানলৈ অৱনমিত হৈছে৷ ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰএছএফ)ৰ দ্বাৰা প্ৰকাশিত তালিকাখনত ভাৰতে ১৮০  খন দেশৰ ভিতৰত ১৬১  সংখ্যক স্থানত অৱস্থান কৰাৰ কথাই দেশৰ সংবাদ মাধ্যমৰ স্বাস্থ্য যে মুঠেও ভাল নহয় তাকেই প্ৰতীয়মান কৰিছে৷ উল্লেখ্য  ২০২১  চনত ভাৰত ১৪২ সংখ্যক স্থানত আছিল৷

২০২২ বৰ্শত সেয়া তললৈ নামি  ১৫০ হৈছিল আৰু ২০২৩ বৰ্শত সেয়া ১৬১ হৈছে৷ এই পৰিসংখ্যাই স্পষ্ট কৰি দিছে যে দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতা বছৰ বাগৰাৰ লগে লগে অধিক হাৰত খৰ্ব হৈ আহিছে৷ প্ৰতিবেদন অনুসৰি, সাংবাদিকৰ বিৰুদ্ধে আক্ৰমণৰ ঘটনা ভাৰতত পূৰ্বৰ তুলনাত বহু গুণে বৃদ্ধি পাইছে৷  সাংবাদিকৰ মুখ বহুতে ভয়-ভাবুকিৰে বন্ধ কৰিব বিচাৰিছে বুলিও বহু সময়ত অভিযোগ উঠি আহিছে৷ যিকোনো অজুহাততে সাংবাদিকক ভীতিগ্ৰস্ত কৰাৰ, নানান ধৰণে হাৰাশাস্তি কৰাৰ   অভিযোগ নতুন নহয়৷ এনেবোৰ অভিযোগৰেই যেন প্ৰতিফলন ঘটিছে শেহতীয়াকৈ ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছে প্ৰকাশ কৰা প্ৰতিবেদনত৷

লক্ষণীয় কথাটো হ’ল তালিকাত  পাকিস্তান, নেপাল আৰু শ্ৰীলংকাৰ দৰে চুবুৰীয়া দেশসমূহ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰততকৈ ওপৰত আছে৷  তালিকাত পাকিস্তান ১৫০ নম্বৰত আছে, ৯৫ নম্বৰত আছে নেপাল। শ্ৰীলংকাৰ স্থান  ১৩৫। অৱশ্যে জুণ্টাই শাসন কৰা  ম্যানমাৰৰ স্থান  ১৭৩লৈ  অৱনমিত হৈছে৷ আনহাতে বাংলাদেশৰ স্থান হৈছে  ১৬৩৷ 

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰতত  ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা এজন সাংবাদিকক হত্যা কৰা হৈছে। দহজন সাংবাদিকক কাৰাগাৰলৈ প্ৰেৰণ কৰা  হৈছে। সামগ্ৰিকভাৱে, সংবাদ মাধ্যমৰ  স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতক এখন "অতি বিপজ্জনক" দেশ হিচাবে প্ৰতিবেদন খনত চিহ্নিত কৰা হৈছে। নৰৱে, আয়াৰলেণ্ড আৰু ডেনমাৰ্ক তালিকাৰ শীৰ্ষত আছে। ভিয়েটনাম, চীন আৰু উত্তৰ কোৰিয়া তালিকাৰ একেবাৰে তলৰ পিনে আছে৷  ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে সততে ভাৰতত বাক স্বাধীনতা অক্ষুন্ন আছে বুলি দাবী কৰা সকলৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ হালধি অনুষ্ঠানত হালধি লগাই ICUত ভৰ্তি কইনা
চীনত আমেৰিকান কোম্পানীৰ বাবে সুদিন ; ট্ৰাম্পৰ সৈতে বৈঠকৰ পিছত বাণিজ্যিক যুদ্ধ সমাপ্তিৰ ইংগিত জিনপিঙৰ
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই