--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নহৰু হৈছে ৰন্ধন পকৰণত ব্যৱহৃত সুস্বাদু মছলাৰ এবিধ ৷ ইয়াৰ ইংৰাজী নাম হৈছে Garlic root৷ ইয়াৰ খেতি সাধাৰণতে কম পানী থকা আৰু সাৰুৱা মাটিত ভাল হয়। নহৰু গছৰ ফল বগা ৰঙৰ আৰু কেইবাটাও কোঁহ থাকে। অৱশ্যে এটা কোঁহ থকা নহৰুও আছে। ভাৰতত সংস্কৃতত ৰচনা কৰা বিভিন্ন গ্ৰন্থত আজিৰ পৰা প্ৰায় ৫০০০ বছৰ আগৰ পৰাই নহৰুৰ ঔষধি গুণৰ চৰ্চা আছিল বুলি জনা যায়৷ প্ৰাচীন ইজিপ্তত পিৰামিডৰ ভিতৰত স্থাপিত কৰা মমিৰ সৈতে বীজানুনাশক হিচাবে নহৰু ব্যৱহাৰ কৰা হৈছিল৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কলেৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে নহৰু ব্যৱহৃত হৈছিল৷

ইউৰোপত প্লেগ মহামাৰীৰ সময়ত নহৰুক প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰা হৈছিল৷ নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। খাদ্য সুস্বাদু আৰু সুগন্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণো আছে। ইয়াৰ গুণাগুণসমূহ এনেধৰণৰ- পেটৰ বিষ হ’লে নহৰু পুৰি খালে ই ঔষধৰ দৰে উপকাৰ কৰে৷ প্ৰস্ৰাৱ সমন্ধীয় ৰোগত নহৰু খালে ভাল ফল পোৱা যায়। গৰম গাখীৰৰ লগত নহৰু খালে শুক্ৰ বৃদ্ধি হয়।

খালী পেটত বা খোৱাৰ আগেয়ে ১-২ ফোটা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰিত হয়। গৰুৰ ঘিউৰ লগত দুফোটামান নহৰু খালে বিষ কমে। বমি হ’লে নহৰু খালে উপকাৰ পোৱা যায়। ঘাঁ-ফোহাত নহৰু পিহি লেপ লগালে বিষ কমে। নহৰুৱে হজম বঢ়ায়। সেয়ে অৰুচি হ’লে নহৰু খালে অৰুচি ভাব দূৰ হয়। কোষ্ঠকাঠিন্যৰ বাবেও নহৰু বৰ উপকাৰী। গৰম পানীৰে ২-৩ ফোটামান নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। পেট ফুলিলে ১-২ ফোটা নহৰু কেঁচাই চোবাই খালে পেট ফুলা কমে। বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক'লনৰ কেন্সাৰ, মাল্টিপ'ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে