--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : নহৰু হৈছে ৰন্ধন পকৰণত ব্যৱহৃত সুস্বাদু মছলাৰ এবিধ ৷ ইয়াৰ ইংৰাজী নাম হৈছে Garlic root৷ ইয়াৰ খেতি সাধাৰণতে কম পানী থকা আৰু সাৰুৱা মাটিত ভাল হয়। নহৰু গছৰ ফল বগা ৰঙৰ আৰু কেইবাটাও কোঁহ থাকে। অৱশ্যে এটা কোঁহ থকা নহৰুও আছে। ভাৰতত সংস্কৃতত ৰচনা কৰা বিভিন্ন গ্ৰন্থত আজিৰ পৰা প্ৰায় ৫০০০ বছৰ আগৰ পৰাই নহৰুৰ ঔষধি গুণৰ চৰ্চা আছিল বুলি জনা যায়৷ প্ৰাচীন ইজিপ্তত পিৰামিডৰ ভিতৰত স্থাপিত কৰা মমিৰ সৈতে বীজানুনাশক হিচাবে নহৰু ব্যৱহাৰ কৰা হৈছিল৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কলেৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে নহৰু ব্যৱহৃত হৈছিল৷

ইউৰোপত প্লেগ মহামাৰীৰ সময়ত নহৰুক প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰা হৈছিল৷ নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। খাদ্য সুস্বাদু আৰু সুগন্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণো আছে। ইয়াৰ গুণাগুণসমূহ এনেধৰণৰ- পেটৰ বিষ হ’লে নহৰু পুৰি খালে ই ঔষধৰ দৰে উপকাৰ কৰে৷ প্ৰস্ৰাৱ সমন্ধীয় ৰোগত নহৰু খালে ভাল ফল পোৱা যায়। গৰম গাখীৰৰ লগত নহৰু খালে শুক্ৰ বৃদ্ধি হয়।

খালী পেটত বা খোৱাৰ আগেয়ে ১-২ ফোটা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰিত হয়। গৰুৰ ঘিউৰ লগত দুফোটামান নহৰু খালে বিষ কমে। বমি হ’লে নহৰু খালে উপকাৰ পোৱা যায়। ঘাঁ-ফোহাত নহৰু পিহি লেপ লগালে বিষ কমে। নহৰুৱে হজম বঢ়ায়। সেয়ে অৰুচি হ’লে নহৰু খালে অৰুচি ভাব দূৰ হয়। কোষ্ঠকাঠিন্যৰ বাবেও নহৰু বৰ উপকাৰী। গৰম পানীৰে ২-৩ ফোটামান নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। পেট ফুলিলে ১-২ ফোটা নহৰু কেঁচাই চোবাই খালে পেট ফুলা কমে। বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক'লনৰ কেন্সাৰ, মাল্টিপ'ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement