--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মালালা ইউছুফজা৷ এটা মুক্ত প্ৰতিবাদী কণ্ঠ৷ যাৰ জন্মই হৈছে অন্যায়, অবিচাৰ আৰু শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ৷ ধৰ্মীয় গোড়ামিৰ দেশ পাকিস্তানত জন্ম হৈছিল মালালাৰ ৷ সৰুৰে পৰা তেওঁ ৰাষ্ট্ৰখনৰ বিভিন্ন পক্ষই নাৰীসকলৰ ওপৰত আৰোপ কৰা বাধা-প্ৰতিবন্ধকতাসমূহ স্বচক্ষে দেখি আহিছিল৷

সন্ত্ৰাসবাদীক লালন-পালন কৰা ৰাষ্ট্ৰখনক উগ্ৰবাদী সংগঠনে সৰ্বতোপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰি থাকে৷ যেন ৰাষ্ট্ৰখনৰ প্ৰশাসনযন্ত্ৰ চৰকাৰৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী সংগঠনে পৰিচালিত কৰে৷ পাকিস্তানৰ মুখ্যত সন্ত্ৰাসবাদী সংগঠন অল-কায়দাই এটা সময়ত ৰাষ্ট্ৰখনত অস্ত্ৰ বলেৰে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল৷ সেই সময়ত সন্ত্ৰাসবাদী সংগঠনটোৱে ৰাষ্ট্ৰখনৰ মহিলাসকলৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল, ৰাষ্ট্ৰখনত তেওঁলোকে মহিলাসকলৰ বাবে বোৰ্খা বাধ্যতামূলক কৰাৰ লগতে মহিলাসকলৰ স্কুল-কলেজপৰ্যন্ত বন্ধ কৰি দিছিল আৰু মহিলাসকলৰ ওপৰত চলি থকা এনে অন্যায়ৰ বিৰুদ্ধে মাত মতা একমাত্ৰ নাৰীগৰাকীয়ে আছিল মালালা ইউছুফজা৷

তেওঁ মুকলিকৈ বিভিন্ন ৰাজহুৱা মঞ্চত তালিবানৰ বিৰুদ্ধে মাত মাতি আহিছল৷ কেৱল মহিলাসকলৰ ন্যায়ৰ হকে মাত মতা মালালা ওপৰত সন্ত্ৰাসবাদী সংগঠনৰো দৃষ্টি নিবদ্ধ হৈছিল আৰু তেতিয়াই মালালাৰ ওপৰত খৰ্গহস্ত হৈ তালিবানে মালালাক স্কুললৈ গৈ থাকোঁতে গুলীয়াই হত্যাৰ চেষ্টা কৰে, সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ৷ সৌভাগ্যক্ৰমে মালালাৰ প্ৰাণ ৰক্ষা পৰে যদিও তাৰ পাছতো তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে মাত মাতিবলৈ এৰা নাছিল৷ কেৱল মহিলা শিক্ষা অধিকাৰৰ বাবে মাত মতা মালালাক ২০১৩ বৰ্ষত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল৷ এতিয়া পুনৰ চৰ্চালৈ আহিছে মালালা। জীৱনৰ এটা নতুন অধ্যায়ৰ পাতনি মেলাৰ বাবেই এতিয়া চৰ্চাৰ কেন্দ্ৰলৈ আহিছে সাহসী যুৱতীগৰাকী।

পৰিয়ালৰ সৈতে মালালা ইউছুফজা


নবেল বঁটা বিজয়ী মালালা আবদ্ধ হৈছে বিবাহপাশত। মালালা ইউছুফজায়ে পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ আছাৰ মালিকৰ সৈতে বাৰ্মিংহামৰ তেওঁলোকৰ নিজা বাসগৃহত বিবাহপাশত আবদ্ধ হৈছে৷ তেওঁলোকৰ বিবাহৰ কথা মালালাই টুইটাৰত ৰাজহুৱা কৰিছে৷ টুইটাৰত তেওঁ লিখিছে, ‘আজি মোৰ জীৱনৰ এক মূল্যৱান মুহূৰ্ত। আছাৰ আৰু মই আজি আজীৱন সহযোগী হ'বলৈ বিবাহপাশত আৱদ্ধ হৈছোঁ। আপোনালোকে আমাক আৰ্শীবাদ কৰিব যাতে আমি দুয়োৱে যাতে পৰৱৰ্তী জীৱন ভালদৰে অতিবাহিত কৰিব পাৰোঁ৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ