--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মালালা ইউছুফজা৷ এটা মুক্ত প্ৰতিবাদী কণ্ঠ৷ যাৰ জন্মই হৈছে অন্যায়, অবিচাৰ আৰু শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ৷ ধৰ্মীয় গোড়ামিৰ দেশ পাকিস্তানত জন্ম হৈছিল মালালাৰ ৷ সৰুৰে পৰা তেওঁ ৰাষ্ট্ৰখনৰ বিভিন্ন পক্ষই নাৰীসকলৰ ওপৰত আৰোপ কৰা বাধা-প্ৰতিবন্ধকতাসমূহ স্বচক্ষে দেখি আহিছিল৷

সন্ত্ৰাসবাদীক লালন-পালন কৰা ৰাষ্ট্ৰখনক উগ্ৰবাদী সংগঠনে সৰ্বতোপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰি থাকে৷ যেন ৰাষ্ট্ৰখনৰ প্ৰশাসনযন্ত্ৰ চৰকাৰৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী সংগঠনে পৰিচালিত কৰে৷ পাকিস্তানৰ মুখ্যত সন্ত্ৰাসবাদী সংগঠন অল-কায়দাই এটা সময়ত ৰাষ্ট্ৰখনত অস্ত্ৰ বলেৰে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল৷ সেই সময়ত সন্ত্ৰাসবাদী সংগঠনটোৱে ৰাষ্ট্ৰখনৰ মহিলাসকলৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল, ৰাষ্ট্ৰখনত তেওঁলোকে মহিলাসকলৰ বাবে বোৰ্খা বাধ্যতামূলক কৰাৰ লগতে মহিলাসকলৰ স্কুল-কলেজপৰ্যন্ত বন্ধ কৰি দিছিল আৰু মহিলাসকলৰ ওপৰত চলি থকা এনে অন্যায়ৰ বিৰুদ্ধে মাত মতা একমাত্ৰ নাৰীগৰাকীয়ে আছিল মালালা ইউছুফজা৷

তেওঁ মুকলিকৈ বিভিন্ন ৰাজহুৱা মঞ্চত তালিবানৰ বিৰুদ্ধে মাত মাতি আহিছল৷ কেৱল মহিলাসকলৰ ন্যায়ৰ হকে মাত মতা মালালা ওপৰত সন্ত্ৰাসবাদী সংগঠনৰো দৃষ্টি নিবদ্ধ হৈছিল আৰু তেতিয়াই মালালাৰ ওপৰত খৰ্গহস্ত হৈ তালিবানে মালালাক স্কুললৈ গৈ থাকোঁতে গুলীয়াই হত্যাৰ চেষ্টা কৰে, সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ৷ সৌভাগ্যক্ৰমে মালালাৰ প্ৰাণ ৰক্ষা পৰে যদিও তাৰ পাছতো তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে মাত মাতিবলৈ এৰা নাছিল৷ কেৱল মহিলা শিক্ষা অধিকাৰৰ বাবে মাত মতা মালালাক ২০১৩ বৰ্ষত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল৷ এতিয়া পুনৰ চৰ্চালৈ আহিছে মালালা। জীৱনৰ এটা নতুন অধ্যায়ৰ পাতনি মেলাৰ বাবেই এতিয়া চৰ্চাৰ কেন্দ্ৰলৈ আহিছে সাহসী যুৱতীগৰাকী।

পৰিয়ালৰ সৈতে মালালা ইউছুফজা


নবেল বঁটা বিজয়ী মালালা আবদ্ধ হৈছে বিবাহপাশত। মালালা ইউছুফজায়ে পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ আছাৰ মালিকৰ সৈতে বাৰ্মিংহামৰ তেওঁলোকৰ নিজা বাসগৃহত বিবাহপাশত আবদ্ধ হৈছে৷ তেওঁলোকৰ বিবাহৰ কথা মালালাই টুইটাৰত ৰাজহুৱা কৰিছে৷ টুইটাৰত তেওঁ লিখিছে, ‘আজি মোৰ জীৱনৰ এক মূল্যৱান মুহূৰ্ত। আছাৰ আৰু মই আজি আজীৱন সহযোগী হ'বলৈ বিবাহপাশত আৱদ্ধ হৈছোঁ। আপোনালোকে আমাক আৰ্শীবাদ কৰিব যাতে আমি দুয়োৱে যাতে পৰৱৰ্তী জীৱন ভালদৰে অতিবাহিত কৰিব পাৰোঁ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ