--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জনৰ জগতখনত ২৫ বছৰ সম্পূৰ্ণ কৰিলে কৰণ জোহৰে। অহা সপ্তাহত মুক্তি পাব ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ আৰু গান মুকলি কৰা হৈছে। শেহতীয়াকৈ কৰণে ছবিখনৰ প্ৰচাৰৰ বাবে এক অনুষ্ঠানলৈ যোৱাৰ সময়ত নিজৰ জীৱনৰ এটা ডাঙৰ ভুল ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল। কি ভুল হৈছে?

১৯৯৮ চনত ‘কুচ কুচ হোতা হায়’ ছবিৰ জৰিয়তে কৰ্ণে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জীয়ে। নব্বৈৰ দশকত দৰ্শকে ৰাহুল, অঞ্জলি আৰু টিনাৰ চৰিত্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰিছিল।

অৱশ্যে সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰা সলনি হৈছে। ছবিখনৰ তিনিটা চৰিত্ৰৰ প্ৰেম আৰু বন্ধুত্বৰ সংজ্ঞাটো নতুন প্ৰজন্মৰ দৰ্শকৰ আপত্তিজনক। শেহতীয়াকৈ এক অনুষ্ঠানত এই বিষয়ে কৰণে কয়।

'কুচ কুচ হোতা হায়'ত টিনাৰ মৃত্যুৰ পিছত অঞ্জলিৰ প্ৰেমত পৰে ৰাহুলৰ। তেতিয়ালৈকে সি অঞ্জলিক নিজৰ প্ৰিয় বন্ধুৰ বাহিৰে আন একো নহয় বুলি ভাবিছিল। ইয়াৰ বাহিৰেও ৰাহুলৰ বিশ্বাস আছিল, ‘মানুহে এবাৰেই জীয়াই থকাৰ সুযোগ পায়, এবাৰেই মৃত্যুৰ অভিজ্ঞতা লাভ কৰে, এবাৰেই প্ৰেমত পৰে, আৰু এবাৰেই বিয়া কৰায়’। অৱশ্যে ছবিখনত ৰাহুলে নিজেই নিজৰ চিন্তাধাৰা ভুল বুলি প্ৰমাণ কৰিলে।

এই সন্দৰ্ভত  কৰণে কয়, "মই নিৰ্মাণ কৰা প্ৰথমখন ছবিত ৰাহুলে কৰা সকলো কামেই ভুল আছিল। আজিৰ ল'ৰাবোৰে তেনেকুৱা কৰাটো মই কেতিয়াও নিবিচাৰিম। সেই ছবিখনৰ লিংগ ৰাজনীতি সম্পূৰ্ণ ভুল আছিল।”

কৰণে কি ভুল কৰিছিল? ছবিখনৰ প্ৰথম খণ্ডত কাজোলৰ চৰিত্ৰ অঞ্জলিক ‘পুৰুষসুলভ মহিলা’ হিচাপে দেখুওৱা হৈছিল। টিনাৰ মৃত্যুৰ পিছত যেতিয়া ৰাহুলে অঞ্জলিক লগ পায়, তেতিয়া তাই শাৰী পিন্ধা তথাকথিত ‘ভাৰতীয় মহিলা’। অঞ্জলিয়ে ‘পুৰুষত্ব’ এৰি ‘নাৰীত্ব’ত ভৰি দিব লগা হৈছিল যাতে ৰাহুলে তাইৰ প্ৰেমত পৰে।

ছবিখন মুক্তি পোৱাৰ পিছত সমালোচকৰ মহলত ধুমুহাৰ সৃষ্টি হয়। কৰণে সেই ‘ভুল’টো অনুষ্ঠানটোত স্বীকাৰ কৰিলে নেকি? সেই সন্দৰ্ভত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ