--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু আলিয়া ভাটৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ অহা ২৮ জুলাইত মুক্তি পাব। আনহাতে ইয়াৰ পূৰ্বে বহু চেলিব্ৰিটী আৰু চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোক ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত আছিল।

ইতিমধ্যে ছবিখনক লৈ ব্যাপক চৰ্চা চলিছে আৰু ৰণবীৰ আৰু আলিয়াৰ অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে ছবিখনৰ প্ৰিমিয়াৰত উপনীত হোৱা প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে পাপাৰাজীৰ ওপৰত ইমানেই খং কৰে যে এতিয়া ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আচলতে জয়া বচ্চনেও ছবিখনত কাম কৰিছে আৰু তেওঁ পুত্ৰ অভিষেক বচ্চনৰ সৈতে ছবিৰ প্ৰিমিয়াৰ শ্ব’ চাবলৈ আহিছিল। অভিনেত্ৰীগৰাকীক দেখি বাহিৰত থিয় হৈ থকা পাপাৰাজীয়ে তেওঁৰ নাম চিঞৰিবলৈ ধৰিলে। পাপৰাজীয়ে বাৰে বাৰে ছবি ক্লিক কৰিবলৈ জয়া বচ্চনৰ নাম লৈ আছিল। এই কথাত বিৰক্ত হৈ জয়া বচ্চনে পাপাৰাজীক ক’লে, ‘মই বধিৰ নহয়’।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে জয়া বচ্চনে পাছ পৰি থকা অভিষেকৰ বাবে অপেক্ষা কৰিবলৈ ৰৈ থকাৰ বিপৰীতে ইয়াৰ মাজতে থিয় হৈ থকা পাপাৰাজীসকলে অনবৰতে তেওঁৰ নাম লৈ ফটোৰ বাবে অনুৰোধ কৰা দেখা যায়। ইয়াৰ পিছত জয়া বচ্চনে খঙেৰে কয়, ‘মই বধিৰ নহয়, ভালকৈ শুনিব পাৰো’।কিন্তু ইয়াৰ পিছত অভিষেকেও হাতখন আগবঢ়াই দিয়ে আৰু দুয়ো ছবি ক্লিক নকৰাকৈয়ে দ্ৰুতগতিত আগবাঢ়ি যায়।


আনহাতে এই ছবিখনৰ কথা ক’বলৈ গ’লে অহা ২৮ জুলাইত মুক্তি পাবলৈ গৈ আছে ‘ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানী’। ছবিখনত ৰণবীৰ সিং আৰু আলিয়া ভাটৰ উপৰিও ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী, জয়া বচ্চনৰ দৰে প্ৰবীণ অভিনেতাকো দেখা যাব। অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰটো যথেষ্ট ভাল পাইছে। এনে পৰিস্থিতিত ছবিখনে ছবিগৃহত  কেনে প্ৰদৰ্শন আগবঢ়াই সেয়া লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু