--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু আলিয়া ভাটৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ অহা ২৮ জুলাইত মুক্তি পাব। আনহাতে ইয়াৰ পূৰ্বে বহু চেলিব্ৰিটী আৰু চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোক ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত আছিল।

ইতিমধ্যে ছবিখনক লৈ ব্যাপক চৰ্চা চলিছে আৰু ৰণবীৰ আৰু আলিয়াৰ অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে ছবিখনৰ প্ৰিমিয়াৰত উপনীত হোৱা প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে পাপাৰাজীৰ ওপৰত ইমানেই খং কৰে যে এতিয়া ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আচলতে জয়া বচ্চনেও ছবিখনত কাম কৰিছে আৰু তেওঁ পুত্ৰ অভিষেক বচ্চনৰ সৈতে ছবিৰ প্ৰিমিয়াৰ শ্ব’ চাবলৈ আহিছিল। অভিনেত্ৰীগৰাকীক দেখি বাহিৰত থিয় হৈ থকা পাপাৰাজীয়ে তেওঁৰ নাম চিঞৰিবলৈ ধৰিলে। পাপৰাজীয়ে বাৰে বাৰে ছবি ক্লিক কৰিবলৈ জয়া বচ্চনৰ নাম লৈ আছিল। এই কথাত বিৰক্ত হৈ জয়া বচ্চনে পাপাৰাজীক ক’লে, ‘মই বধিৰ নহয়’।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে জয়া বচ্চনে পাছ পৰি থকা অভিষেকৰ বাবে অপেক্ষা কৰিবলৈ ৰৈ থকাৰ বিপৰীতে ইয়াৰ মাজতে থিয় হৈ থকা পাপাৰাজীসকলে অনবৰতে তেওঁৰ নাম লৈ ফটোৰ বাবে অনুৰোধ কৰা দেখা যায়। ইয়াৰ পিছত জয়া বচ্চনে খঙেৰে কয়, ‘মই বধিৰ নহয়, ভালকৈ শুনিব পাৰো’।কিন্তু ইয়াৰ পিছত অভিষেকেও হাতখন আগবঢ়াই দিয়ে আৰু দুয়ো ছবি ক্লিক নকৰাকৈয়ে দ্ৰুতগতিত আগবাঢ়ি যায়।


আনহাতে এই ছবিখনৰ কথা ক’বলৈ গ’লে অহা ২৮ জুলাইত মুক্তি পাবলৈ গৈ আছে ‘ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানী’। ছবিখনত ৰণবীৰ সিং আৰু আলিয়া ভাটৰ উপৰিও ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী, জয়া বচ্চনৰ দৰে প্ৰবীণ অভিনেতাকো দেখা যাব। অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰটো যথেষ্ট ভাল পাইছে। এনে পৰিস্থিতিত ছবিখনে ছবিগৃহত  কেনে প্ৰদৰ্শন আগবঢ়াই সেয়া লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ