--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট পিতৃ-মাতৃ হৈছে৷ এয়া তাৰকা দুগৰাকীৰ অনুৰাগীৰ বাবে এক ডাঙৰ আৰু আনন্দৰ খবৰ আছিল৷ বিয়াৰ  কেইমাহমানৰ ভিতৰতে তেওঁলোকে পিতৃ-মাতৃ হোৱাৰ শুভবাৰ্ত্তাও দিছিল। আলিয়াই এটা কন্যা সন্তান জন্ম দিছিল। তেওঁলোকে তেওঁলোকৰ কন্যাৰ নাম ৰাখিছে ৰাহা কাপুৰ ।

আলিয়া যোৱা নৱেম্বৰ মাহত মাতৃ হৈছিল। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে তেওঁৰ কন্যাৰ কোনো ফটো ৰজহুৱা কৰা   নাই।   আলিয়াই এতিয়ালৈকে তেওঁৰ  কন্যাৰ মুখ খন কতোৱেই দেখুওৱা নাই। ইয়াৰ মাজতে এখন ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবি খনত দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে এটা কেঁচুৱাক স্তন্যপান কৰোৱাই আছে।
ছ'চিয়েল মিডিয়াত ভাইৰেল ছবিখনকলৈ বহুতে আনন্দ প্ৰকাশ কৰিছে৷ কিয়নো আলিয়াৰ কন্যাৰ ছবি এবাৰেই প্ৰথম প্ৰকাশ পাইছে৷ কিন্তু শেহতীয়াকৈ  আলিয়াৰ ঘনিষ্ঠমহলে কৈছে যে অভিনেত্ৰীগৰাকীয়ে  কেঁচুৱাক স্তন্যপান কৰোৱাৰ  কোনো ছবি শ্বেয়াৰ কৰা নাই।  ছবিখনত  অভিনেত্ৰীগৰাকীৰ মুখখন সম্পাদনা কৰি লগাই দিয়া  হৈছে। সেই সম্পাদিত ছবিখনেই ছ’চিয়েল মিডিয়াত  বিয়পি পৰিছে।

ইয়াৰ আগতে চৰ্চা চলিছিল  যে কাপুৰ পৰিয়ালৰ খ্ৰীষ্টমাছৰ মধ্যাহ্নভোজনৰ অনুষ্ঠানত  কন্যা ৰাহা কাপুৰ প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ আত্মপ্ৰকাশ কৰিব৷  প্ৰতি বছৰে এই সময়ত গোটেই কাপুৰ পৰিয়ালে একেলগ হৈ এসাজ খায়৷  এনে সময়তে ভাইৰেল হৈ পৰা ছবি খনে বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য