--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট পিতৃ-মাতৃ হৈছে৷ এয়া তাৰকা দুগৰাকীৰ অনুৰাগীৰ বাবে এক ডাঙৰ আৰু আনন্দৰ খবৰ আছিল৷ বিয়াৰ  কেইমাহমানৰ ভিতৰতে তেওঁলোকে পিতৃ-মাতৃ হোৱাৰ শুভবাৰ্ত্তাও দিছিল। আলিয়াই এটা কন্যা সন্তান জন্ম দিছিল। তেওঁলোকে তেওঁলোকৰ কন্যাৰ নাম ৰাখিছে ৰাহা কাপুৰ ।

আলিয়া যোৱা নৱেম্বৰ মাহত মাতৃ হৈছিল। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে তেওঁৰ কন্যাৰ কোনো ফটো ৰজহুৱা কৰা   নাই।   আলিয়াই এতিয়ালৈকে তেওঁৰ  কন্যাৰ মুখ খন কতোৱেই দেখুওৱা নাই। ইয়াৰ মাজতে এখন ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবি খনত দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে এটা কেঁচুৱাক স্তন্যপান কৰোৱাই আছে।
ছ'চিয়েল মিডিয়াত ভাইৰেল ছবিখনকলৈ বহুতে আনন্দ প্ৰকাশ কৰিছে৷ কিয়নো আলিয়াৰ কন্যাৰ ছবি এবাৰেই প্ৰথম প্ৰকাশ পাইছে৷ কিন্তু শেহতীয়াকৈ  আলিয়াৰ ঘনিষ্ঠমহলে কৈছে যে অভিনেত্ৰীগৰাকীয়ে  কেঁচুৱাক স্তন্যপান কৰোৱাৰ  কোনো ছবি শ্বেয়াৰ কৰা নাই।  ছবিখনত  অভিনেত্ৰীগৰাকীৰ মুখখন সম্পাদনা কৰি লগাই দিয়া  হৈছে। সেই সম্পাদিত ছবিখনেই ছ’চিয়েল মিডিয়াত  বিয়পি পৰিছে।

ইয়াৰ আগতে চৰ্চা চলিছিল  যে কাপুৰ পৰিয়ালৰ খ্ৰীষ্টমাছৰ মধ্যাহ্নভোজনৰ অনুষ্ঠানত  কন্যা ৰাহা কাপুৰ প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ আত্মপ্ৰকাশ কৰিব৷  প্ৰতি বছৰে এই সময়ত গোটেই কাপুৰ পৰিয়ালে একেলগ হৈ এসাজ খায়৷  এনে সময়তে ভাইৰেল হৈ পৰা ছবি খনে বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক