--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাষ্টিং কাউচ অভিনয় উদ্যোগটোৰ এক ডাঙৰ অভিশাপ। বহু অভিনেতা-অভিনেত্ৰীয়ে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰৰ আৰম্ভণিতে ইয়াৰ সন্মুখীন হয়। এগৰাকী অভিনেত্ৰীয়ে শেহতীয়াকৈ মুকলি কৰিছে নিজৰ যন্ত্ৰণাৰ কথা। অভিনয় ক্ষেত্ৰখনত সংগ্ৰাম কৰি থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে ঘৰৰ ভাড়া দিবলৈ ফ্লেট মালিকৰ ওচৰলৈ গৈছিল। ভাড়া দিবলৈ গৈ তেওঁ স্তম্ভিত হৈ পৰিছিল। ভাড়াৰ বিনিময়ত ঘৰৰ মালিকে তেওঁৰ পৰা বিচাৰিছিল যৌন সম্পৰ্ক। 
Tejaswini Pandit urges fans to 'report' pages stealing designs of her  clothing brand | Regional Indian Cinema
অভিনেত্ৰীগৰাকী কোন জানো আহক। তেওঁৰ নাম তেজস্বিনী পণ্ডিত। তেজস্বিনীয়ে বলীউডত কাম নকৰে যদিও মাৰাঠী ছবি উদ্যোগত তেওঁৰ আছে ডাঙৰ নাম। মাৰাঠী ছবি উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তেজস্বিনী পণ্ডিত।
Tejaswini Pandit Flaunts A 'Rare' Barcode Tattoo, Fans Wonder What Scanning  It Will Lead To? - Zee5 News
তেজস্বিনীয়ে কয় যে এই ঘটনাটো ২০০৯-২০১০ চনৰ যেতিয়া তেওঁ সংগ্ৰাম কৰি আছিল আৰু এটা এপাৰ্টমেণ্টত ভাড়াত থাকিছিল। সেই এপাৰ্টমেণ্টটোৰ ভাড়া দিবলৈ মালিকৰ ওচৰলৈ গৈছিল। মালিকে তেতিয়া তেজস্বিনীক কৈছিল-''তুমি মোক ভাড়া দিব নালাগে, তুমি মোৰ লগত যৌন সম্পৰ্ক কৰা, তোমাৰ পইচা বাচি যাব।''  
Tejaswini Pandit On Being Questioned Over Bold Roles: Audience Won't Get  Offended By Non-Marathi Actors - Filmibeat
এই কথা শুনি খঙত তেজস্বিনীৰ তেজ উতলি উঠিছিল। তেওঁ লগে লগে সন্মুখৰ টেবুলত ৰখা পানীৰ গিলাচটো তুলি লৈ চিধাই মালিকৰ মুখলৈ দলিয়াই ওলাই আহিছিল। তেজস্বিনী পণ্ডিতে এই সন্দৰ্ভত কয় যে নাৰী বা পুৰুষ সকলোৱে কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। এনে পৰিস্থিতি নিজে হেন্দেল কৰিব লাগে আৰু কেতিয়াও এনেকুৱা জালত ভৰি দিব নালাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক