--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাষ্টিং কাউচ অভিনয় উদ্যোগটোৰ এক ডাঙৰ অভিশাপ। বহু অভিনেতা-অভিনেত্ৰীয়ে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰৰ আৰম্ভণিতে ইয়াৰ সন্মুখীন হয়। এগৰাকী অভিনেত্ৰীয়ে শেহতীয়াকৈ মুকলি কৰিছে নিজৰ যন্ত্ৰণাৰ কথা। অভিনয় ক্ষেত্ৰখনত সংগ্ৰাম কৰি থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে ঘৰৰ ভাড়া দিবলৈ ফ্লেট মালিকৰ ওচৰলৈ গৈছিল। ভাড়া দিবলৈ গৈ তেওঁ স্তম্ভিত হৈ পৰিছিল। ভাড়াৰ বিনিময়ত ঘৰৰ মালিকে তেওঁৰ পৰা বিচাৰিছিল যৌন সম্পৰ্ক। 
Tejaswini Pandit urges fans to 'report' pages stealing designs of her  clothing brand | Regional Indian Cinema
অভিনেত্ৰীগৰাকী কোন জানো আহক। তেওঁৰ নাম তেজস্বিনী পণ্ডিত। তেজস্বিনীয়ে বলীউডত কাম নকৰে যদিও মাৰাঠী ছবি উদ্যোগত তেওঁৰ আছে ডাঙৰ নাম। মাৰাঠী ছবি উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তেজস্বিনী পণ্ডিত।
Tejaswini Pandit Flaunts A 'Rare' Barcode Tattoo, Fans Wonder What Scanning  It Will Lead To? - Zee5 News
তেজস্বিনীয়ে কয় যে এই ঘটনাটো ২০০৯-২০১০ চনৰ যেতিয়া তেওঁ সংগ্ৰাম কৰি আছিল আৰু এটা এপাৰ্টমেণ্টত ভাড়াত থাকিছিল। সেই এপাৰ্টমেণ্টটোৰ ভাড়া দিবলৈ মালিকৰ ওচৰলৈ গৈছিল। মালিকে তেতিয়া তেজস্বিনীক কৈছিল-''তুমি মোক ভাড়া দিব নালাগে, তুমি মোৰ লগত যৌন সম্পৰ্ক কৰা, তোমাৰ পইচা বাচি যাব।''  
Tejaswini Pandit On Being Questioned Over Bold Roles: Audience Won't Get  Offended By Non-Marathi Actors - Filmibeat
এই কথা শুনি খঙত তেজস্বিনীৰ তেজ উতলি উঠিছিল। তেওঁ লগে লগে সন্মুখৰ টেবুলত ৰখা পানীৰ গিলাচটো তুলি লৈ চিধাই মালিকৰ মুখলৈ দলিয়াই ওলাই আহিছিল। তেজস্বিনী পণ্ডিতে এই সন্দৰ্ভত কয় যে নাৰী বা পুৰুষ সকলোৱে কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। এনে পৰিস্থিতি নিজে হেন্দেল কৰিব লাগে আৰু কেতিয়াও এনেকুৱা জালত ভৰি দিব নালাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য